এবিগেইল এলিয়ট (ইংৰাজী ভাষা: Abby Elliott; জন্ম: ১৬ জুন, ১৯৮৭) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী আৰু ধেমেলীয়া অভিনেতা। তেওঁ ২০০৮ চনৰপৰা ২০১২ চনলৈ এনবিচিৰ স্কেটচ কমেডী ধাৰাবাহিক চেটাৰডে নাইট লাইভৰ এগৰাকী শিল্পী আছিল। ইয়াৰ উপৰি তেওঁ ব্ৰাভো কমেডী অড মম আউট, এনবিচিৰ চিটকম ইনডেটেড আৰু এফএক্স/হুলুৰ কমেডী ড্ৰামা দ্য বিয়েৰত অভিনয় কৰিছে। তেওঁ অভিনেতা তথা ধেমেলীয়া অভিনেতা খ্ৰীষ্ট এলিয়টৰ কন্যা আৰু ব্ৰাইডি এলিয়টৰ ভগ্নী।
প্ৰাৰম্ভিক জীৱন
এলিয়টৰ জন্ম হৈছিল ১৯৮৭ চনৰ ১৬ জুনত নিউয়ৰ্ক চিটিত। তেওঁ পৰিয়ালৰ দুটি সন্তানৰ ভিতৰত জ্যেষ্ঠ।১ তেওঁ টেলেণ্ট ক’অৰ্ডিনেটৰ পলা নিডাৰ্ট আৰু অভিনেতা তথা ধেমেলীয়া অভিনেতা খ্ৰীষ্ট এলিয়টৰ কন্যা। তেওঁৰ ককাক আছিল ৰেডিঅ’ৰ ধেমেলীয়া অভিনেতা বব এলিয়ট।২ তেওঁৰ কনিষ্ঠ ভগ্নী হ’ল অভিনেত্ৰী ব্ৰাইডি এলিয়ট; তেওঁলোক দুয়ো কানেকটিকাটৰ উইল্টনত ডাঙৰ-দীঘল হৈছিল।১ তেওঁ কানেকটিকাটৰ ডানবেৰীৰ ইমাকুলেট হাইস্কুলত পঢ়িছিল আৰু তাত স্কুলীয়া নাটক তথা সংগীতানুষ্ঠানত অভিনয় কৰিছিল। ২০০৫ চনত ইমাকুলেট হাইস্কুলৰপৰা স্নাতক হোৱাৰ পিছত তেওঁ নিউয়ৰ্ক চিটিৰ মেৰিমাউণ্ট মানহাটন কলেজত ভৰ্তি হয়, কিন্তু প্ৰথম ষাণ্মাসিকৰ সময়তে কলেজ ত্যাগ কৰে।২
ব্যক্তিগত জীৱন
২০১০ চনৰপৰা ২০১১ চনলৈ এলিয়টে চেটাৰডে নাইট লাইভৰ সতীৰ্থ শিল্পী ফ্ৰেড আৰ্মিচেনৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল।৩
২০১৬ চনৰ ৩ ছেপ্টেম্বৰত এলিয়টে টেলিভিছন লেখক বিল কেনেডীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৪ তেও'লোকৰ এজনী কন্যা সন্তান ইডিথ পেপাৰ কেনেডী৫ আৰু এজন পুত্ৰ সন্তান উইলিয়াম 'বিলি' যোচেফ লুনী কেনেডী চতুৰ্থ আছে।৬
তথ্যসূত্ৰ
- ↑ (June 16, 2014). Happy Birthday To Wilton's Abigail 'Abby' Elliott. Wilton Daily Voice
- ↑ Zuckerman, Ed. (November 11, 2009). A Professionally Funny Family. The New York Times
- ↑ Derschowitz, Jessica. (September 28, 2011). "Saturday Night Live" stars Fred Armisen and Abby Elliot split. CBS News
- ↑ (January 26, 2016). Abby Elliott Shares "Beautiful" Proposal Story. The Knot
- ↑ Cardoza, Riley. (October 23, 2020). SNL's Abby Elliott Gives Birth, Welcomes 1st Child With Husband Bill Kennedy After IVF. Us Weekly
- ↑ Khalifeh, Mona. (June 12, 2023). S'SNL' Alum Abby Elliott Welcomes Baby No. 2 With Husband Bill Kennedy. Entertainment Tonight
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এবি এলিয়ট” প্ৰবন্ধৰ সংশোধন ৫৯০৮৬৩ (২০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।