অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এডিথ হেলেন পল

এডিথ হেলেন পল (Edith Helen Paull; ১৪ জানুৱাৰী ১৯০২ – ১৯৭৫) ভাৰতীয় ৰেড ক্ৰছ ছ’চাইটিৰ সৈতে জড়িত উত্তৰ প্ৰদেশৰ এগৰাকী ভাৰতীয় চিকিৎসা নাৰ্ছ আছিল।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৭৪ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

এডিথ হেলেন পল (Edith Helen Paull; ১৪ জানুৱাৰী ১৯০২ – ১৯৭৫) ভাৰতীয় ৰেড ক্ৰছ ছ’চাইটিৰ সৈতে জড়িত উত্তৰ প্ৰদেশৰ এগৰাকী ভাৰতীয় চিকিৎসা নাৰ্ছ আছিল।১২

জীৱন

তেওঁ লণ্ডনৰ বেডফোৰ্ড কলেজত ফ্লৰেন্স নাইটিংগেলৰ বৃত্তিৰ সহায়ত নাৰ্চিং অধ্যয়ন কৰি ১৯২৮ চনত কেৰিয়াৰ আৰম্ভ কৰে।৩ নতুন দিল্লীৰ লেডী হাৰ্ডিং মেডিকেল কলেজ হাস্পতাল, এলাহাবাদৰ চৰকাৰী অসামৰিক চিকিৎসালয়, মুম্বাইৰ গোকুলদাস তেজপাল হাস্পতাল আৰু পুনেৰ জেহাংগীৰ হাস্পতালত নাৰ্চিং মেট্ৰনৰ পদত অধিষ্ঠিত হৈ ছবছৰ ধৰি দ্য ট্ৰেইনড নাৰ্ছ এছ’চিয়েচন অৱ ইণ্ডিয়াৰ সভাপতিত্ব কৰিছিল।৩ ১৯৬৪ চনত ফ্লোৰেন্স নাইটিঙেল পদক বিজয়ী, ১৯৬৭ চনত ভাৰত চৰকাৰৰ তৰফৰ পৰা সমাজলৈ‍ আগবঢ়োৱা অৱদানৰ বাবে দেশৰ চতুৰ্থ সৰ্বোচ্চ ভাৰতীয় অসামৰিক সন্মান পদ্মশ্ৰীৰে তেওঁক সন্মানিত কৰা হৈছিল।৩৪

তথ্যসূত্ৰ

  1. ↑ (August 1975). A warm tribute to late Miss Edith Helen Paull. Nurs J India. পৃ. 184
  2. ↑ Korah M. (June 1975). Reminiscence of a friend whose demise has left a void (Miss Edith Helen Paull). Nurs J India. পৃ. 126
  3. ↑ (1964). International Red Cross. International Red Cross
  4. ↑ (2015). Padma Shri. Padma Shri

সম্পৰ্কিত শ্ৰেণী

বিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এডিথ হেলেন পল” প্ৰবন্ধৰ সংশোধন ৬২৪১৮৬ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।