অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এছ নৰ্মদা

এছ নৰ্মদা ( S. Narmada; ২২ ছেপ্টেম্বৰ ১৯৪২ – ৩০ মাৰ্চ ২০০৭) জনপ্ৰিয়ভাৱে তেওঁ গুৰু নৰ্মদা নামেৰে পৰিচিত। নৰ্মদা কৰ্ণাটকৰ এগৰাকী ভাৰতনাট্যমৰ প্ৰতিপাদক আৰু গুৰু আছিল।

হালনাগাদ: ১৯ মাৰ্চ ২০২৫ ১৪৫ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

এছ নৰ্মদা ( S. Narmada; ২২ ছেপ্টেম্বৰ ১৯৪২ – ৩০ মাৰ্চ ২০০৭) জনপ্ৰিয়ভাৱে তেওঁ গুৰু নৰ্মদা নামেৰে পৰিচিত। নৰ্মদা কৰ্ণাটকৰ এগৰাকী ভাৰতনাট্যমৰ প্ৰতিপাদক আৰু গুৰু আছিল। তেওঁ সংগীত নাটক একাডেমী বঁটা, কৰ্ণাটক সংগীত নৃত্য একাডেমী বঁটা, ৰাজ্যোৎসৱ প্ৰশস্তি আৰু শান্তলা নাট্যশ্ৰী বঁটাকে১ ধৰি কেইবাটাও বঁটাৰে সন্মানিত হৈছে।

জীৱনী

১৯৪২ চনৰ ২২ ছেপ্টেম্বৰত কৰ্ণাটকৰ বাংগালুৰুত এছ নৰ্মাদাই জন্মগ্ৰহণ কৰিছিল। তেওঁ ভি.এছ.কৌশিকৰ পৰা নৃত্যৰ বুনিয়াদী প্ৰশিক্ষণ লাভ কৰে। কে পি কিট্টপ্পা পিল্লাইৰ এগৰাকী বিশিষ্ট শিষ্যা হিচাপে তেওঁ দুটা দশকৰো অধিক সময় তেওঁৰ তত্বাৱধানত ভৰতনাট্যমৰ তাঞ্জাৱুৰ শৈলীৰ অনুশীলন কৰিছিল।২

ভাৰতনাট্যমৰ এগৰাকী উৎকৃষ্ট গুৰু নৰ্মদাই ১৯৭৮ চনত বাংগালুৰুত মাতৃৰ স্মৃতিত শকুন্তলা নৃত্য বিদ্যালয় আৰম্ভ কৰিছিল, য’ত বহুতো ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত নৃত্যশিল্পীক প্ৰশিক্ষণ দিছে। তেওঁৰ শিষ্যসকলৰ ভিতৰত লক্ষ্মী গোপালস্বামী, মঞ্জু ভাৰ্গৱী, সত্যনাৰায়ণ ৰাজু, নিৰুপমা ৰাজেন্দ্ৰ, মালতী আয়েংগাৰ, প্ৰবীণ আৰু অনুৰাধা বিক্ৰান্ত আছে।৩

২০০৭ চনৰ ৩০ মাৰ্চত বাংগালুৰুত হৃদৰোগত আক্ৰান্ত হৈ ৬৪ বছৰ বয়সত নৰ্মদাৰ মৃত্যু হয়।৪

সন্মান

তথ্যসূত্ৰ

  1. ↑ Karnataka Government. www.karnataka.gov.in
  2. ↑ Profiles - Guru Narmada is no more. narthaki.com
  3. ↑ Dance guru Narmada passes away in Bangalore. www.kutcheribuzz.com
  4. ↑ S.Narmada. Sangeet Natak Akademi

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নৃত্যশিল্পীসংগীত নাটক একাডেমী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এছ নৰ্মদা” প্ৰবন্ধৰ সংশোধন ৪৯৩৯৮৬ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।