অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উষা চৌধুৰী

উষা প্ৰকাশ চৌধুৰী (Usha Prakash Choudhari; জন্ম: ১৯৪২) এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ৷তেওঁ দুবাৰকৈ আমৰাৱতীৰ সাংসদ হৈছিল। তেওঁ লিখা প্ৰায় শতাধিক কবিতা প্ৰকাশ পাইছে।

হালনাগাদ: ৯ ফেব্ৰুৱাৰী ২০২৫ ১১৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

উষা প্ৰকাশ চৌধুৰী (Usha Prakash Choudhari; জন্ম: ১৯৪২) এগৰাকী ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ৷তেওঁ দুবাৰকৈ আমৰাৱতীৰ সাংসদ হৈছিল। তেওঁ লিখা প্ৰায় শতাধিক কবিতা প্ৰকাশ পাইছে।

প্ৰাথমিক জীৱন

১৯৪২ চনৰ ২২ ফেব্ৰুৱাৰীত অমৰাৱতীত জন্মগ্ৰহণ কৰা উষাই স্কুলীয়া শিক্ষা সমাপ্ত কৰি শ্ৰী শিৱাজী শিক্ষা মহাবিদ্যালয়ত পঢ়িছিল। তেওঁ কলা আৰু শিক্ষাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।১

কেৰিয়াৰ

১৯৭৫ চনত আমৰাৱতী জিলা মেনিলা সমবায় বেংকৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা চৌধুৰীয়ে ১৯৮০ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে অমৰাৱতী পৰা ভাৰতীয় সাধাৰণ নিৰ্বাচনত জয়লাভ কৰে। লোকসভাত প্ৰথম কাৰ্যকালত তেওঁ চৰকাৰী নিশ্চয়তা সমিতি (১৯৮০–৮২) আৰু অনুমান সমিতি (১৯৮২–৮৪)ত কাৰ্যনিৰ্বাহ কৰিছিল।১

কলকাতাৰ বিশ্ব উন্নয়ন সংসদ প্ৰতিষ্ঠানে ১৯৮৪ চনত ভাৰত সমাজ উন্নয়ন ৰত্ন উপাধিৰে তেওঁক সন্মানিত কৰে। একে বছৰতে তেওঁ পুনৰ লোকসভালৈ নিৰ্বাচিত হয়।১ কিন্তু ১৯৮৯ চনৰ নিৰ্বাচনত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সুদম দেশমুখৰ হাতত তেওঁ পৰাস্ত হয়।২ চৌধুৰী এগৰাকী কবিও৷ তেওঁৰ প্ৰায় শতাধিক কবিতা বিভিন্ন সাময়িকীত প্ৰকাশ পাইছে।১

ব্যক্তিগত জীৱন

১৯৫৯ চনৰ জানুৱাৰী মাহত তেওঁ শ্ৰী প্ৰকাশ চৌধুৰীক বিয়া কৰায়৷ তেওঁলোকৰ চাৰিটা সন্তান জন্ম হয়।১

তথ্যসূত্ৰ

  1. ↑ Members Bioprofile: Choudhari, Shrimati Usha. লোকসভা
  2. ↑ Amravati Partywise Comparison. ভাৰতৰ নিৰ্বাচন আয়োগ

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উষা চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৪৭৩৯৫৫ (৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।