অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উষা বৰঠাকুৰ

ঊষা বৰঠাকুৰ ( Usha Barthakur) কুৰি শতিকাৰ প্ৰাৰম্ভতে জন্ম গ্ৰহণ কৰা এগৰাকী কংগ্ৰেছ কৰ্মী আৰু স্বাধীন ভাৰতত দুবাৰো ৰাজ্যৰ বিধান সভাৰ সদস্য পদ পোৱাৰ লগতে ৰাজ্যসভাৰো সদস্য পদ লাভ কৰিছিল৷ তেওঁ অসমৰ প্ৰথম মহিলা বিধায়ক আৰু প্ৰথম মহিলা মন্ত্ৰী।

হালনাগাদ: ৫ এপ্ৰিল ২০২৬ ১৩৬ শব্দ · ১ মিনিট সংগৃহীত ৪৩
সংশোধনৰ পৰামৰ্শ

ঊষা বৰঠাকুৰ ( Usha Barthakur) কুৰি শতিকাৰ প্ৰাৰম্ভতে জন্ম গ্ৰহণ কৰা এগৰাকী কংগ্ৰেছ কৰ্মী আৰু স্বাধীন ভাৰতত দুবাৰো ৰাজ্যৰ বিধান সভাৰ সদস্য পদ পোৱাৰ লগতে ৰাজ্যসভাৰো সদস্য পদ লাভ কৰিছিল৷ তেওঁ অসমৰ প্ৰথম মহিলা বিধায়ক আৰু প্ৰথম মহিলা মন্ত্ৰী।

পৰিয়াল আৰু শিক্ষা

ঊষা বৰঠাকুৰৰ পিতৃৰ নাম লক্ষ্মীপ্ৰসাদ বৰুৱা আৰু মাতৃৰ নাম লক্ষ্মীপ্ৰিয়া৷ ঊষা বৰঠাকুৰে মাত্ৰ বাৰ বছৰ বয়সতে বিয়া কৰাইছিল৷ স্বামী আছিল চন্দ্ৰনাথ৷১ ঊষা বৰঠাকুৰে ১৯৩৫ চনত প্ৰাইভেটকৈ পৰীক্ষা দি প্ৰৱেশিকা উত্তীৰ্ণ হয়৷ ইয়াৰ পিছত ১৯৪২ চনত বি,এ আৰু ১৯৪৮ চনত বি,টি পাছ কৰে৷ তেওঁ নিজৰ উদ্যোগত নগাঁৱত এখন এম, ভি স্কুল প্ৰতিষ্ঠা কৰি পিছলৈ ১৯৪০ চনত স্কুলখন হাইস্কুল পৰ্যায়লৈ উত্তীৰ্ণ কৰিছিল৷১

ৰাজনৈতিক জীৱন

ঊষা বৰঠাকুৰে চন্দ্ৰপ্ৰভা শইকীয়ানীৰ সান্নিধ্যত ৰাজনীতিত সোমাই পৰে৷ ১৯২৬ চনত গঠিত “অসম প্ৰাদেশিক মহিলা সমিতি’’ৰ নগাঁও শাখাৰ সম্পাদিকা আছিল বৰঠাকুৰ৷ কংগ্ৰেছ কৰ্মী হিচাপে তেওঁ আন্দোলনৰ কামত সক্ৰিয় হৈ পৰিছিল৷ স্বাধীনোত্তৰ কালত তেওঁ ১৯৭৫-৭৭ৰ কালছোৱাত নগাঁও জিলা কংগ্ৰেছৰ সভাপতি আছিল৷ ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ১৯৫২ আৰু ১৯৫৭ চনত তেওঁ দুবাৰ কংগ্ৰেছ প্ৰাৰ্থী হৈ বিধায়ক নিৰ্বাচিত হয়৷ ১৯৫২ চনত তেওঁ অসম চৰকাৰৰ একমাত্ৰ মহিলা বিধায়ক আৰু উপ-মন্ত্ৰী আছিল। তেওঁ অসমৰ চামগুৰি সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।২ ১৯৬৬ চনত তেওঁ কংগ্ৰেছ দলৰ হৈ ৰাজ্যসভাৰ সাংসদ পদ লাভ কৰি ১৯৭২ চনৰ ২ এপ্ৰিললৈ কৰ্মৰত আছিল৷২ তেওঁ এগৰাকী লেখিকাও আছিল আৰু তিনিখন গ্ৰন্থ ৰচনা কৰিছিল বুলি জনা যায়৷১২

মৃত্যু

উষা বৰঠাকুৰৰ ১৯৯৩ চনৰ ২৮ আগষ্টত মৃত্যু হয়।২

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ. (২০১৮). জীৱনী অভিধান. বনলতা. পৃ. ১৪৭. ISBN 978-81-7339-428-7
  2. ↑ চৌধুৰী, জিতেন্দ্ৰ কুমাৰ. (২০২৬). অসম বিধান সভাত মহিলা প্ৰতিনিধি. দৈনিক অসম দেওবৰীয়া চ’ৰা. পৃ. ১

সম্পৰ্কিত শ্ৰেণী

অসমভাৰতৰ স্বাধীনতা সংগ্ৰামী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উষা বৰঠাকুৰ” প্ৰবন্ধৰ সংশোধন ৬০০০৩৭ (৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।