উষা মীনা (: Usha Mena; জন্ম: ১ জুলাই ১৯৪৯) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতৰ ৰাজস্থান ৰাজ্যৰ সাৱাই মাধোপুৰ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা সংসদ সদস্য।১২
প্ৰাৰম্ভিক জীৱন
তেওঁ ১৯৪৯ চনৰ ১ জুলাইত ৰাজস্থানৰ আলৱাৰত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ প্ৰয়াত কেপ্তেইন চুত্তন লাল মীনা, যি প্ৰাক্তন সংসদ সদস্য (কংগ্ৰেছ) আছিল।
ব্যক্তিগত জীৱন
তেওঁ ধৰ্ম সিং মীনা (আই এ এছ)ক বিয়া কৰাইছিল আৰু তেওঁলোকৰ দুজন পুত্ৰ আৰু এগৰাকী কন্যা আছে।১
কৰ্ম জীৱন
উষাই জয়পুৰৰ ৰাজস্থান বিশ্ববিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৯৬ চনত প্ৰথমবাৰৰ বাবে একাদশ লোকসভালৈ নিৰ্বাচিত হোৱা উষা মীনাই ১৯৯৭ চনলৈকে বহুকেইটা পদত কাৰ্য্য নিৰ্বাহ কৰিছিলঃ
- সদস্য, উদ্যোগ সমিতি
- সদস্য, পৰামৰ্শদাতা সমিতি, জলসম্পদ মন্ত্ৰালয়
১৯৯৮ চনত পুনৰ দ্বাদশ লোকসভালৈ নিৰ্বাচিত হয় আৰু কাৰ্যনিৰ্বাহ কৰে আৰু নিম্ন লিখিত পদত কাৰ্য্য নিৰ্বাহ কৰেঃ
- সদস্য, কৃষি সমিতি
- সদস্য, পৰামৰ্শদাতা সমিতি, জলসম্পদ মন্ত্ৰালয়
১৯৯৮–৯৯ চনৰ ভিতৰত হিন্দী শিক্ষা সমিতিৰ সদস্যও আছিল।১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উষা মীনা” প্ৰবন্ধৰ সংশোধন ৫০১৭২৫ (৩ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।