ঋতিকা হুডা (ইংৰাজী: Reetika Hooda) হাৰিয়ানাৰ এগৰাকী ভাৰতীয় ফ্ৰীষ্টাইল মল্লযুঁজাৰু।১
প্ৰাৰম্ভিক জীৱন
হাৰিয়ানাৰ ৰোহটক জিলাত ঋতিকা হুডাৰ জন্ম হৈছিল। তেওঁৰ পিতৃ জগবীৰ সিং এজন কৃষক আৰু মাতৃ নীলম এগৰাকী গৃহিণী।২
কেৰিয়াৰ
২০২৩ চনত ইজিপ্তত অনুষ্ঠিত হোৱা ইব্ৰাহিম মোস্তাফা মল্লযুঁজ ৰেংকিং ছিৰিজত মহিলাৰ ৭২ কেজি শাখাত ঋতিকাই ব্ৰঞ্জৰ পদক লাভ কৰে।৩৪ ২০২৩ চনৰ এছিয়ান ৰেছলিং চেম্পিয়নশ্বিপতো তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰে।৫৬
২০২৩ চনৰ অক্টোবৰ মাহত তেওঁ ২৩ বছৰ অনুৰ্ধ বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা মল্লযুঁজাৰু হিচাপে পৰিগণিত হয়।৭
২০২৪ চনত কিৰ্গিস্তানৰ বিস্কেকত অনুষ্ঠিত এছিয়ান ৰেছলিং অলিম্পিক যোগ্যতা অৰ্জন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত হোৱা ২০২৪ বৰ্ষৰ গ্ৰীষ্মকালীন অলিম্পিকৰ তেওঁ যোগ্যতা অৰ্জন কৰে।৮
তথ্যসূত্ৰ
- ↑ REETIKA Reetika profile page. uww.org
- ↑ Heryana: Young women wrestlers of Haryana are chipping away at patriarchy, medal by medal. The Tribune
- ↑ Desk, The Bridge. (2023-02-26). Wrestling: Reetika wins bronze in Egypt Ranking Series. thebridge.in
- ↑ Sarangi, Y. B. (2023-02-26). Reetika clinches the bronze medal. The Hindu
- ↑ (2023-04-13). Asian Wrestling Championships: Anshu, Sonam, Manisha, Reetika bag bronze while Antim claims silver. ESPN
- ↑ (2023-04-13). Asian Wrestling Championships: Antim Panghal Claims Silver, Four Other Indians Bag Bronze. News18
- ↑ Raj, Pritish. (November 2023). Meet Reetika: India's first-ever female U23 Wrestling World Champion. The Bridge
- ↑ 2024 Asian Wrestling Olympic Qualification Tournament Results Book. United World Wrestling
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঋতিকা হুডা” প্ৰবন্ধৰ সংশোধন ৪২৮৪৫২ (১০ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।