অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এ কে প্ৰেমজম

এ কে প্ৰেমজম (জন্ম ১২ আগষ্ট ১৯৩৮) এগৰাকী ভাৰতীয় সংসদ সদস্য আৰু সমাজকৰ্মী।

হালনাগাদ: ১৫ ফেব্ৰুৱাৰী ২০২৫ ১০৮ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

এ কে প্ৰেমজম (জন্ম ১২ আগষ্ট ১৯৩৮) এগৰাকী ভাৰতীয় সংসদ সদস্য আৰু সমাজকৰ্মী।১

প্ৰাথমিক জীৱন আৰু শিক্ষা

এ কে প্ৰেমজমৰ কেৰেলাৰ কান্নুৰৰ পল্লিকুন্নুত জন্ম হৈছিল৷ তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত প্ৰভিডেন্স কলেজত, মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ অধীনত চৰকাৰী ব্ৰেনেন কলেজ, থালাছেৰী আৰু কেৰালা বিশ্ববিদ্যালয়ৰ অধীনত ইউনিভাৰ্চিটি কলেজত শিক্ষা গ্ৰহণ কৰে। তেওঁ কলা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। তেওঁ শিক্ষয়িত্ৰী হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। ১৯৯১ চনৰ পৰা ১৯৯৪ চনলৈকে কোজিকোড়ৰ চৰকাৰী কলা মহাবিদ্যালয়ৰ তেওঁ অধ্যক্ষ আছিল।

ৰাজনৈতিক পৰিক্ৰমা

এ.কে প্ৰেমজমে নিজৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল কোজিকোড়ৰ মেয়ৰ হিচাপে। ১৯৯৫ চনৰ পৰা ১৯৯৮ চনলৈকে এই পদত অধিষ্ঠিত হৈছিল।১৯৯৮ চনত দ্বাদশ লোকসভালৈ আৰু ১৯৯৯ চনত ত্ৰয়োদশ লোকসভালৈ তেওঁ নিৰ্বাচিত হৈছিল৷ তেওঁ নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য আছিল।২

তথ্যসূত্ৰ

  1. ↑ Lok Sabha: Members. ভাৰত চৰকাৰ
  2. ↑ Lok Sabha: Members. ভাৰত চৰকাৰ

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এ কে প্ৰেমজম” প্ৰবন্ধৰ সংশোধন ৪৭৭৮০৬ (১৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।