অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ঊনকোটি

ঊনকোটি ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ ঊনকোটি জিলাৰ কৈলাসহৰ মহকুমাত অৱস্থিত এক পুৰাতত্ত্বিক আৰু শৈৱ উপাসনাৰ স্থান। বিশাল শিলত কটা মূৰ্তি, সকাহেৰে পৰিপূৰ্ণ ই এক প্ৰাচীন উপাসনাস্থলী আৰু ত্ৰিপুৰা ৰাজ্যৰ অন্যতম মুখ্য পৰ্যটনস্থলী।

হালনাগাদ: ২১ এপ্ৰিল ২০২৩ ৮৭ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ঊনকোটি ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ ঊনকোটি জিলাৰ কৈলাসহৰ মহকুমাত অৱস্থিত এক পুৰাতত্ত্বিক আৰু শৈৱ উপাসনাৰ স্থান। বিশাল শিলত কটা মূৰ্তি, সকাহেৰে পৰিপূৰ্ণ ই এক প্ৰাচীন উপাসনাস্থলী আৰু ত্ৰিপুৰা ৰাজ্যৰ অন্যতম মুখ্য পৰ্যটনস্থলী। ইয়াত উদ্ধাৰ হোৱা ৬০০-৭০০ খ্ৰীষ্টাব্দৰ ভাস্কৰ্য আৰু শিলৰ সকাহসমূহে এই ঠাই খ্ৰীষ্টীয় সপ্তম-নৱম শতিকাৰ পৰা শৈৱতীৰ্থস্থান হোৱাৰ নিদৰ্শন প্ৰকাশ কৰে। বঙালী ভাষাত 'ঊনকোটি'ৰ আক্ষৰিক অৰ্থ হৈছে এক কোটিতকৈ এক কম। পাৰম্পৰিক লোকবিশ্বাস মতে ইয়াত মুঠতে এক কোটিতকৈ এক কম বিভিন্ন আকৃতিৰ দেৱ-দেৱীৰ মূৰ্তি বা সকাহ আছে। জামাতিয়া হোডাৰ দাবী অনুসৰি ঊনকোটিৰ নাম ককবৰক ভাষাত চুব্ৰাই খুং।১

তথ্যসূত্ৰ

  1. ↑ Unakoti Heritage Site · Unakoti District Website · India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ বিশ্ব ঐতিহ্য আংশিক তালিকাভাৰতৰ পুৰাতাত্বিক ক্ষেত্ৰভাৰতৰ পৰ্যটনস্থলীভাৰতৰ ধৰ্মীয় স্থানত্ৰিপুৰা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঊনকোটি” প্ৰবন্ধৰ সংশোধন ৩৫৫০৩৮ (২১ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।