অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইন্দিৰা অনন্ত মায়দেও

ইন্দিৰা অনন্ত মায়দেও (Indira Anant Maydeo) ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে প্ৰথম লোকসভাত পুনে-দক্ষিণক প্ৰতিনিধিত্ব কৰা এগৰাকী ভাৰতীয় সংসদ সদস্য আছিল।

হালনাগাদ: ১৩ ফেব্ৰুৱাৰী ২০২৫ ১০২ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

ইন্দিৰা অনন্ত মায়দেও (Indira Anant Maydeo) ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য হিচাপে প্ৰথম লোকসভাত পুনে-দক্ষিণক প্ৰতিনিধিত্ব কৰা এগৰাকী ভাৰতীয় সংসদ সদস্য আছিল।

প্ৰাৰম্ভিক জীৱন

১৯০৩ চনৰ ৭ ছেপ্টেম্বৰত জন্মগ্ৰহণ কৰা মায়দেৱে ফাৰ্গুচন কলেজত পঢ়িছিল আৰু তাৰ পৰাই তেওঁ বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী ডিগ্ৰী লাভ কৰিছিল।১

কৰ্মজীৱন

ভাৰতৰ স্বাধীনতা আন্দোলনৰ লগত মায়দেও সক্ৰিয়ভাৱে জড়িত আছিল। ভাৰতীয় জাতীয় কংগ্ৰেছ (আইএনচি)ৰ তেওঁ সদস্য আছিল। ১৯৩৩ চনত তেওঁ হৰিজন সেৱক সংঘৰ মহাৰাষ্ট্ৰ বিভাগত যোগদান কৰে।১ ইন্দিৰা মায়দেও সেইসময়ত পুনেত (তেতিয়াৰ বম্বেত) দলটোৰ আটাইতকৈ বিশিষ্ট মহিলা সদস্য আছিল৷ স্বাধীন ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সময়ত কংগ্ৰেছে তেওঁক পুনে দক্ষিণ সমষ্টিৰ আনুষ্ঠানিক প্ৰাৰ্থী হিচাপে গ্ৰহণ কৰিছিল। তেওঁ প্ৰায় ৬৪% ভোট লাভ কৰি সমাজবাদী পাৰ্টিৰ প্ৰাৰ্থী শ্ৰীধৰ লিমায়েক পৰাস্ত কৰি সদনত পুনেৰ প্ৰথমগৰাকী মহিলা প্ৰতিনিধি হিচাপে পৰিগণিত হয়।২৩ সেইটো অভিলেখ এতিয়াও তেওঁৰ দখলতে আছে৷ ২ সংসদৰ সদস্য হিচাপে তেওঁ লোকসভাত বিবাহ বিচ্ছেদ সম্পৰ্কে এখন বিধেয়ক আনিছিল যদিও সেইখনৰ বিষয়ে আলোচনা নহ’ল আৰু শেষত ম্যাদ উকলি গ’ল।৪ ১৯৫২ চনত মায়দেও ভাৰতীয় ৰাষ্ট্ৰীয় ছাত্ৰ সংঘৰ সভাপতি হয়।১

ব্যক্তিগত জীৱন

১৯২৭ চনত ইন্দিৰা মায়দেৱে অনন্ত গোবিন্দ মায়দেওৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ তেওঁলোকৰ এজন পুত্ৰ আৰু তিনিগৰাকী কন্যা সন্তান জন্ম হয়।১

তথ্যসূত্ৰ

  1. ↑ Members Bioprofile: Maydeo, Shrimati Indira Anant. লোকসভা
  2. ↑ (23 March 2014). 1951: When Pune elected a woman — Indirabai Maydeo — to first Lok Sabha. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  3. ↑ D.G., Supriya. (16 January 2014). Vinita Deshmukh: From Journalism to Politics. NRI Pulse
  4. ↑ Chopra, Joginder Kumar. (1993). Women in the Indian Parliament: A Critical Study of Their Role. Mittal Publications. পৃ. 56. ISBN 978-81-7099-513-5

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদভাৰতৰ স্বাধীনতা সংগ্ৰামীৰাজনৈতিক ক্ষেত্ৰত নাৰীভাৰতৰ নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইন্দিৰা অনন্ত মায়দেও” প্ৰবন্ধৰ সংশোধন ৪৭৬৭৬৬ (১৩ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।