উত্তম নাৰায়ণ (১৬-১৭ শতিকা) সত্ৰাজিতৰ পুত্ৰ। সত্ৰাজিত পশ্চিম অসমৰ লোক আছিল। এখেতে কোচৰাজ্যৰ দক্ষিণ-পূৱ অংশৰ প্ৰাদেশিক শাসনকৰ্তা আছিল। ঢাকাৰ নবাবৰ প্ৰোৰচনাত কোচ ৰজাৰ সৈতে হাজোত যুঁজত অৱতীৰ্ণ হয়। নবাবৰ তলত পাণ্ডু আৰু গুৱাহাটীৰ থানাদাৰ নিযুক্ত হয়। মোগল-আহোমৰ যুঁজত মোগলৰ হৈ যুঁজিছিল। মোগলে সত্ৰাজিতৰ পুত্ৰ উত্তম নাৰায়ণক পশ্চিম কামৰূপৰ বৰনগৰ অঞ্চলৰ জমিদাৰ পাতিছিল। মোগল-আহোমৰ ৰণত মোগলৰ হৈ যুঁজিছিল। কিন্তু মোগলৰ পৰাজয় হোৱাত তেতিয়া আহোম ৰজাৰ মিত্ৰ কোচ ৰজা ধৰ্মনাৰায়ণে এখেতক বৰনগৰৰপৰা খেদি পঠিয়ায়। পাছত মোগলৰ লগ হৈ উত্তম নাৰায়ণে আহোমৰ লগত কলিয়াবৰত পুনৰাই যুদ্ধ কৰে। কিন্তু মোগল পৰাস্ত হৈ আৰু পলাই আহি গুৱাহাটী পায়। ১৬৩৮ চনত মোগল-আহোমৰ সন্ধি হোৱাৰ পাছত উত্তম নাৰায়ণক পুনৰ বৰনগৰৰ জমিদাৰ পতা হয়।১
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উত্তম নাৰায়ণ” প্ৰবন্ধৰ সংশোধন ১১৫১১৬ (১০ ফেব্ৰুৱাৰী ২০১৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।