অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উমা তুলি

উমা তুলি (Uma Tuli) এগৰাকী ভাৰতীয় সমাজকৰ্মী, শিক্ষাবিদ আৰু দিল্লীস্থিত বেচৰকাৰী সংস্থা অমৰ জ্যোতি চেৰিটেবল ট্ৰাষ্টৰ প্ৰতিষ্ঠাপক, যিয়ে শাৰীৰিকভাৱে অক্ষম লোকসকলৰ পুনৰ্বাসনৰ বাবে কাম কৰে। ২০১২ চনত ভাৰত চৰকাৰৰ তৰফৰ পৰা তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰা হৈ‍ছিল।

হালনাগাদ: ১ মাৰ্চ ২০২৬ ১৩৩ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

উমা তুলি (Uma Tuli) এগৰাকী ভাৰতীয় সমাজকৰ্মী, শিক্ষাবিদ আৰু দিল্লীস্থিত বেচৰকাৰী সংস্থা অমৰ জ্যোতি চেৰিটেবল ট্ৰাষ্টৰ প্ৰতিষ্ঠাপক, যিয়ে শাৰীৰিকভাৱে অক্ষম লোকসকলৰ পুনৰ্বাসনৰ বাবে কাম কৰে।১২৩৪৫ ২০১২ চনত ভাৰত চৰকাৰৰ তৰফৰ পৰা তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে সন্মানিত কৰা হৈ‍ছিল।৬

পটভূমি আৰু শিক্ষা

১৯৪৩ চনৰ ৩ মাৰ্চত নতুন দিল্লীত তুলি বংশৰ এটা পাঞ্জাৱী হিন্দু খাত্ৰী পৰিয়ালত উমা তুলিয়ে জন্মগ্ৰহণ কৰিছিল।২৩৪ গুৱালিয়ৰৰ জিৱাজী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি তাৰ পিছত মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ পৰা বিশেষ শিক্ষাত (এম ই ডি) আন এক স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।২৭ পাছলৈ তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত ডক্টৰেট ডিগ্ৰী লাভ কৰে।২৩৪৭ ত্ৰিশ বছৰতকৈও অধিক সময় তেওঁ দিল্লী আৰু গুৱালিয়ৰৰ বিভিন্ন মহাবিদ্যালয়ত শিক্ষকতাৰ সেৱাৰে নিজৰ কেৰিয়াৰ গঢ়ি তুলিছে।৩৪

ফাউণ্ডেশ্যন

শিক্ষক হিচাপে দৰমহাৰ পৰা জমা হোৱা সঞ্চয়ৰ সহায়ত তুলীয়ে ১৯৮১ চনত অমৰ জ্যোতি চেৰিটেবল ট্ৰাষ্ট,২৫৭৮ প্ৰতিষ্ঠা কৰে।৯ বছৰ বছৰ ধৰি এই প্ৰতিষ্ঠানটোৱে শাৰীৰিকভাৱে অক্ষম লোকসকলৰ বাবে অন্তৰ্ভুক্ত শিক্ষা, স্বাস্থ্যসেৱা, বৃত্তিমূলক প্ৰশিক্ষণ, নিয়োগ, ক্ৰীড়া আৰু সাংস্কৃতিক সুবিধাৰ একক খিৰিকীৰ প্ৰদানকাৰী হিচাপে পৰিগণিত হৈছে।২৩৪৫ প্ৰতিষ্ঠানটোৱে ফিজিঅ'থেৰাপিৰ পাঠ্যক্ৰমৰ বাবে দিল্লী বিশ্ববিদ্যালয়,২ বিশেষ শিক্ষাৰ শিক্ষক প্ৰশিক্ষণৰ বাবে ৰ'হাম্পটন বিশ্ববিদ্যালয়ৰ সৈতে২৫ আৰু মণিপাল বিশ্ববিদ্যালয় (MAHE), মধ্যপ্ৰদেশ ভোজ মুক্ত বিশ্ববিদ্যালয় আৰু ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ সৈতেও নেটৱৰ্ক গঢ়ি তুলিছে।২২৭ গুৱালি‍য়ৰতো ইয়াৰ এটা শাখা আছে।৩৪৮

তথ্যসূত্ৰ

  1. ↑ (2014). Amar Jyoti. Amar Jyoti Charitable Trust
  2. ↑ (2014). Elets. Elets
  3. ↑ (2014). AJCT Bio. AJCT
  4. ↑ (25 September 2013). Atul Vidyalaya Documentary of Dr Uma Tuli. Video
  5. ↑ (2014). UNESCO. UNESCO
  6. ↑ (2014). Padma Shri. Padma Shri
  7. ↑ (2014). Global Skill Summit. Global Skill Summit
  8. ↑ (2014). UN Special. UN Special
  9. ↑ (8 May 2012). Interview 1. Gyan Yathra

সম্পৰ্কিত শ্ৰেণী

বিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উমা তুলি” প্ৰবন্ধৰ সংশোধন ৫৮৩৮২৯ (১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।