অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইয়চেত্তিৰা প্ৰেমা কাৰিয়াপ্পা

ইয়চেত্তিৰা প্ৰেমা কাৰিয়াপ্পা এগৰাকী ভাৰতীয় ৰাজনৈতিক আৰু সমাজকৰ্মী। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী ৰাজনীতিবিদ,তেওঁ ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভাত কৰ্ণাটকক প্ৰতিনিধিত্ব কৰিছে৷ তেওঁ বাংগালুৰুৰ প্ৰাক্তন মেয়ৰ। তেওঁ কেন্দ্ৰীয় সমাজ কল্যাণ ব’ৰ্ডৰ অধ্যক্ষও।

হালনাগাদ: ৪ মাৰ্চ ২০২৫ ১৪২ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ইয়চেত্তিৰা প্ৰেমা কাৰিয়াপ্পা এগৰাকী ভাৰতীয় ৰাজনৈতিক আৰু সমাজকৰ্মী। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী ৰাজনীতিবিদ,১তেওঁ ভাৰতীয় সংসদৰ উচ্চ সদন ৰাজ্যসভাত কৰ্ণাটকক প্ৰতিনিধিত্ব কৰিছে৷ তেওঁ বাংগালুৰুৰ প্ৰাক্তন মেয়ৰ। তেওঁ কেন্দ্ৰীয় সমাজ কল্যাণ ব’ৰ্ডৰ অধ্যক্ষও।

ব্যক্তিগত জীৱন

১৯৫১ চনৰ ১৫ আগষ্টত বিৰাজপেটত সোমাইয়ান্দ বি কুশালাপ্পা আৰু থাংগাম্মাৰ ঘৰত প্ৰেমাই জন্মগ্ৰহণ কৰিছিল। মহীশূৰত কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰি তেওঁ টেৰেছিয়ান কলেজৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁ ১৯৭১ চনৰ ১৩ জুনত ইয়চেটিৰা এম কেৰিয়াপাক বিয়া কৰায়। তেওঁলোকৰ দুটা সন্তান, এজন পুত্ৰ আৰু এগৰাকী কন্যা আছে।২

বাংগালোৰৰ মেয়ৰ

১৯৯০–৯১ চনৰ ভিতৰত প্ৰেমা কাৰিয়াপ্পা বাংগালুৰু চহৰ নিগমৰ ৰাজহুৱা হিচাপ সমিতিৰ অধ্যক্ষ আছিল।৩ ১৯৯১ চনৰ পৰা ২০০১ চনৰ ভিতৰত বাংগালুৰু চহৰ নিগমৰ কৰ্পৰেটৰ আছিল। ১৯৯১–৯৩ চনত বঙাইগাঁও চহৰ নিগমৰ উপ-নেত্ৰী আছিল। ১৯৯৬–৯৭ চনত তেওঁ বাংগালুৰু চহৰ নিগমৰ দলীয় নেত্ৰী হয়। ১৯৯৬-৯৯ চনত তেওঁ কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদিকা আছিল।২ প্ৰথমে ১৯৯৪–৯৫ চনত বাংগালুৰুৰ উপ-মেয়ৰ আৰু পিছলৈ ২০০০–০১ চনত বাংগালুৰুৰ মেয়ৰ হয়, সেয়েহে তেওঁ দুয়োটা পদ দখল কৰা প্ৰথমগৰাকী মহিলা হয়।৩৪

ৰাজ্যসভাৰ সদস্য

২০০২ চনৰ এপ্ৰিল মাহত তেওঁ ছয় বছৰৰ বাবে ৰাজ্যসভালৈ নিৰ্বাচিত হয়।২ ২০০৪ চনৰ ১৬ জুনত ৰাজ্যসভাত কংগ্ৰেছ দলৰ মুখ্য হুইপ হিচাপে নিযুক্তি লাভ কৰে। ২০০৬ চনৰ শীতকালীন অধিবেশনৰ সময়ত তেওঁ বিভিন্ন দলৰ অন্যান্য মহিলা ৰাজনীতিবিদসকলৰ সৈতে মহিলা সংৰক্ষণ বিধেয়কক তীব্ৰ সমৰ্থন জনাইছিল।৫

তথ্যসূত্ৰ

  1. ↑ In Bangalore's civic body men run the show for their wives. India Today
  2. ↑ Cariappa, Smt. Prema. Press Information Bureau, Karnataka
  3. ↑ (August 2008). Updates (Appointments). Pratiyogita Darpan
  4. ↑ Chaturvedi, Atul. (6 September 2014). City gets a woman Mayor in Shanthakumari. Bangalore Mirror
  5. ↑ Statements showing the Bills pending. 164.100.47.5

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদৰাজ্যসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইয়চেত্তিৰা প্ৰেমা কাৰিয়াপ্পা” প্ৰবন্ধৰ সংশোধন ৪৮৬৩৭৫ (৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।