উটাকো হানাজোনো (Utako Hanazono১; জানুৱাৰী ১৯০৫ – ১৯৮২) আছিল এগৰাকী জাপানী লেখিকা২, আধুনিক নৃত্যশিল্পী, গেইছা আৰু তেওঁৰ পিছৰ বছৰবোৰত টামাই হানাজোনো নামৰ জাপানীজ পৰম্পৰাগত নৃত্যৰ মাষ্টাৰ। ১
জীৱনী
১৯০৫ চনৰ জানুৱাৰী মাহত জন্মগ্ৰহণ কৰা হানাজোনোৱে টকিঅ’ মহিলা ফাৰ্মাচিউটিকেল স্কুলত (মেইজি ফাৰ্মাচিউটিকেল ইউনিভাৰ্চিটিৰ পূৰ্বসূৰী) শিক্ষা গ্ৰহণ কৰিছিল আৰু তেওঁৰ ভৱিষ্যত স্বামী শুংকিচি কুৰোছেৰ নেতৃত্বত বাওঁপন্থী থিয়েটাৰত যোগদান কৰাৰ পূৰ্বে ফাৰ্মাচিউটিকেল কোম্পানী এটাত কেৰাণী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিল। বিবাহৰ দ্বাৰা হানাজোনোৰ প্ৰকৃত নাম আছিল-Nao Kurose৷ তেওঁ সেই দলটোত তেতিয়াৰ শীৰ্ষস্থানীয় আধুনিক নৃত্যৰ অনুশীলন কৰিছিল,১ আৰু আছাকুছাৰ এটা বাৰ্লেস্ক ষ্টুডিঅ'ত যোগদান কৰিছিল।২ শ্বিনবাছিতেই হানাজোনোৱে গেইছা হিচাপে আৰম্ভ কৰিছিল, অতি সোনকালেই আধুনিক গেইছা হিচাপে জনপ্ৰিয় হৈছিল।২
হানাজোনোৱে ১৯২০ আৰু ১৯৩০ চনত জাপান চৰকাৰক ৰাজহুৱাভাৱে সমালোচনা কৰিছিল৷ চৰকাৰৰ নীতি অনুসৰি গেইছাসকলে আন বৃত্তি অৱলম্বন কৰাত বাধা আৰোপ কৰা হৈছিল৷ হানাজোনোৱে তেওঁৰ "গেইগিটছু" গ্ৰন্থত৩ হানাজোনোৱে মহিলা সোঁপন্থীৰ আগশাৰীৰ কৰ্মী ফুকডা হিডেকোৰ লগতে ৱাকামাটছু শ্বিজুকোকো বিব্ৰত কৰিছিল আৰু কৈছিল যে গেইছাসকলক আন বৃত্তি গ্ৰহণ কৰিবলৈ বাধা দিয়া বাবেই তেওঁলোকৰ একাংশই জীয়াই থকাৰ স্বাৰ্থত যৌনবৃত্তিত আশ্ৰয় ল'বলগীয়া হৈছে৷২ তেখেতে গেইছাসকলে প্ৰাচীন সামাজিক পৰম্পৰা আৰু ৰীতি-নীতিৰ বাবে সন্মুখীন হোৱা সামাজিক বৈষম্যকো প্ৰত্যাহ্বান জনায় যিবোৰ তেওঁলোকে এতিয়াও পালন কৰিবলগীয়া আছিল,৪ য'ত প্ৰথাগত চুক্তিবদ্ধ দাসত্বও আছিল যিটো আগতীয়া ঋণৰ চুক্তিৰ সৈতে বান্ধ খাই আছিল।৫
তাৰ পিছৰ বছৰবোৰত তেওঁ পৰম্পৰাগত জাপানী নৃত্যৰ হানাজোনোৰ নিজা স্কুল প্ৰতিষ্ঠা কৰে৷ আৰু নিজকে তেওঁলোকৰ প্ৰথম ইম'মোটো বা হেড মাষ্টাৰ বুলি নামকৰণ কৰে, যাৰ নাম টামাই হানাজোনো।১
তথ্যসূত্ৰ
- ↑ Furukawa. (December 1, 2005). Yoshino Sakuzō Kōza 2005. Yoshino Sakuzō Dayori. Yoshino Sakuzo Kinenkan. পৃ. 4
- ↑ Yamaguchi, Masao. (1993). Nijisseiki nippon Inō Isai Hyakunin. Asahi One Theme Magazine. Asahi Shimbun. পৃ. 34–35
- ↑ "Geigitsū", Tokyo: Shiroku Shoin, 1930. Vol.29, Tsū Sōsho Series, . Reprint in "Geigitsu", Kora, Rumiko; Iwami, Teruyo (eds.), Yumani Shobo, 2004. Vol.II (Josei no mita kindai series), No. 4, Josei to rōdō
- ↑ Kawaguchi, Yoko. (3 June 2019). Butterfly's Sisters: The Geisha in Western Culture. Yale University Press. ISBN 978-0300169461
- ↑ Matsuda, Yukiko. (2012). Geigi to iu rōdō no sai teii - rōdō-sha no kenri o mamoru shohō o megutte. Research Center for Survival Studies Report. Survival Study Center at Ritsumeikan University. পৃ. 309–312
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উটাকো হানাজোনো” প্ৰবন্ধৰ সংশোধন ৫০৮৫৯১ (১৪ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।