অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইন্দ্ৰজিৎ কৌৰ বৰঠাকুৰ

ইন্দ্ৰজিৎ কৌৰ বৰঠাকুৰ এগৰাকী ভাৰতীয় অসামৰিক কৰ্মচাৰী, অৰ্থনীতিবিদ আৰু লেখিকা।

হালনাগাদ: ২২ মাৰ্চ ২০২৬ ১১২ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ইন্দ্ৰজিৎ কৌৰ বৰঠাকুৰ এগৰাকী ভাৰতীয় অসামৰিক কৰ্মচাৰী, অৰ্থনীতিবিদ আৰু লেখিকা।১

কৰ্মজীৱন

তেওঁ উত্তৰ-পূব পৰিষদৰ (NEC) সদস্য,যি কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰীৰ পদবীৰ সমমৰ্যাদা বহন কৰে।২ তেওঁ ভাৰত চৰকাৰৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ১৯৯০ চনত ভাৰতীয় অৰ্থনীতি সংস্থাৰ সভাপতি আছিল। তেওঁ কবিতা, কাহিনী আৰু ৰন্ধনপ্ৰণালীৰ ওপৰত কেইবাখনো কিতাপ লিখি প্ৰকাশ কৰিছে। ৩ 'সো ফুল সো এলাইভ' ৪আৰু 'ষ্টৰীজ টু উইন দা ৱৰ্ল্ড'৫ হৈছে তেওঁৰ কেইখনমান উল্লেখযোগ্য ৰচনা।

বঁটা আৰু সন্মানসমূহ

তেওঁ বিভিন্ন সময়ত বিভিন্ন বঁটা লাভ কৰিছে। সেইবিলাক হ'ল 'মহিলা শিৰোমণি বঁটা '(১৯৮৯), 'আন্তৰ্জাতিক মহিলা বঁটা' (১৯৯২), 'ভাৰত জ্যোতি বঁটা' (২০০৮) আৰু 'ইন্দিৰা প্ৰিয়দৰ্শিনী বঁটা' (২০১১) আদি। ভাৰত চৰকাৰে তেওঁক ১৯৯২ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰীউপাধি প্ৰদান কৰে আৰু ২০০৯ চনত তৃতীয় সৰ্বোচ্চ সন্মান পদ্মভূষণ লাভ কৰে।

তথ্যসূত্ৰ

  1. ↑ (2015). Inderjit Kaur Barthakur. Kumud Books
  2. ↑ (7 February 2012). Nearing 80s, these ex-babus still full-time members of NE panel. Hindustan Times
  3. ↑ (2015). Bokrecension profile. Bokrecension
  4. ↑ Inderjit Kaur Barthakur. (1994). So Full So Alive. Allied Publishers. পৃ. 375. ISBN 9788170231608
  5. ↑ Inderjit Kaur Barthakur. (1988). Stories to Win the World. Arcline Publications. ISBN 9780895090843

সম্পৰ্কিত শ্ৰেণী

অৰ্থনীতিবিদলেখিকাভাৰতীয় মহিলা কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইন্দ্ৰজিৎ কৌৰ বৰঠাকুৰ” প্ৰবন্ধৰ সংশোধন ৫৯১৯৩৩ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।