ইমন চক্ৰৱৰ্তী (Iman Chakraborty, জন্ম: ১৩ ছেপ্টেম্বৰ ১৯৮৯) এগৰাকী ভাৰতীয় কণ্ঠশিল্পী। তেওঁ ঘাইকৈ ফিল্মী, স্বতন্ত্ৰ সংগীত আৰু ৰবীন্দ্ৰ সংগীতৰ লগত জড়িত। ইমন চক্ৰৱৰ্তীয়ে ২০১৭ চনত বঙালী ভাষাৰ ছবি 'প্ৰাক্তন'ত তেওঁৰ গীত "তুমি যাকে ভালোবাসো"ৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। এই বঁটা কণ্ঠশিল্পীসকলৰ বাবে ভাৰতৰ আটাইতকৈ সন্মানীয় বঁটা আৰু চলচ্চিত্ৰৰ নেপথ্যত কণ্ঠদান কৰে শিল্পীক এই বঁটা প্ৰদান কৰা হয়। তেওঁ নিজৰ প্ৰথম চলচ্চিত্ৰ গীতৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।১২
প্ৰাৰম্ভিক জীৱন
১৯৮৯ চনৰ ১৩ ছেপ্টেম্বৰ তাৰিখে পশ্চিমবংগ ৰাজ্যৰ হাওৰা জিলাৰ লিলুৱা চহৰত ইমন চক্ৰৱৰ্তীৰ হৈছিল।১ তেওঁৰ পিতৃ শংকৰ চক্ৰৱৰ্তী আৰু মাতৃ তৃষ্ণা চক্ৰৱৰ্তী। সৰুকালত তেওঁ মাতৃ তৃষ্ণা চক্ৰৱৰ্তীৰ পৰা সংগীত শিকিছিল আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ সাহিত্য কৰ্মৰ প্ৰতি আকৰ্ষিত হৈছিল।১২
কৰ্মজীৱন
ভাৰতীয় ৰেকৰ্ড লেবেল কোম্পানী সাৰেগামাৰ সৈতে কাম কৰাৰ বৃহৎ সুযোগতে তেওঁ পেশাদাৰী সংগীতত কৰ্মজীৱন আৰম্ভ কৰিছিল। সাৰেগামাৰ বেনাৰত তেওঁৰ প্ৰথম এলবাম 'বসতে দিয়ো কাছে' মুক্তি লাভ কৰিছিল। এলবামটোত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ কেইটামান গীতৰ উপস্থাপন আছিল। এলবামটোৱে তেওঁৰ ৰচনাৰ বাবে নতুন কণ্ঠ আৰু গুণেৰে এক সতেজ কণ্ঠৰ সৈতে পৰীক্ষা কৰিব বিচৰা সুৰকাৰ অনুপম ৰয়ৰ চকু পৰিছিল। পৰৱৰ্তী সময়ত তেওঁ অনুপম ৰয়ৰ বঙালী চলচ্চিত্ৰ গীত "তুমি যাকে ভালোবাসো" গাইছিল। এয়া ইমনৰ প্ৰথম চলচ্চিত্ৰ গীত আছিল। এই গীতৰ বাবে তেওঁ শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অৰ্জন কৰিছিল।১২
২০১৮ চনৰ ডিচেম্বৰ মাহত তেওঁ টলিউড এলবাম 'মন'ৰ শীৰ্ষক গান "মন" গানটো মুকলি কৰে। এই গীত তেওঁ কণ্ঠশিল্পী সৰজিৎ ঘোষৰ সৈতে গাইছিল। সৰজিৎ ঘোষ গীতটোৰ সংগীত পৰিচালক, সুৰকাৰ, গীতিকাৰ আৰু প্ৰযোজক আছিল।৩৪৫
তেওঁক জী বাংলাত সম্প্ৰচাৰিত 'সা ৰে গা মা পা' টিভি শৃংখলাৰ বিচাৰক আৰু মেণ্টৰ হিচাপে দেখা গৈছিল।
প্ৰভাৱ
ইমন চক্ৰৱৰ্তী কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰা প্ৰচুৰভাবে প্ৰভাৱিত। সৰুকালৰ পৰায়ে তেওঁ ঠাকুৰৰ সাহিত্য কৰ্মৰ প্ৰতি আকৰ্ষিত হৈছিল। তেওঁ ইতিমধ্যে কেইবাটাও ৰবীন্দ্ৰ সংগীতত কণ্ঠদান কৰিছে।১২
ব্যক্তিগত জীৱন
ইমন চক্ৰৱৰ্তীয়ে সুৰকাৰ নীলঞ্জন ঘোষৰ সৈতে বিবাহপাশত আৱদ্ধ। ২০২১ চনৰ ৩১ জানুৱাৰী তাৰিখে তেওঁলোকৰ বিবাহ পঞ্জীভূক্ত কৰা হৈছিল। ইমন চক্ৰৱৰ্তীয়ে বৰ্তমান ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ত সত্যজিৎ ৰায়ৰ চলচ্চিত্ৰৰ সংগীতৰ ওপৰত পিএইছডি ডিগ্ৰীৰ বাবে গৱেষণাৰত।
বঁটা আৰু সন্মান
- শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পী শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা১২৬
তথ্যসূত্ৰ
- ↑ (12 April 2017). National Award beyond Imagination says Iman Chakraborty. The Hindu
- ↑ Pain has helped me emote better for my song. Hindustan Times
- ↑ Das, Soumi. (5 December 2018). ইমনেৰ মনেৰ খবৰ জানেন কি?. looptoop.com
- ↑ এবেলা.ইন, নিজস্ব প্ৰতিবেদন. বাংলাৰ প্ৰথম সাৰিৰ সঙ্গীতশিল্পীদেৰ এক অ্যালবামে নিয়ে এল সৰ্বজিৎ-এৰ 'মন'. ebela.in
- ↑ ইমন চক্ৰবৰ্তী ও সৰ্বজিৎ ঘোষ সাক্ষাৎকাৰ – ২৪ ঘণ্টা খবৰ. 24ghantakhoboronline.com
- ↑ 64th National award winners
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইমন চক্ৰৱৰ্তী” প্ৰবন্ধৰ সংশোধন ৪৪৩৯০৯ (১১ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।