অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইন্দুমতী গোপীনাথন

ইন্দুমতী গোপীনাথন ( Indumati Gopinathan; জন্ম ২৩ মাৰ্চ ১৯৫৬) এগৰাকী বিখ্যাত ভাৰতীয় পেথ’লজিষ্ট। তেওঁ ডায়েগনষ্টিক মেডিচিন, চকুৰ অংকোপেথ'লজী আৰু গাইনেক'লজিকেল হিষ্ট'পেথ'লজীৰ বিশেষজ্ঞ।

হালনাগাদ: ২ মাৰ্চ ২০২৫ ১১৩ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ইন্দুমতী গোপীনাথন ( Indumati Gopinathan; জন্ম ২৩ মাৰ্চ ১৯৫৬) এগৰাকী বিখ্যাত ভাৰতীয় পেথ’লজিষ্ট। তেওঁ ডায়েগনষ্টিক মেডিচিন, চকুৰ অংকোপেথ'লজী আৰু গাইনেক'লজিকেল হিষ্ট'পেথ'লজীৰ বিশেষজ্ঞ।১২

চিকিৎসা জীৱন

গোপীনাথনে ছেঠ গৰ্ধনদাস সুন্দৰদাস মেডিকেল কলেজ আৰু কিং এডৱাৰ্ড মেম’ৰিয়েল হস্পিতালৰ পৰা পেথ’লজীত স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী (এম.ডি.) সম্পূৰ্ণ কৰে। তেওঁ টেলিপেথ’লজীৰ এগৰাকী আগশাৰীৰ ভাষ্যকাৰ। ৩ চেন্নাইস্থিত টেলিমেডিচিন কোম্পানী স্পেচ হস্পিতালছৰ সৈতেও তেওঁ জড়িত আছিল। তেওঁ বিশ্বৰ সৰ্বাধিক বিক্ৰী হোৱা ইংৰাজী বাতৰি কাকত দ্য টাইমছ অৱ ইণ্ডিয়া ৰ স্বাস্থ্য পৰামৰ্শদাতা/স্তম্ভলেখক।৪৫ ইন্দুমতী গোপীনাথন প্ৰতিৰোধমূলক ঔষধৰ ওপৰত গুৰুত্ব দিয়া ভাৰতীয় স্বাস্থ্য সেৱা আলোচনী হেল্থস্ক্ৰীনৰ সম্পাদকীয় বোৰ্ডত আছে, আৰু ইণ্ডিয়ান এক্সপ্ৰেছ গোটৰ দ্বাৰা এক আগশাৰীৰ সাপ্তাহিক স্বাস্থ্যসেৱা প্ৰকাশন হেল্থ কেয়াৰ এক্সপ্ৰেছৰ এজন স্তম্ভলেখক।৩

ইন্দুমতী গোপীনাথন থাইৰ’কেয়াৰ হেল্থকেয়াৰৰ পৰিচালনা সমিতিৰ সঞ্চালক।৬

বৰ্তমান তেওঁ ভাৰতৰ মুম্বাইৰ চেম্বুৰত বাস কৰে আৰু ব্যক্তিগত প্ৰেকটিছ কৰি‍ আছে।

তথ্যসূত্ৰ

  1. ↑ Aditya's Blog:: If you are a parent. Indyarocks.com
  2. ↑ Pap's Smear: A Significant Tool - Express Healthcare
  3. ↑ Telepathology: The Future of Pathology - Express Healthcare
  4. ↑ (2005-06-05). The body shop:every breath you take - Times of India. Timesofindia.indiatimes.com
  5. ↑ India News, Latest Sports, Bollywood, World, Business & Politics News. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  6. ↑ (2017-08-23). Thyrocare Investor Details. economictimes.indiatimes.com

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইন্দুমতী গোপীনাথন” প্ৰবন্ধৰ সংশোধন ৪৮৫১৩২ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।