অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইৰাজ ঘাদেৰী

ইৰাজ ঘাদেৰি (জন্ম: ১৭ এপ্ৰিল, ১৯৩৪ – মৃত্যু: ৬ মে’, ২০১২) এগৰাকী ইৰানীয় চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা আছিল। তেওঁ ফাৰ্মাচিষ্ট হ’বলৈ অলপ দিন অধ্যয়ন কৰিছিল, কিন্তু সোনকালেই কলেজ এৰি দিয়ে। ২০১২ চনৰ ৬ মে’ত ৭৭ বছৰ বয়সত তেহৰাণত তেওঁৰ মৃত্যু হয়।

হালনাগাদ: ১৬ জুন ২০২৬ ১৪২ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

ইৰাজ ঘাদেৰি (জন্ম: ১৭ এপ্ৰিল, ১৯৩৪ – মৃত্যু: ৬ মে’, ২০১২) এগৰাকী ইৰানীয় চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা আছিল। তেওঁ ফাৰ্মাচিষ্ট হ’বলৈ অলপ দিন অধ্যয়ন কৰিছিল, কিন্তু সোনকালেই কলেজ এৰি দিয়ে। ২০১২ চনৰ ৬ মে’ত ৭৭ বছৰ বয়সত তেহৰাণত তেওঁৰ মৃত্যু হয়।১২৩৪

জীৱন

ইৰাজ ঘাদেৰিয়ে ফাৰ্মাক’লজী অধ্যয়ন কৰিছিল কিন্তু পাঠ্যক্ৰম শেষ কৰা নাছিল। ১৯৫৬ চনত চামুৱেল খাচিকিয়ানৰ ইণ্টাৰচেকশ্বন এক্সিডেণ্টছ চলচ্চিত্ৰখনত অভিনয় কৰাৰ জৰিয়তে তেওঁৰ শৈল্পিক কৰ্মজীৱন আৰম্ভ হৈছিল। ১৯৬৩ চনত তেওঁ মুছা আফছাৰৰ সৈতে লগ লাগি 'পেনোৰামা' নামৰ চলচ্চিত্ৰ কোম্পানীটো প্ৰতিষ্ঠা কৰে। প্ৰাক-বিপ্লৱকালীন ইৰানীয় চিনেমাৰ অন্যতম প্ৰধান চলচ্চিত্ৰ নিৰ্মাতা হিচাপে সততে পৰিচিত ঘাদেৰিয়ে ১৯৮৫ চনত মুক্তি পোৱা তাৰাজ চলচ্চিত্ৰখনৰ জৰিয়তে বিপ্লৱৰ পিছতো চলচ্চিত্ৰ নিৰ্মাণ অব্যাহত ৰাখিছিল।

মৃত্যু

২০১২ চনৰ মে’ মাহত হাওঁফাওঁৰ কৰ্কট ৰোগৰ বাবে স্বাস্থ্যৰ অৱনতি ঘটাত ইৰাজ ঘাদেৰিক মেহৰদাদ হাস্পতালত ভৰ্তি কৰা হয়। ইয়াৰ অলপ দিনৰ পিছত ৬ মে’ত তেওঁ মৃত্যুবৰণ কৰে। তেওঁক কাৰাজৰ বেহেষ্ট-এ চাকিনেহ কবৰস্থানত মৈদাম দিয়া হয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Iranian director Iraj Ghaderi dies. Nabz.com
  2. ↑ .: Iranian Movie DataBase ايرج قادري:.. www.sourehcinema.com
  3. ↑ ایرج قادری · بیوگرافی + عکس‌های ایرج قادری · سلام‌سینما. www.salamcinama.ir
  4. ↑ (1391). ایرج قادری درگذشت. Tabnak

সম্পৰ্কিত শ্ৰেণী

ইৰানৰ ব্যক্তিঅভিনেতাচলচ্চিত্ৰ পৰিচালকচলচ্চিত্ৰ প্ৰযোজক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইৰাজ ঘাদেৰী” প্ৰবন্ধৰ সংশোধন ৬১২৫৫৬ (১৬ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।