ছৈয়দ ইব্ৰাহিম ৰাইছি আল ছাদাতি (১৪ ডিচেম্বৰ ১৯৬০ – ১৯ মে' ২০২৪) আছিল এজন ইৰাণী ৰাজনীতিবিদ আৰু ন্যায়াধীশ। ২০২১ চনৰ নিৰ্বাচনত তেওঁ জয়লাভ কৰিছিল আৰু ৩ আগষ্ট ২০২১ৰ পৰা ১৯ মে’ ২০২৪লৈ মৃত্যুৰ পূৰ্বলৈকে ইৰাণৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১২
মৃত্যু

২০২৪ চনৰ ১৯ মে’ দেওবাৰে পূব আজাৰ বায়জান প্ৰদেশৰ জালপাই অঞ্চলত ৰাষ্ট্ৰপতি ইলহাম আলিৰ সৈতে জলাশয় প্ৰকল্প উদ্বোধন কৰি উভতি অহাৰ পথত উত্তৰ-পশ্চিম ইৰাণৰ ভাৰ্জাকান অঞ্চলৰ এখন অৰণ্যত ইব্ৰাহিম ৰাইছি কঢ়িয়াই অনা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। সেই দুৰ্ঘটনাত ইব্ৰাহিম ৰাইছি, ইৰাণৰ বৈদেশিক মন্ত্ৰী হোছেইন আমিৰ আব্দুল্লাহিয়ান আৰু হেলিকপ্টাৰত থকা সকলো অৰ্থাৎ ৯ জন লোকৰ মৃত্যু হয়।৩
তথ্যসূত্ৰ
- ↑ Taylor, Jerome. (20 May 2024). Drone footage shows wreckage of crashed helicopter. CNN
- ↑ (20 May 2024). Iran's president, foreign minister martyred in copter crash. Mehr News Agency
- ↑ (2024-05-19). Helicopter carrying Iran's president suffers a 'hard landing,' state TV says without further details. AP News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইব্ৰাহিম ৰাইছি” প্ৰবন্ধৰ সংশোধন ৪২১৫০৮ (২২ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।