জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
সাহাৰ ঘোৰেইচি
সাহাৰ ঘোৰেইচি (জন্ম: ২৭ ডিচেম্বৰ ১৯৮৭) এগৰাকী ইৰানী অভিনেত্ৰী। তেওঁ ২০০৯ চনত লাজ ও লাজবাজিক নামৰ চলচ্চিত্ৰখনৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে আৰু একে বছৰতে দেলনাভাজান নামৰ দূৰদৰ্শন ধাৰাবাহিকখনত কৰা অভিনয়ৰ বাবে বিশেষ জনপ্ৰিয়তা লাভ কৰে।
-
সাহাৰ জাকাৰিয়া
সাহাৰ জাকাৰিয়া (জন্ম: ১৯ ডিচেম্বৰ ১৯৭৩) এগৰাকী ইৰানী দূৰদৰ্শন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। জাকাৰিয়াৰ জন্ম ইৰানৰ আৰাক চহৰত হৈছিল। তেওঁ মেহৰান মোডিৰিৰ শ্ব’ আৰু ধাৰাবাহিক যেনে পাভাৰচিন, মাৰ্ডে দোহাজাৰ চেহৰেহ আৰু গাহভে-য়ে টালখ আদিত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰিছিল।
-
সাহেৰ বাম্বা
সাহেৰ বাম্বা (জন্ম ১৯৯৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলত হিন্দী চলচ্চিত্ৰ আৰু শৃংখলাত কাম কৰে। তেওঁ অভিনয় জীৱনৰ আৰম্ভণি কৰে ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ পল পল দিল কে পাশ (২০১৯) ৰ জৰিয়তে।
-
সাৰণ্য মোহন
সাৰণ্য মোহন (ইংৰাজী: Saranya Mohan; জন্ম: ১৯ ফেব্ৰুৱাৰী ১৯৮৯) এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু প্ৰাক্তন অভিনেত্ৰী, যিয়ে প্ৰধানকৈ তামিল আৰু মালয়ালম চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁ কেইখনমান তেলুগু, কন্নড় আৰু হিন্দী ছবিতো অভিনয় কৰিছে।
-
সাৱিত্ৰী ৰাজীৱন
সাৱিত্ৰী ৰাজীৱন (ইংৰাজী: Savithri Rajeevan; জন্ম: ১৯৫৬) এগৰাকী ভাৰতীয় কবি, চুটিগল্প লেখিকা আৰু চিত্ৰশিল্পী। মালয়ালম ভাষাৰ এগৰাকী আগশাৰীৰ মহিলা লেখিকা হিচাপে তেওঁ সাহিত্য আৰু চিত্ৰকলাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। তেওঁ চাৰিখন কবিতা সংকলন আৰু এটা চুটিগল্পৰ খণ্ড প্ৰকাশ কৰিছে।
-
সিথাৰা কৃষ্ণকুমাৰ
সিথাৰা কৃষ্ণকুমাৰ এগৰাকী ভাৰতীয় প্লেবেক গায়ক, সুৰকাৰ, গীতিকাৰ, শাস্ত্ৰীয় নৃত্যশিল্পী আৰু অভিনেতা। তেওঁ প্ৰধানকৈ তামিল, তেলেগু আৰু কানাড় ছবিৰ উপৰিও মালয়ালম চলচ্চিত্ৰত কাম কৰে। হিন্দুস্তানী আৰু কৰ্ণাটক শাস্ত্ৰীয় সংগীত পৰম্পৰাৰ প্ৰশিক্ষণ লাভ কৰা সীতাৰা এগৰাকী স্বীকৃতিপ্ৰাপ্ত গজল গায়িকাও।
-
সিদ্ধিনাথ শৰ্মা
সিদ্ধিনাথ শৰ্মা (Siddhinath Sarma)অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক সংগ্ৰামী আছিল৷ তেওঁ ভাৰত ত্যাগ আন্দোলনৰ সময়ত বৃটিছ চৰকাৰক কাবু কৰিবলৈ বিভিন্ন কূটাঘাতমূলক কাম কৰিছিল৷ তেওঁৰ নেতৃত্বতে ১৯৪২-৪৩ চনত কেইবাটাও দলং ভঙা আৰু ৰে’ল বগৰোৱা কাণ্ড সংঘটিত হৈছিল৷ সিদ্ধিনাথ শৰ্মা…
-
সিমৰত কৌৰ
সিমৰত কৌৰ ৰন্ধাৱা (Simrat Kaur Randhawa; জন্ম: ১৬ জুলাই ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ তেলুগু আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। ২০১৭ চনত, তেওঁ প্ৰেমথো মী কাৰ্তিক নামৰ তেলুগু ভাষাৰ ছবি এখনত অভিনয়েৰে ছবিজগতত প্ৰৱেশ কৰে।
-
সীতা আম্মান মন্দিৰ
সীতা আম্মান মন্দিৰ বা সীতা এলিয়া সীথাই আম্মান থিৰুকোভিল, যাক অশোক বাটিকা সীতা মন্দিৰ বুলিও কোৱা হয়, মধ্য শ্ৰীলংকাৰ নুৱাৰা এলিয়া জিলাত অৱস্থিত এটা প্ৰাচীন হিন্দু মন্দিৰ। মন্দিৰৰ লোককথা হিন্দু মহাকাব্য ৰামায়ণৰ সৈতে গভীৰভাৱে জড়িত।
-
সীতা কলমেন-কম্মুলা
সীতা কলমেন-কম্মুলা: Seetha Coleman-Kammulaএগৰাকী ভাৰতীয় ৰসায়নবিদ, পৰিৱেশবিদ আৰু উদ্যোগী। ২৫ বছৰতকৈও অধিক সময় পেট্ৰ'কেমিকেল উদ্যোগত প্লাষ্টিক বিকাশৰ কাম কৰাৰ পিছত ২০০৫ চনত তেওঁ এটা পৰিৱেশ পৰামৰ্শদাতা প্ৰতিষ্ঠান আৰম্ভ কৰে।তেওঁৰ প্ৰতিষ্ঠানটোৱে ঔদ্যোগিক পৰিৱেশ বিজ্ঞান আৰু সামগ্ৰীৰ জীৱনচক্ৰৰ…
-
সীতা কুণ্ড
সীতা কুণ্ড হ’ল দেৱী সীতাৰ জন্মস্থানক পৱিত্ৰ জ্ঞান কৰা হিন্দুসকলৰ এক তীৰ্থস্থান৷ বিহাৰৰ সীতামড়ী জিলাৰ পুনৌৰা ধামৰ এক প্ৰাচীন হিন্দু মন্দিৰ হৈছে, জানকী মন্দিৰ। ই সীতামড়ী চহৰৰ পৰা ৫ কিলোমিটাৰ পশ্চিমে অৱস্থিত আৰু দৰ্শনাৰ্থীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু।
-
সীতাৰা এছ
সীতাৰা এছ (জন্ম ১৫ ছেপ্টেম্বৰ ১৯৭২) এগৰাকী কেৰালাৰ মালয়ালম ভাষাৰ ভাৰতীয় লেখিকা আৰু অনুবাদক। তেওঁৰ গ্ৰন্থসমূহত প্ৰায়ে মহিলাৰ সমস্যা, লিংগ-সংঘাত আৰু লেছবিয়ান অধিকাৰৰ বিষয়সমূহ উত্থাপন কৰা দেখা যায়। তেওঁ অনুবাদক হিচাপেও পৰিচিত।
-
সীমা কৌশিক মেহতা
সীমা কৌশিক মেহতা (: Seema Kaushik Mehta; জন্ম c.1976) এগৰাকী ভাৰতীয় কথক বিশেষজ্ঞ আৰু গহনা ডিজাইনাৰ। মুম্বাইত দুৰ্দশাগ্ৰস্ত শিশুৰ সৈতে কাম কৰি ২০১৯ চনত নৃত্যৰ পোষকতাৰ বাবে নাৰী শক্তিপুৰস্কাৰ বঁটা লাভ কৰে।
-
সীমা নন্দা
সীমা নন্দা এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতে গৱেষণাত গণিত ব্যৱহাৰ কৰি জীৱবিজ্ঞান, অভিযান্ত্ৰিক আৰু অৰ্থনীতিৰ সমস্যা সমাধান কৰে। গণিত আৰু গণনাৰ জৰিয়তে বাস্তৱ পৃথিৱীৰ সমস্যাবোৰ কিদৰে সমাধান কৰিব পাৰি-এই বিষয়ে তেখেতে গৱেষণা কৰিছে।
-
সীমা পৰিহাৰ
সীমা পৰিহাৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন ডকাইত। তেওঁ সমাজবাদী পাৰ্টিৰ সদস্য আছিল। পৰিহৰে দাবী কৰে যে তেওঁৰ প্ৰেৰণা হৈছে ফুলন দেৱী, যি দস্যুৰাণী হিচাপে পৰিচিত আছিল আৰু ৰাজনীতিবিদ হোৱাৰ আগতে ডকাইত আছিল। সীমাই ২০১০ চনত বিগ বছত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল।
-
সীমা ভাটনাগৰ
সীমা ভাটনাগৰ (Seema Bhatnagar; জন্ম: সীমা শ্ৰীবাস্তৱ) হৈছে এগৰাকী ভাৰতীয় বিজ্ঞানী। তেখেতে প্ৰধানকৈ কেন্সাৰবিৰোধী ঔষধ আৱিষ্কাৰৰ ক্ষেত্ৰত কাম কৰি আছে।
-
সীমা সিং
সীমা সিং (ইংৰাজী: Seema Singh; হিন্দী: सीमा सिंह; জন্ম: ১১ জুন ১৯৯০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, চলচ্চিত্ৰ অভিনেত্ৰী, নৃত্যশিল্পী, মডেল আৰু দূৰদৰ্শনৰ পৰিচালিকা। তেওঁক হেলেন বা আইটেম কুইন বুলিও জনা যায়। সিং ভোজপুৰী চিনেমাৰ অন্যতম বিখ্যাত আইটেম গীতৰ নৃত্যশিল্পী।
-
সীমা ৰাও
সীমা ৰাও (Seema Rao) এগৰাকী ভাৰতীয় কমাণ্ড প্ৰশিক্ষক। তেওঁ ভাৰতৰ প্ৰথম মহিলা কমাণ্ড প্ৰশিক্ষক। তেওঁক ভাৰতৰ বিস্ময় মহিলা বুলি অভিহিত কৰা হয়। প্ৰায় দুই দশকতকৈও অধিক সময় ধৰি তেওঁ ভাৰতৰ বিশেষ বাহিনীক কোনো আৰ্থিক অনুদান অবিহনে প্ৰশিক্ষণ দি আহিছে।
-
সীমান্ত ফুকন
সীমান্ত ফুকন অসমৰ এগৰাকী বিশিষ্ট নাট পৰিচালক,অভিনেতা আৰু নাট্য প্ৰশিক্ষক। বৰ্তমানলৈকে তেওঁ এশৰো অধিক নাটক পৰিচালনা কৰাৰ লগতে ভালেখিনি নাটকত অভিনয় কৰিছে। ১৯৮৯ চনত গুৱাহাটী দূৰদৰ্শনৰ যোগেদি সম্প্ৰসাৰিত হোৱা বনকোঁৱৰ সীমান্ত ফুকনৰ দ্বাৰা পৰিচালিত প্ৰথমখন টেলিনাট।
-
সীমৃতি বাথীজা
সীমৃতি হৰেশ বাথীজা (ইংৰাজী: Simrithi Haresh Bathija; জন্ম: ৯ এপ্ৰিল ১৯৯৯) — এগৰাকী ভাৰতীয় মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। মিছ ইণ্ডিয়া ইণ্টাৰনেচনেল ২০১৯ হিচাপে তেওঁ জাপানৰ টকিঅ’ত অনুষ্ঠিত মিছ ইণ্টাৰনেচনেল প্ৰতিযোগিতাৰ ৫৯তম সংস্কৰণত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
সুকন্যা দত্ত
সুকন্যা দত্ত এগৰাকী ভাৰতীয় প্ৰাণীবিজ্ঞানী আৰু লেখিকা যিয়ে কিতাপ, ৰেডিঅ' লিপি, প্ৰবন্ধ, আৰু গ্ৰন্থ পৰ্যালোচনাৰ জৰিয়তে বিজ্ঞানক জনপ্ৰিয় কৰি তুলিছে।
-
সুকন্যা ৰহমান
সুকন্যা ৰহমান (Sukanya Rahman) হৈছে এগৰাকী ভাৰতীয় ধ্ৰুপদী নৃত্যশিল্পী, দৃশ্যধৰ্মী শিল্পী আৰু লেখিকা। তেখেতৰ গ্ৰন্থ Dancing in the family হৈছে তিনিগৰাকী মহিলাৰ আত্মকথা। গ্ৰন্থখনে বহুলভাৱে সমাদৰ লাভ কৰিছে। তেখেতেৰ চিত্ৰকলা আৰু কলাজৰ কাম ভাৰতকে ধৰি অন্যান্য দেশতো প্ৰদৰ্শিত হৈছে।
-
সুকন্যা ৰামগোপাল
সুকন্যা ৰামগোপাল ( Sukanya Ramgopal) তামিলনাডুৰ এগৰাকী ভাৰতীয় কৰ্ণাটিক সংগীত শিল্পী। কৰ্ণাটক সংগীতৰ প্ৰথম মহিলা ঘটামবাদক হিচাপে তেওঁ বেছিকৈ পৰিচিত। কৰ্ণাটিক কণ্ঠ, ভায়লিন, মৃদংগম আৰু বীণা আদিতো তেওঁ পাকৈত।
-
সুকৰ্ণ
সুকৰ্ণ (জন্ম কুশন সুশ্ৰদিহাৰ্য ) (৬ জুন ১৯০১ – ২১ জুন ১৯৭০) ইণ্ডোনেছিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি আৰু নেদাৰলেণ্ডৰ পৰা স্বাধীনতা লাভৰ বাবে সংগঠিত সফল সংগ্ৰামৰ নেতৃত্ব বহনকাৰী। তেওঁ ইণ্ডোনেছিয়ান জাতিৰ জনক হিচাপে স্বীকৃত। তেওঁ ১৯৪৫ চনৰ পৰা ১৯৬৭ চনলৈকে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি আছিল।
-
সুখ বৰুৱা
ড° সুখ বৰুৱা (Sukha Baruah, ৩১ ডিচেম্বৰ ১৯৪৬ - ৩ ছেপ্টেম্বৰ ২০২৩) এগৰাকী ভাৰতীয় নাৰীবাদী, শিক্ষাবিদ, সাহিত্যিক তথা নাৰী শিক্ষাৰ বাটকটীয়া আছিল। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড° সুখ বৰুৱা বৃহত্তৰ মৰাণ অঞ্চলৰ স্ত্ৰী শিক্ষাৰ বাটকটীয়া ১৯৯২ চনত স্থাপিত মৰাণ মহিলা মহাবিদ্যালয়ৰ…
-
সুখদা প্ৰীতম
সুখদা প্ৰীতম (Sukhda Pritam) এগৰাকী ভাৰতীয় ন্যায়াধীশ৷ তেওঁ ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা ভাৰতৰ উচ্চতম ন্যায়ালয়ত গৱেষণা আৰু পৰিকল্পনা কেন্দ্ৰৰ সঞ্চালিকা হিচাপে কৰ্মৰত। ২০২০-২১ চনত তেওঁ হাৰিয়ানা ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ যুটীয়া সদস্য সচিব হিচাপে থাকে।
-
সুগন্ধা গাৰ্গ
সুগন্ধা গাৰ্গ এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা আৰু টেলিভিছন সঞ্চালিকা। তেওঁক শেহতীয়াকৈ ভাৰতীয় ৱেব ছিৰিজ গীল্টি মাইণ্ডছত দেখা গৈছিল।
-
সুগন্ধা মিশ্ৰা
সুগন্ধা সন্তোষ মিশ্ৰা (ইংৰাজী: Sugandha Santosh Mishra; জন্ম: ২৩ মে' ১৯৮৮) ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন জগতৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী, নেপথ্য গায়িকা, টেলিভিছন পৰিৱেশিকা, কৌতুক অভিনেত্ৰী আৰু ৰেডিঅ' জকী। তেওঁ দ্য কপিল শৰ্মা শ্ব' ত কৰা অভিনয়ৰ বাবে পৰিচিত।
-
সুচাটা চুৱাংশ্ৰী
সুচাটা চুৱাংশ্ৰী(: Suchata Chuangsri; জন্ম ২০ ছেপ্তেম্বৰ, ২০০৩), এগৰাকী থাই সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী মহিলা, যি গৰাকীয়ে মিছ ৱৰ্ল্ড ২০২৫ খিতাপ অৰ্জন কৰিছে। মিছ ৱৰ্ল্ড খিতাপ অৰ্জন কৰা সুচাটা হৈছে প্ৰথম থাই মহিলা। তেওঁক থাই উপনাম “অ’পাল” (থাই: โอปอล) নামেৰেও জনা যায়।
-
সুচিত্ৰা চেবাষ্টিয়ান
সুচিত্ৰা চেবাষ্টিয়ান (Suchitra Sebastian) হৈছে এগৰাকী ঘনীভূত পদাৰ্থৰ পদাৰ্থবিজ্ঞানী (condensed matter physicist)। তেখেতৰ কৰ্মস্থান হৈছে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ কেভেনডিশ্ব প্ৰয়োগশালা। কোৱাণ্টাম পদাৰ্থৰ ক্ষেত্ৰত কৰা বৈজ্ঞানিক চিন্তা আৰু কৰ্মৰ বাবে তেখেত পৰিচিত।