সীতা কলমেন-কম্মুলা: Seetha Coleman-Kammulaএগৰাকী ভাৰতীয় ৰসায়নবিদ, পৰিৱেশবিদ আৰু উদ্যোগী। ২৫ বছৰতকৈও অধিক সময় পেট্ৰ'কেমিকেল উদ্যোগত প্লাষ্টিক বিকাশৰ কাম কৰাৰ পিছত ২০০৫ চনত তেওঁ এটা পৰিৱেশ পৰামৰ্শদাতা প্ৰতিষ্ঠান আৰম্ভ কৰে।তেওঁৰ প্ৰতিষ্ঠানটোৱে ঔদ্যোগিক পৰিৱেশ বিজ্ঞান আৰু সামগ্ৰীৰ জীৱনচক্ৰৰ মূল্যায়নৰ ওপৰত গুৰুত্ব আৰোপ কৰে যাতে সেইবোৰ এনে প্ৰক্ৰিয়াত নিৰ্মাণ কৰা হয় যিয়ে আৱৰ্জনা সামগ্ৰীৰ ভৱিষ্যতৰ প্ৰভাৱৰ বিষয়ে পৰিৱেশৰ প্ৰতি সচেতন হয়।
জীৱনী
সীতা কলমেন-কম্মুলা ভাৰতত জন্ম গ্ৰহণ কৰিছিল১ আৰু ভাৰতৰ হায়দৰাবাদৰ ওছমানিয়া বিশ্ববিদ্যালয়ত স্নাতক অধ্যয়ন সম্পন্ন কৰে। তাৰ পিছত আলাবামাৰ অবাৰ্নৰ অবাৰ্ন বিশ্ববিদ্যালয়ৰ পৰা জৈৱ ৰসায়ন বিজ্ঞানত পি এইচ ডি ডিগ্ৰী লাভ কৰে আৰু তাৰ পিছত প্ৰিন্সটন বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ গৱেষণা কৰে। নাটোৰ ফেল’শ্বিপ লাভ কৰাৰ লগতে আমষ্টাৰডাম বিশ্ববিদ্যালয়ত অতিৰিক্ত অধ্যয়ন সম্পূৰ্ণ কৰে। ১৯৭৮ চনত তেওঁক আমষ্টাৰডামৰ ৰয়েল ডাচ শ্বেলত গৱেষক হিচাপে নিযুক্তি দিয়া হয় আৰু ১৯৮৮ চনলৈকে তেওঁ কাম কৰে। দহ বছৰৰ পিছত তেওঁ২ শ্বেলৰ সৈতে ইংলেণ্ডলৈ গুচি যায় আৰু তাত তেওঁ ব্যৱসায়িক বিকাশৰ পৰিচালক হিচাপে কাম কৰে।৩ পিছলৈ কলমেন-কামুলাই বেলজিয়াম আৰু টেক্সাছৰ হিউষ্টন উভয়লৈ স্থানান্তৰিত হয়,২ প্লাষ্টিক সৃষ্টি কৰা ইপক্সি ৰেজিন ইউনিটৰ৩ মুৰব্বী হিচাপে।৪ ২০০০ চনত তেওঁ শ্বেল এৰি বেচেল পলিঅ'লেফিন্সৰ জ্যেষ্ঠ উপ-সভানেত্ৰী হয়, য'ত তেওঁ সম্পত্তি ব্যৱস্থাপনা, উদ্ভাৱন আৰু কৌশলগত বিপণনৰ ওপৰত গুৰুত্ব আৰোপ কৰে।২ মেক্সিকোৰ বেচেল আৰু আলফাৰ যৌথ উদ্যোগ ইণ্ডেলপ্ৰ'ৰ পৰিচালনা সমিতিতো তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।৩
২০০৫ চনত কলমেন-কামুলাই বেচেল এৰি চিম্পলি ছাষ্টেইন নামৰ এটা পৰামৰ্শদাতা প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰে যাৰ লক্ষ্য আছিল ব্যৱসায়ীসকলক অধিক বহনক্ষম আৰ্হিৰ পৰামৰ্শ দিয়া।৫ সেই সময়ৰ আশে-পাশে ভাৰত ভ্ৰমণ কৰাৰ পিছত৬ কলমেন-কম্মুলাই উপলব্ধি কৰে যে তেওঁ বিকাশত সহায় কৰা প্লাষ্টিকসমূহে পৰিৱেশত নেতিবাচক প্ৰভাৱ পেলাইছে কাৰণ এগৰাকী উদ্ভাৱক আৰু ডিজাইনাৰ হিচাপে তেওঁ কেতিয়াও বিবেচনা কৰা নাছিল যে যেতিয়া সামগ্ৰীটো আৰু ব্যৱহাৰযোগ্য নহয় আৰু আৱৰ্জনা হৈ পৰে তেতিয়া কি হয়।৭ এতিয়া তেওঁ পৰিৱেশ সুৰক্ষা আৰু নিষ্কাশন আৰু পুনঃব্যৱহাৰৰ চাকৰি প্ৰদানৰ মাধ্যম হিচাপে তেওঁলোকৰ সামগ্ৰীত কি আছে আৰু কেনেকৈ বিভাজিত কৰিব পাৰি তাৰ তথ্য যোগান ধৰিবলৈ পৰামৰ্শ দিয়ে।৮ তেওঁ "ঔদ্যোগিক পৰিৱেশ বিজ্ঞান"ক প্ৰচাৰ কৰে আৰু কৰ্পৰেট সত্তাসমূহে পণ্যৰ জীৱনচক্ৰৰ ওপৰত পৰিৱেশ প্ৰভাৱৰ মূল্যায়ন৯ কৰিবলৈ পৰামৰ্শ দিয়ে, যিটো পণ্যৰ মূল্য বৃদ্ধি আৰু পৰিৱেশৰ ওপৰত নেতিবাচক প্ৰভাৱ হ্ৰাস কৰাৰ উপায় হিচাপে।১০ তেওঁ ডাউ কেমিকেল কোম্পানী আৰু অন্যান্য কৰ্পৰেট সত্তাৰ সৈতে ছাষ্টেনেবিলিটি এক্সটাৰ্নেল এডভাইজাৰী কাউন্সিলত কাম কৰে।৩
তথ্যসূত্ৰ
- ↑ Seetha M. Coleman-Kammula. Find the Data
- ↑ (11 February 2008). Dr. Seetha Coleman-Kammula. Plastics News
- ↑ (2013). Seetha Coleman-Kammula, PhD. International Recycling
- ↑ Hardman 2009, পৃ. 136-137
- ↑ Hardman 2009, পৃ. 106
- ↑ Hardman 2009, পৃ. 135
- ↑ Hardman 2009, পৃ. 137
- ↑ Dobransky, Megan. What is a Producer's Responsibility?. Earth 911
- ↑ Senge, et al. 2008, পৃ. 216
- ↑ (21 January 2014). DSU to Host Guest Lecture Green Chemistry in Ag/Industry Jan. 23. Delaware State University
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সীতা কলমেন-কম্মুলা” প্ৰবন্ধৰ সংশোধন ৪৯৭৩৬৬ (২৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।