জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
সুচিত্ৰা মিত্ৰ
সুচিত্ৰা মিত্ৰ (জন্ম:১৯ ছেপ্টেম্বৰ ১৯২৪ – মৃত্যু: ৩ জানুৱাৰী ২০১১) এগৰাকী ভাৰতীয় গায়িকা, সুৰকাৰ, ৰবীন্দ্ৰ সংগীতৰ শিল্পী, অধ্যাপিকা আৰু কলকাতাৰ প্ৰথম মহিলা শ্বেৰিফৰ আছিল। এগৰাকী শিক্ষাবিদ হিচাপে তেওঁ ১৯৮৪ চনলৈকে ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ অধ্যাপিকা আৰু ৰবীন্দ্ৰ সংগীত বিভাগৰ মুৰব্বী আছিল।
-
সুচেতা ভিড়ে চাপেকৰ
সুচেতা ভিদে চাপেকাৰ ( Sucheta Bhide Chapekar; জন্ম: ৬ ডিচেম্বৰ ১৯৪৮) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু কৰিঅ’গ্ৰাফাৰ। তেওঁ ভাৰতনাট্যমৰ এগৰাকী গুৰু। শাস্ত্ৰীয় নৃত্যৰ শিক্ষা আৰু প্ৰসাৰৰ সৈতে জড়িত ন্যাস "কলাবৰ্ধিনী"ৰ প্ৰতিষ্ঠাপক, য'ত তেওঁ ভাৰতনাট্যমৰ শিক্ষাও দিয়ে।
-
সুজাতা চাহু
সুজাতা চাহু (Sujata Sahu) এগৰাকী ভাৰতীয় সামাজিক উদ্যোগী ৷ শিক্ষয়িত্ৰী হিচাপে কাম কৰি তেওঁ ১৭০০০ ফুট ফাউণ্ডেচন স্থাপন কৰিছিল। লাডাখ আৰু ছিকিমৰ দুৰ্গম গাঁওসমূহত বিদ্যালয়ৰ অৱস্থা উন্নত কৰাৰ উদ্দেশ্যেৰে এই ফাউণ্ডেচন স্থাপন কৰা হৈছিল।
-
সুজাতা দে
সুজাতা চৌধুৰী (ইংৰাজী: Sujata Choudhury; জন্ম: ২৭ জুন, ১৯৮৪), আৰু চিত্ৰনাট্যকাৰ। ইছা ৰায়েৰ ৱেব ছিৰিজ দ্য মিচএডভেন্সাৰ্ছ অৱ অকৱাৰ্ড ব্লেক গাৰ্ল (২০১১-২০১৩)-ত চিচি আৰু ইনচিকিউৰত ছাৰাৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ সৰ্বাধিক পৰিচিত।
-
সুজাতা মনোহৰ
সুজাতা বসন্ত মনোহৰ (Sujata Manohar, জন্ম-২৮ আগষ্ট ১৯৩৪) হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আৰু ভাৰতৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ প্ৰাক্তন সদস্য।
-
সুজাতা মহপাত্ৰা
সুজাতা মহপাত্ৰা (: Sujata Mohapatra; জন্ম: ২৭ জুন ১৯৬৮) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু ওডিচি নৃত্য শৈলীৰ শিক্ষয়িত্ৰী।
-
সুজাতা শৰ্মা
সুজাতা শৰ্মা:Sujata Sharma এগৰাকী ভাৰতীয় গঠনমূলক জীৱবিজ্ঞানী, জৈৱপদাৰ্থবিজ্ঞানী, লেখিকা আৰু দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ জৈৱপদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপিকা। প্ৰটিনৰ গঠন, ঔষধৰ ডিজাইন আৰু বেক্টেৰিয়াৰ ঔষধ প্ৰতিৰোধৰ ক্ষেত্ৰত অধ্যয়নৰ বাবে তেওঁ পৰিচিত।
-
সুজাতা ৰামদ'ৰাই
সুজাতা ৰামদ'ৰাই (জন্ম-১৯৬২) হৈছে এগৰাকী বীজগণিতীয় সংখ্যাৰ তত্ত্ববিদ। তেখেতক জনা যায় ইৱাশ্বাৱা তত্ত্বলৈ আগবঢ়োৱা অৱদানৰ বাবে। তেখেত কানাডাৰ ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰ অংকৰ এগৰাকী অধ্যাপক আৰ "কানাডাৰ গৱেষণা পদ"ৰো (Canada Research Chair) অধিকাৰী।তেখেত "টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল…
-
সুজাথা সিং
সুজাথা সিং (:Sujatha Singh; জন্ম জুলাই ১৯৫৪) আই এফ এছ কেডাৰৰ এগৰাকী ভাৰতীয় চৰকাৰী কৰ্মচাৰী যিয়ে ২০১৩ চনৰ আগষ্টৰ পৰা ২০১৫ চনৰ জানুৱাৰীলৈকে ভাৰতৰ বৈদেশিক সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ জাৰ্মানীত ভাৰতৰ ৰাষ্ট্ৰদূত আছিল (২০১২–২০১৩)।
-
সুজিত দাস
সুজিত দাস (Sujit Das) অসমৰ নগাঁও জিলাত জন্মগ্ৰহণ কৰা এগৰাকী সমকালীন ভাৰতীয় চিত্ৰশিল্পী।
-
সুজিতা বস্নেত
সুজিতা বস্নেত (নেপালী: सुजिता बस्नेत; জন্ম ১০ মে' ১৯৯৩) এগৰাকী আমেৰিকান-নেপালী সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আৰু ব্যৱস্থাপনা পৰামৰ্শদাতা, যিয়ে ২০১১ চনৰপৰা ২০২১ চনলৈকে বহুতো সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। তেওঁক মিছ ইউনিভাৰ্ছ নেপাল ২০২১ৰ মুকুট পিন্ধোৱা হৈছিল।
-
সুতপা চক্ৰৱৰ্তী
সুতপা চক্ৰৱৰ্তী (Sutapa Chakraborty, জন্ম: ১১ ছেপ্টেম্বৰ ১৯৯১) এগৰাকী ভাৰতীয় কবি আৰু সাহিত্যিক। ২০২৪ চনত তেওঁ দেৰাজে হলুদ ফুল, গতজন্ম শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে বাংলা ভাষাৰ সাহিত্য অকাডেমি যুৱ বঁটা লাভ কৰে।
-
সুদেষ্ণা সিন্হা
সুদেষ্ণা সিন্হা (Sudeshna Sinha) মোহালিৰ ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানৰ এগৰাকী অধ্যাপিকা। তেওঁ এক দশকতকৈও অধিক কাল চেন্নাইত অৱস্থিত গাণিতিক বিজ্ঞান প্ৰতিষ্ঠানত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ গৱেষণাৰ মূল ক্ষেত্ৰ হৈছে 'অৰৈখিক পদাৰ্থ বিজ্ঞান (nonlinear physics)'।
-
সুধা ভট্টাচাৰ্য
সুধা ভট্টাচাৰ্য (জন্ম ৭ মাৰ্চ ১৯৫১) এগৰাকী ভাৰতীয় শিক্ষাবিদ, বিজ্ঞানী আৰু লেখিকা। মূলতঃ এমিবিয়াছিছৰ সৃষ্টি কৰা পৰজীৱী প্ৰ’ট’জ’য়া এনটাম’বা হিষ্ট’লাইটিকাৰ বিষয়ে কৰা গভীৰ অধ্যয়নৰ বাবে তেওঁ স্বীকৃতি লাভ কৰিছে। ড° ভট্টাচাৰ্যৰ পৰীক্ষাগাৰে প্ৰথমে পৰজীৱীৰ বিষয়ে অধ্যয়ন কৰাৰ সময়ত চাৰ্কুলাৰ ডি. এন.
-
সুধা মালহোট্ৰা
সুধা মালহোত্ৰা ( Sudha Malhotra) ৩০ নৱেম্বৰ ১৯৩৬ চনত নতুন দিল্লীত জন্ম গ্ৰহণ কৰা এগৰাকী ভাৰতীয় কথাছবিৰ নেপথ্য সংগীত গায়িকা। গায়কীৰ উপৰিও তেওঁ বলীউডৰ কেইখনমান ছবিত অভিনয় কৰিছিল৷ নেপথ্য গায়িকা হিচাপে ১৯৫০ আৰু ১৯৬০ চনৰ বলীউডৰ জনপ্ৰিয় চিনেমা যেনে, আৰজু, ধূল কা ফুল, অব দিল্লী দুৰ নেহী, গাৰ্ল…
-
সুধা যাদৱ
সুধা যাদৱ (Sudha Yadav; জন্ম: ১৬ অক্টোবৰ ১৯৬৫) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ সংসদীয় ব'ৰ্ডৰ সদস্য।
-
সুধাংশুবালা হাজৰা
সুধাংশুবালা হাজৰা এগৰাকী ভাৰতীয় অধিবক্তা আছিল, যি ভাৰতৰ মহিলাসকলক উকীল হিচাপে নামভৰ্তি কৰিব পৰাকৈ এক উল্লেখযোগ্য গোচৰ আৰু অভিযান চলাইছিল৷ তেওঁ অধিবক্তা, ৰাজনীতিবিদ, ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতা মধুসুধন দাসৰ দত্তক কন্যা আৰু বিখ্যাত শিক্ষাবিদ আৰু ৰাজনীতিবিদ শৈলবালা দাসৰ ভগ্নী।
-
সুনন্দা নায়াৰ
সুনন্দা নায়াৰ (ইংৰাজী: Sunanda Nair) হৈছে এগৰাকী ভাৰতীয় নৃত্যশিল্পী। সুনন্দা হৈছে মোহিনীঅট্টমৰ এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত শিল্পী। মুম্বাই বিশ্ববিদ্যালয়ৰ সৈতে জড়িত নালন্দা নৃত্য কলা মহাবিদ্যালয়ৰ পৰা এই নৃত্যত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
-
সুনয়না (অভিনেত্ৰী)
সুনয়না য়েল্লা (Sunaina Yella; জন্ম: ১৭ এপ্ৰিল ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ পেছাগতভাৱে সুনয়না নামেৰে পৰিচিত। তেওঁ প্ৰধানকৈ তামিল আৰু তেলুগু ছবিত কাম কৰে। কুমাৰ বনাম কুমাৰী (২০০৫) ছবিৰে তেলেগু ভাষাত আৰু কাধলিল ভিজুণ্টেন (২০০৮) ছবিত অভিনয়েৰে তামিল ছবিজগতত অভিষেক ঘটায়।
-
সুনয়না হাজাৰিলাল
সুনয়না হাজাৰিলাল অগ্ৰৱাল ( Sunayana Hazarilal Agarwal ) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু কথকৰ শাস্ত্ৰীয় নৃত্যৰ ক্ষেত্ৰত তেওঁৰ বিশেষজ্ঞতাৰ বাবে জনা যায়। কোৱা হয় যে কথকৰ জানকীপ্ৰসাদ ঘৰানা বা বেনাৰস ঘৰানাৰ তেওঁৰ একমাত্ৰ জীৱিত অনুশীলনকাৰী।
-
সুনিতা দেৱী
সুনিতা দেৱী (১৮৯৭ – ৩ নৱেম্বৰ ১৯৩২)ৰ প্ৰকৃত নাম আৰ্মিনা পীৰভয়, তেওঁক সাধাৰণতে সুনিতা বুলি জনা যায়। তেওঁ লণ্ডনৰ ভাস্কৰ্যশিল্পী জেকব এপষ্টাইনৰ ভাস্কৰ্যৰ এগৰাকী মডেল আছিল। ১৯৩২ চনৰ ৩ নৱেম্বৰত ভাৰতত হোৱা তেওঁৰ মৃত্যুক এক ৰাজনৈতিক হত্যা বুলি বিশ্বাস কৰা হয়।
-
সুনী তাৰাপোৰেবালা
সুনী তাৰাপোৰেবালা (Sooni Taraporevala; জন্ম: ১৯৫৭) এগৰাকী ভাৰতীয় চিত্ৰনাট্যকাৰ, ফটোগ্ৰাফাৰ আৰু চলচ্চিত্ৰ নিৰ্মাতা যি মিচিচিপি মছলা, দ্য নেমচেক আৰু অস্কাৰৰ বাবে মনোনীত ছালাম বম্বে! , এই সকলোবোৰ পৰিচালিত মীৰা নায়াৰৰ চিত্ৰনাট্যকাৰ।
-
সুনীতা কাম্বলে
সুনীতা কাম্বলে এগৰাকী পশু চিকিৎসক আৰু দলিত মহিলা। তেওঁ ২০১৭ চনত উইমেন ট্ৰেন্সফৰ্মিং ইণ্ডিয়া বঁটাৰদ্বাৰা স্বীকৃতিপ্ৰাপ্ত এগৰাকী ভাৰতীয় ছাগলীৰ পশু চিকিৎসক। সুনীতা কাম্বলেৰ ঘৰ মহাৰাষ্ট্ৰৰ ম্হাছৱাদত। এই সমগ্ৰ অঞ্চলটো খৰাং পৰিস্থিতিত পৰি ক্ষতিগ্ৰস্ত হোৱা।
-
সুনীতা দুলাল
সুনীতা দুলাল (ইংৰাজী: Sunita Dulal, নেপালী: सुनिता दुलाल; জন্ম: ২৮ নৱেম্বৰ, ১৯৮৫) নেপালৰ কাঠমাণ্ডুৰ এগৰাকী বিশিষ্ট নেপালী লোক-গায়িকা। জন্ম সিন্ধুলপালচক জিলাৰ জলবিৰেত তেওঁৰ জন্ম হৈছিল। যোৱা দহ বছৰে নেপালী লোক-সংগীত আৰু আধুনিক গীত গাই আহিছে। সুনীতা দুলাল এগৰাকী বহু প্ৰতিভাসম্পন্ন নেপালী যুৱতী।
-
সুনীতা দেৱী (ৰাজমিস্ত্ৰী)
সুনীতা দেৱী (: Sunita Devi জন্ম ১৯৮০); এগৰাকী ভাৰতীয় ৰাজমিস্ত্ৰী যিয়ে শৌচাগাৰ নিৰ্মাণৰ বাবে সন্মানিত হয়। তেওঁৰ গাঁৱত ৯০% মহিলাৰ শৌচাগাৰৰ সুবিধা নাছিল। তেওঁৰ পৰিশ্ৰমৰ ফলত, এতিয়া সকলোৰে বাবে শৌচালয়ৰ সুবিধা উপলব্ধ হৈছে। ২০১৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক নাৰী শক্তিপুৰস্কাৰ বঁটা প্ৰদান কৰিছিল।
-
সুনীতা মণি
সুনীতা মণি (ইংৰাজী: Sunita Mani; জন্ম: ১৩ ডিচেম্বৰ, ১৯৮৬) এগৰাকী আমেৰিকান অভিনেত্ৰী, নৃত্যশিল্পী আৰু কৌতুক অভিনেত্ৰী। তেওঁ বিশেষকৈ ইউএচএ নেটৱৰ্কৰ ড্ৰামা ধাৰাবাহিক মিষ্টাৰ ৰবটত (২০১৫–২০১৭) ট্ৰেণ্টন আৰু নেটফ্লিক্সৰ কমেডী ধাৰাবাহিক গ্ল’ত (২০১৭–২০১৯) আৰ্থি প্ৰেমকুমাৰৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে জনাজাত।
-
সুনীতা ৰাণী
সুনীতা ৰাণী (ইংৰাজী: Sunita Rani; জন্ম: ৪ ডিচেম্বৰ ১৯৭৯) পঞ্জাবৰ এগৰাকী ভাৰতীয় এথলীট। তেওঁ ২০০২ চনৰ এছিয়ান গেমছত ১৫০০ মিটাৰ দৌৰত সোণৰ পদক আৰু ৫০০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক জয় কৰিছিল। ১৫০০ মিটাৰ দৌৰত তেওঁৰ ৪:০৬.০৩ ছেকেণ্ডৰ সময় এতিয়াও ভাৰতীয় ৰাষ্ট্ৰীয় অভিলেখ হৈ আছে।
-
সুনীতি ছলোমন
সুনীতি ছলোমন (Suniti Solomon; ১৯৩৮ বা ১৯৩৯ – ২৮ জুলাই, ২০১৫) এগৰাকী ভাৰতীয় চিকিৎসক আৰু অণুজীৱ বিজ্ঞানী আছিল যিয়ে এইড্ছ গৱেষক আৰু ১৯৮৫ চনত ভাৰতৰ চেন্নাইত প্ৰথম ভাৰতীয়ৰ এইড্ছ ৰোগ পোহৰলৈ অহাৰ পিছত এইড্ছ প্ৰতিৰোধৰ পথিকৃৎ।
-
সুনীতি নামযোশী
সুনীতি নামযোশী (Suniti Namjoshi; জন্ম:১৯৪১) হৈছে এগৰাকী কবি আৰু কাহিনী কথক। ব্ৰিটিছ ভাৰতৰ অধীনত মুম্বাইত তেওঁৰ জন্ম হৈছিল। মুম্বাইত ডাঙৰ-দীঘল হৈছিল যদিও কৰ্মসূত্ৰে সুনীতি কানাডাত আছিল আৰু বৰ্তমান তেওঁ তেওঁৰ ইংৰাজ লেখক স্বামী গিলিয়ান হেন্সকম্বৰ সৈতে ইংলেণ্ডৰ দক্ষিণপশ্চিমাঞ্চলত বাস কৰে।
-
সুনেত্ৰা অজিত পাৱাৰ
সুনেত্ৰা অজিত পাৱাৰ ( Sunetra Ajit Pawar; জন্ম: ১৮ অক্টোবৰ ১৯৬৩) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। সম্প্ৰতি তেওঁ নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ পৰা মহাৰাষ্ট্ৰৰ পৰা ৰাজ্যসভাৰ সংসদ কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ মহাৰাষ্ট্ৰৰ দুগৰাকী উপ-মুখ্যমন্ত্ৰীৰ ভিতৰৰ অন্যতম অজিত পাৱাৰৰ পত্নী।