সুগন্ধা সন্তোষ মিশ্ৰা (ইংৰাজী ভাষা: Sugandha Santosh Mishra; জন্ম: ২৩ মে' ১৯৮৮) ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন জগতৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী, নেপথ্য গায়িকা, টেলিভিছন পৰিৱেশিকা, কৌতুক অভিনেত্ৰী আৰু ৰেডিঅ' জকী। তেওঁ দ্য কপিল শৰ্মা শ্ব' ত কৰা অভিনয়ৰ বাবে পৰিচিত। টেলিভিছন ৰিয়েলিটী শ্ব' দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জত কৰা অভিনয়ৰ বাবেও তেওঁ বিশেষভাৱে চৰ্চিত হৈছিল।১২
ব্যক্তিগত জীৱন
সুগন্ধা মিশ্ৰাৰ জন্ম ১৯৮৮ চনৰ ২৩ মে'ত পঞ্জাবৰ জলন্ধৰত হৈছিল। তেওঁৰ পিতৃ-মাতৃ হ'ল সন্তোষ মিশ্ৰা আৰু সবিতা মিশ্ৰা। তেওঁ অমৃতসৰৰ গুৰু নানক দেৱ বিশ্ববিদ্যালয় আৰু জলন্ধৰৰ এপিজে কলেজ অৱ ফাইন আৰ্টছত নামভৰ্তি কৰিছিল, য'ৰপৰা তেওঁ সংগীতত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। শৈশৱৰেপৰাই তেওঁ সংগীতৰ প্ৰতি আকৰ্ষিত আছিল কিয়নো তেওঁৰ পৰিয়াল ইন্দোৰ ঘৰানাৰ অন্তৰ্গত। তেওঁ তেওঁৰ পৰিয়ালৰ চতুৰ্থ প্ৰজন্মৰ কণ্ঠশিল্পী; তেওঁ নিজৰ ককাক পণ্ডিত শংকৰ লাল মিশ্ৰাৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষণ লৈছিল যি ওস্তাদ আমিৰ খান চাহিবৰ শিষ্য আছিল। তেওঁ ২০২৩ চনৰ ১৪৯ তম হৰিবল্লভ সংগীত সন্মিলনত সংগীত পৰিৱেশন কৰিছে।৩
২০২১ চনৰ ২৬ এপ্ৰিলত তেওঁ সহ-অভিনেতা তথা কৌতুক অভিনেতা সংকেত ভোচলেৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৪৫ ২০২৩ চনৰ ১৫ ডিচেম্বৰত তেওঁলোকৰ কন্যা সন্তান ইহানাৰ জন্ম হয়।
কেৰিয়াৰ
সুগন্ধাই ৰেডিঅ' জকী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ভাৰতৰ বিগ এফএম ৯২.৭-ত কাম কৰিছিল। তাৰ পিছত তেওঁ কণ্ঠশিল্পী হিচাপে কেৰিয়াৰ আৰম্ভ কৰে আৰু বহুতো জিঙ্গল, ভজনৰ লগতে বিভিন্ন তথ্যচিত্ৰ, নাটক আৰু চুটি ছবিত গীত গাইছিল। তেওঁ বিখ্যাত টিভি ৰিয়েলিটী শ্ব' সা ৰে গা মা পা ছিংগিং ছুপাৰষ্টাৰত এগৰাকী প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল আৰু অনুষ্ঠানটোত তৃতীয় ৰানাৰ্ছ-আপ হৈছিল। ইয়াৰ পিছত তেওঁ টিভি কমেডী শ্ব' দ্য গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জত অংশগ্ৰহণ কৰি চূড়ান্ত প্ৰতিযোগীসকলৰ এজন হিচাপে পৰিগণিত হয়।
ইয়াৰ উপৰি তেওঁ শ্ৰী আৰু কামাল ধামাল মালামালৰ দৰে বলীউডৰ ছবিতো কণ্ঠদান কৰিছে। তেওঁ বহুতো অনুষ্ঠানৰ আঁত ধৰিছে।
২০১৪ চনত হিৰোপণ্তী ছবিৰ জৰিয়তে তেওঁ এটা সহযোগী চৰিত্ৰত অভিনয় কৰি ডাঙৰ পৰ্দাত আত্মপ্ৰকাশ কৰে। তেওঁ ডান্স প্লাছ, আইপিএল এক্সট্ৰা ইনিং, বাল বীৰ, দ্য কপিল শৰ্মা শ্ব', দ্য ড্ৰামা কোম্পানী আদি বহুতো টিভি অনুষ্ঠানত অভিনয় কৰিছে।
তেওঁ ২০০৮ চনৰ ১৩৩ তম হৰিবল্লভ সন্মিলনত অংশগ্ৰহণ কৰিছিল, য'ত তেওঁ খেয়াল গায়ন, ঠুমৰী আৰু টপ্পাৰ জৰিয়তে এক সুন্দৰ অনুষ্ঠান পৰিৱেশন কৰিছিল।
তথ্যসূত্ৰ
- ↑ (31 October 2020). I have developed a certain penchant for hosting television shows: Sugandha Mishra on doing Taare Zameen Par - Times of India. The Times of India
- ↑ (2020-08-31). Bigg Boss 14: Sugandha Mishra to Participate in Salman Khan's Show?. News18
- ↑ Ms. Sugandha Mishra Harivallabh Sangeet Sammelan 2023
- ↑ (27 April 2021). Sugandha Mishra ties the knot with Sanket Bhosale, first picture of newlyweds shared by Preeti Simoes. Hindustan Times
- ↑ The Kapil Sharma Show fame Sugandha Mishra and Dr. Sanket Bhosale get married; see photo of the newlywed couple. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুগন্ধা মিশ্ৰা” প্ৰবন্ধৰ সংশোধন ৫৯২৯৫৪ (২৩ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।