অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুখদা প্ৰীতম

সুখদা প্ৰীতম (Sukhda Pritam) এগৰাকী ভাৰতীয় ন্যায়াধীশ৷ তেওঁ ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা ভাৰতৰ উচ্চতম ন্যায়ালয়ত গৱেষণা আৰু পৰিকল্পনা কেন্দ্ৰৰ সঞ্চালিকা হিচাপে কৰ্মৰত। ২০২০-২১ চনত তেওঁ হাৰিয়ানা ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ যুটীয়া সদস্য সচিব হিচাপে থাকে।

হালনাগাদ: ৫ মাৰ্চ ২০২৫ ৩০৮ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

সুখদা প্ৰীতম (Sukhda Pritam) এগৰাকী ভাৰতীয় ন্যায়াধীশ৷ তেওঁ ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা ভাৰতৰ উচ্চতম ন্যায়ালয়ত গৱেষণা আৰু পৰিকল্পনা কেন্দ্ৰৰ সঞ্চালিকা হিচাপে কৰ্মৰত। ২০২০-২১ চনত তেওঁ হাৰিয়ানা ৰাজ্যিক আইনী সেৱা প্ৰাধিকৰণৰ যুটীয়া সদস্য সচিব হিচাপে থাকে। ইয়াৰ উপৰিও তেওঁ দিল্লীৰ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত দুবছৰ উপ-পঞ্জীয়ক(ন্যায়িক) আছিল।১ হাৰিয়ানা কেডাৰৰ পৰা তেওঁ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ। ইয়াৰ পূৰ্বে ২০১৬ চনৰ ১৯ এপ্ৰিলৰ পৰা জিলা আদালত শোণিপতত অতিৰিক্ত দেৱানী ন্যায়াধীশ (জ্যেষ্ঠ) বিভাগ সহ ন্যায়িক দণ্ডাধীশ হিচাপে তেওঁক নিযুক্তি দিয়া হৈছিল।২ তেওঁৰ পিতৃ ন্যায়াধীশ প্ৰীতম পাল উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰু পিছত তেওঁক হাৰিয়ানাৰ দুৰ্নীতি বিৰোধী ন্যায়াধীশ লোকায়ুক্ত হিচাপে নিযুক্তি দিয়া হয়। লোকায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত তেওঁৰ পিতৃয়ে ২০১৬ চনৰ ১৮ জানুৱাৰীত সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰে। ২০১৬ চনৰ ১৩ এপ্ৰিলত তেওঁক চণ্ডীগড়ৰ পৰা শোণিপতলৈ বদলি আৰু পদোন্নতি দিয়া হয়।৩

বিচাৰক

ন্যায়াধীশ হিচাপে যোগদান কৰি পঞ্চকুলা জিলা আদালতত সুখদা প্ৰীতমে নিযুক্তি লাভ কৰে। তাত প্ৰায় ৬ মাহ সময় কাৰ্যনিৰ্বাহ কৰিছিল আৰু তাৰ পিছত তেওঁক ডেপুটেচনত চণ্ডীগড় জিলা আদালতলৈ বদলি কৰা হয়৪য'ত তেওঁ ২০১৬ চনৰ এপ্ৰিল মাহলৈকে কাৰ্যনিৰ্বাহ কৰে। তেখেতক কঠোৰ অনুশাসনৰ ন্যায়াধীশ হিচাপে জনা গৈছিল৫৬৷ দণ্ডাধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে জিলা আদালত চণ্ডীগড়ত ভিডিঅ' কনফাৰেন্সিং আৰম্ভ কৰা ন্যায়াধীশসকলৰ ভিতৰত তেওঁ অন্যতম আছিল।৭তেওঁ হাৰিয়ানাৰ এইচ জে চিৰ প্ৰতিষ্ঠাপক কুলদীপ বিষ্ণোইৰ বিচাৰকে ধৰি বহু হাই-প্ৰফাইল গোচৰ চম্ভালিছিল। পিছলৈ কুলদীপ বিষ্ণোইৰ অভিযোগ খাৰিজ কৰা হয়।৮২০১৫ চনত তেওঁ এজন অভিযুক্তৰ চিকিৎসা পৰীক্ষাৰ নিৰ্দেশ দিয়ে যি জিম্মাত থকাৰ সময়ত চণ্ডীগড় আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে।৯ অভিযুক্তৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে তেওঁক সমগ্ৰ অঞ্চলতে প্ৰশংসা কৰা হৈছিল।১০ মানৱ সৰবৰাহৰ সন্দৰ্ভত পঞ্জাৱৰ ৰাজ্যপাললৈ লিখা পত্ৰখনৰ বাবেও তেওঁক প্ৰশংসা কৰা হয় যাৰ বাবে চণ্ডীগড়ত সৰবৰাহৰ এক বৃহৎ কেলেংকাৰী বন্ধ হৈ পৰে। চণ্ডীগড়ৰ ঐতিহ্যমণ্ডিত আচবাব চুৰি কৰাৰ অভিযুক্তক তেওঁৰ সন্মুখত হাজিৰ কৰা হয়।১১

অধিবক্তা হিচাপে

ড° সুখদা প্ৰীতমে ন্যায়পালিকাত নিৰ্বাচিত হোৱাৰ পূৰ্বে ভাৰতৰ মাননীয় উচ্চতম ন্যায়ালয়ৰ সন্মুখত অধিবক্তা হিচাপে কাম কৰিছিল। উচ্চতম ন্যায়ালয়ত কেইদিনমানৰ বাবে কৰ্মৰত হৈ থকাৰ সময়ছোৱাত তেওঁ হাৰিয়ানা ৰাজ্যৰ ষ্টেণ্ডিং অধিবক্তা আছিল আৰু তেওঁৰ বহুতো ৰায়দানৰ কৃতিত্বৰ পাত্ৰ।১২

তথ্যসূত্ৰ

  1. ↑ National Green Tribunal
  2. ↑ History of Courts. Ecourts.gov.in
  3. ↑ एक सप्ताह में ज्यूडिशियरी में दूसरा बड़ा फेरबदल, 199 जजों के तबादले
  4. ↑ About District Court. Ecourts.gov.in
  5. ↑ (2014-04-09). महात्मा गांधी के अपमान पर मोदी और मेहरा के वकील अदालत में देंगे जवाब. www.bhaskar.com
  6. ↑ Court frames charges against Kuldeep Bishnoi, 26 others in assault case. Timesofindia.indiatimes.com
  7. ↑ The Tribune
  8. ↑ Kuldeep Bishnoi, 24 party men to be tried for damaging property as well. Hindustan Times
  9. ↑ cslra.in/wp-content/uploads/2015/09/Hindustan_Ti
  10. ↑ Life beyond ordinary. Therebelindian.com
  11. ↑ Dozen scrap dealers from city had links in Mumbai - dailypost.in. dailypost.in
  12. ↑ Anoop Sharma vs Exec.Eng.Pub.Health Division. Indiankanoon.org

সম্পৰ্কিত শ্ৰেণী

ন্যায়াধীশঅধিবক্তাভাৰতৰ মহিলা ন্যায়াধীশহাৰিয়ানাৰ ব্যক্তিভাৰতৰ ন্যায়াধীশআইনবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুখদা প্ৰীতম” প্ৰবন্ধৰ সংশোধন ৪৮৭২৪৪ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।