অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সীমান্ত ফুকন

সীমান্ত ফুকন অসমৰ এগৰাকী বিশিষ্ট নাট পৰিচালক,অভিনেতা আৰু নাট্য প্ৰশিক্ষক। বৰ্তমানলৈকে তেওঁ এশৰো অধিক নাটক পৰিচালনা কৰাৰ লগতে ভালেখিনি নাটকত অভিনয় কৰিছে। ১৯৮৯ চনত গুৱাহাটী দূৰদৰ্শনৰ যোগেদি সম্প্ৰসাৰিত হোৱা বনকোঁৱৰ সীমান্ত ফুকনৰ দ্বাৰা পৰিচালিত প্ৰথমখন টেলিনাট।

হালনাগাদ: ১১ আগষ্ট ২০২৬ ৩৭০ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

সীমান্ত ফুকন অসমৰ এগৰাকী বিশিষ্ট নাট পৰিচালক,অভিনেতা আৰু নাট্য প্ৰশিক্ষক।১ বৰ্তমানলৈকে তেওঁ এশৰো অধিক নাটক পৰিচালনা কৰাৰ লগতে ভালেখিনি নাটকত অভিনয় কৰিছে।২ ১৯৮৯ চনত গুৱাহাটী দূৰদৰ্শনৰ যোগেদি সম্প্ৰসাৰিত হোৱা বনকোঁৱৰ সীমান্ত ফুকনৰ দ্বাৰা পৰিচালিত প্ৰথমখন টেলিনাট। ১৯৯২ চনত ফুকন পৰিচালিত জ'কাৰ গুৱাহাটী দূৰদৰ্শন যোগে সম্প্ৰচাৰিত দ্বিতীয়খনি টেলিনাট।৩১৯৯৬ চনত সীমান্ত ফুকনে গুৱাহাটী দূৰদৰ্শন বাবে পৰিচালনা কৰা প্ৰথম খনি শিশু এডভেঞ্চাৰ ধাৰাবাহিক হ'ল জিতু নীতুৰ অভিযান।[4]

জন্ম আৰু বংশ পৰিচয়

১৯৬৭ চনৰ ৪ ডিচেম্বৰত যোৰহাট জিলাৰ তিতাবৰৰ জালুকণিবাৰীৰ এটি সংস্কৃতিবান পৰিয়ালত৪ ফুকনে জন্মগ্ৰহণ কৰিছিল। পিতৃ পূষ্প ফুকন আৰু মাতৃ ননী ফুকন। ফুকনৰ পিতৃ পূষ্প ফুকন এগৰাকী প্ৰবীণ মঞ্চ অভিনেতা আছিল।৩

ফুকনৰ জেষ্ঠ ভাতৃ প্ৰশান্ত ফুকন, জয়ন্ত ফুকন আৰু জেষ্ঠ ভগ্নী জোনা বৰুৱা ফুকনো মঞ্চশিল্প আৰু নাট্যকলাৰে জড়িত আছিল। সীমান্ত ফুকনৰ পত্নী গীতিকা ফুকন এগৰাকী অভিনেত্ৰী আৰু বৰ বিহুৱতী।ভিনিহিয়েক চিত্ৰশিল্পী ৰবীন বৰুৱা।

শিক্ষা

যোৰহাটৰ ন-আলি ঢেকীয়াজুলিৰ তিতাৰাম বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰপৰা স্কুলীয়া শিক্ষা সাং কৰি ফুকনে নন্দনাথ শইকীয়া মহাবিদ্যালয়ত কলেজীয়া শিক্ষা গ্ৰহণ কৰিছিল। কলেজত পঢ়ি থকা সময়ত তেওঁ ১৯৮৫ চনৰপৰা ১৯৮৭ চনলৈ একেৰাহে তিনি বছৰ শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল।৩

কৰ্মজীৱন

ঘৰখনৰ সাংস্কৃতিক পৰিবেশে সৰুৰেপৰাই ফুকনক প্ৰভাৱিত কৰিছিল। শৈশৱত তেওঁ স্থানীয় ৰাসত অংশগ্ৰহণ কৰিছিল। লাহে লাহে পৌৰাণিক আৰু শিশু নাটত অংশ লৈ তেওঁ অসমৰ নাট্য জগতত প্ৰৱেশ কৰে। কলেজীয়া সময়খিনিত অসম নাট্য সন্মিলন,অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (এন.এচ.ডি)ৰ অধীনত অনুষ্ঠিত বিভিন্ন নাট্য কৰ্মশালাত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। ফুকন পৰিচালিত বহুকেইখন নাটকে অসমৰ উপৰিও ৰাষ্ট্ৰীয় মঞ্চত প্ৰদৰ্শিত হৈ দৰ্শক-সমালোচকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। ফুকনে ভ্ৰাম্যমাণ থিয়েটাৰতো একাধিক নাটক সফলতাৰে পৰিচালনা কৰিছে। দূৰদৰ্শনৰ কেইবাখনো ধাৰাবাহিক, টেলিফিল্ম আৰু চুটি ছবি ফুকনে পৰিচালনা কৰিছে।৫

২০০৬ চনৰপৰা ফুকনে অসমৰ গোলাঘাট জিলাৰ দেৰগাঁওস্থিত নৰ্থ ইষ্ট থিয়েটাৰ একাডেমী (নেটা) ৰ সঞ্চালক ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।

অন্যান্য কীৰ্তি

  • ১৯৮৪ চনৰ পৰা ১৯৯৫ চনলৈ সদৌ অসম একাংক নাট প্ৰতিযোগিতাত ২৫ বাৰ শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ।৩
  • ১৯৯১ চনত মাদ্ৰাজত আৰু ১৯৯২ চনত নাগপুৰত অনুষ্ঠিত সন্মিলিত স্কুল সন্থাৰ বাৰ্ষিক অধিবেশন আৰু সদৌ ভাৰত স্কুল মহোৎসৱত অংশগ্ৰহণ আৰু পুৰস্কাৰ লাভ।৩
  • ১৯৯৫ চনত ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ৰ সাংস্কৃতিক বিভাগৰপৰা অসমৰ পৰম্পৰাগত নাট ভাওনা বিষয়ত গৱেষণাৰ বাবে ৰাষ্ট্ৰীয় বৃত্তি লাভ।৩
  • ২০২৬ চনৰ ৮ আগষ্টত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সীমান্ত ফুকনৰ নাট্যজীৱনক লৈ প্ৰকাশিত ‘সীমান্ত ফুকন—বৰ্ণময় নাট্যযাত্ৰাৰ বৰ্ণিল কথকতা’ শীৰ্ষক অভিনন্দন গ্ৰন্থখন উন্মোচন কৰা হয়। গ্ৰন্থখন নৰ্থ ইষ্ট থিয়েটাৰ একাডেমী, দেৰগাঁৱৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰী আৰু শুভাকাংক্ষীৰ উদ্যোগত প্ৰকাশিত হয়। গ্ৰন্থখনৰ সম্পাদক আছিল সাহিত্য অকাডেমী বঁটা প্ৰাপক সাহিত্যিক জয়ন্ত মাধৱ বৰা আৰু শিক্ষাবিদ ড° সুৰেন্দ্ৰ নাথ বড়া। গ্ৰন্থখনত সীমান্ত ফুকনৰ নাট্যজীৱন, নাট্যচিন্তা আৰু কৰ্মযাত্ৰাৰ লগতে তেওঁৰ সৈতে জড়িত ব্যক্তিসকলৰ স্মৃতি, অভিজ্ঞতা আৰু মূল্যায়ন সন্নিৱিষ্ট কৰা হৈছে।

উল্লেখযোগ্য কৰ্মৰাজি

পৰিচালিত নাটক:

  • বনকোঁৱৰ
  • জ'কাৰ
  • নিমাতী কইনা
  • ৰূপালীম
  • লভিতা
  • কমলা কুঁৱৰীৰ সাধু
  • উলংগ ৰজা
  • ৰস
  • ৰং
  • ভ্ৰমৰংগ
  • এটা প্ৰেমৰ গল্প
  • এদিন হঠাৎ
  • সুৱাগপুৰৰ এনিশা
  • কনকলতা
  • কিয়
  • অন্ধৰাজ
  • টেটুন তামুলী
  • শিয়ালী পালেগৈ ৰতনপুৰ
  • মই টুনিয়ে টুন টুনালো
  • লটকন কিয় কৰ এনেখন
  • নবৌৰ বিয়া
  • Divorce
  • ভয়
  • টীমৱৰ্ক
  • সেউজীয়া গাড়ী
  • এজন ৰজা আছিল
  • ধনবৰ আৰু ৰতনী
  • নীলা চৰাই
  • বিষয় হ'ব প্ৰেম
  • চিকাৰ দ্য ফৰেজ
  • খোলাং বুঢ়ী
  • চন্দ্ৰপ্ৰভা:মুক্তিৰ এটি গান
  • তাই হেনো পাটমাদৈ

পৰিচালিত টিভি চিৰিয়েল, ভিডিঅ' ছবি, চুটি ছবি

  • জিতু নীতুৰ অভিযান (কাহিনী:ৰঞ্জু হাজৰিকা, চিত্ৰনাট্য আৰু সংলাপ-অমূল্য কাকতি)
  • গোবৰধন চৰিত
  • জয়মতী
  • কমলা কুঁৱৰী
  • সেউজীয়া গাড়ী
  • অন্য আকাশ
  • পাপ
  • টিয়েৰ্চ অৱ ৰেইন আদি...

বঁটা আৰু সন্মান

  1. নাট্যশ্ৰী সন্মান-২০১০
  2. জীৱনজোৰা সংস্কৃতি সাধনা বঁটা-২০১১
  3. মায়া মিডিয়া বঁটা- ২০১৭
  4. দীপা গোস্বামী শিল্পী বঁটা - ২০১৮
  5. ৰাজ্যিক শিল্পী বঁটা-২০২১
  6. হৰিপদ চেতিয়া ৰাজ্যিক বঁটা-২০২৩

তথ্যসূত্ৰ

  1. ↑ (30 June, 2025). ঠেঙাল কছাৰী লোক সংস্কৃতিৰ আধাৰত ৰচিত নাটক "খোলাং বুঢ়ী" মঞ্চস্থ. ইটিভি ভাৰত এণ্টাৰটেনমেণ্ট টীম. www.etvbharat.com
  2. ↑ (12 July, 2022). Poorvottar Rashtriya Natya Samaroh - 2022. Ministry of Culture, Government of India. National School of Drama, Bengaluru Centre
  3. ↑ ষ্টাফ ৰিপৰ্টাৰ. (8 May, 1996). এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন যুৱ পৰিচালক. দৈনিক জনমভূমি
  4. ↑ Phukan, Simanta. (7 January 2008). Sense and Simplicity
  5. ↑ (10 November 2021). চুটি ছবিৰে দীঘল বাটত সীমান্ত ফুকন. প্ৰভাত বৰদলৈ. www.somoloy.org 6.'Kholang Burhi': A riveting theatrical tribute to Assam's Thengal Kachari heritage Kholang Burhi play honours Assam’s Thengal Kachari heritage through dance and music. The production highlights indigenous culture and history with powerful performances and symbolism.https://www.indiatodayne.in/entertainment/story/kholang-burhi-a-riveting-theatrical-tribute-to-assams-thengal-kachari-heritage-1242386-2025-07-10?utm_source=itneweb_story_share

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সীমান্ত ফুকন” প্ৰবন্ধৰ সংশোধন ৬২৬২৫০ (১১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।