অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সীমা সিং

সীমা সিং (ইংৰাজী: Seema Singh; হিন্দী: सीमा सिंह; জন্ম: ১১ জুন ১৯৯০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, চলচ্চিত্ৰ অভিনেত্ৰী, নৃত্যশিল্পী, মডেল আৰু দূৰদৰ্শনৰ পৰিচালিকা। তেওঁক হেলেন বা আইটেম কুইন বুলিও জনা যায়। সিং ভোজপুৰী চিনেমাৰ অন্যতম বিখ্যাত আইটেম গীতৰ নৃত্যশিল্পী।

হালনাগাদ: ২৪ মাৰ্চ ২০২৬ ১৮৫ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

সীমা সিং (ইংৰাজী ভাষা: Seema Singh; হিন্দী ভাষা: सीमा सिंह; জন্ম: ১১ জুন ১৯৯০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, চলচ্চিত্ৰ অভিনেত্ৰী, নৃত্যশিল্পী, মডেল আৰু দূৰদৰ্শনৰ পৰিচালিকা। তেওঁক হেলেন বা আইটেম কুইন বুলিও জনা যায়। সিং ভোজপুৰী ভাষা চিনেমাৰ অন্যতম বিখ্যাত আইটেম গীতৰ নৃত্যশিল্পী। তেওঁ ভোজপুৰী চলচ্চিত্ৰত নিজৰ কেৰিয়াৰ প্ৰতিষ্ঠা কৰিছে আৰু ভোজপুৰী ফিল্ম এৱাৰ্ডছকে ধৰি কেইবাটাও বঁটা লাভ কৰিছে।১২৩

ব্যক্তিগত জীৱন

সীমা সিং ২০১৯ চনৰ ১৩ মাৰ্চত বিহাৰৰ শ্বেখপুৰা জিলাৰ বৰবিঘাৰ এজন ব্যৱসায়ী সৌৰভ কুমাৰ সিঙৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।৪৫ তেওঁলোকৰ শিৱায় নামৰ এজন পুত্ৰ সন্তান আছে।৬৭

কেৰিয়াৰ

ৰাজনৈতিক কেৰিয়াৰ

২০২৩ চনৰ ৪ এপ্ৰিলত সীমা সিঙে তেওঁৰ স্বামী তথা ব্যৱসায়ী সৌৰভ কুমাৰ সিঙৰ সৈতে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি চিৰাগ পাছৱানৰ উপস্থিতিত লোক জনশক্তি পাৰ্টি (ৰাম বিলাস)ত যোগদান কৰে।৮৯১০ তেওঁ কয় যে তেওঁ বিহাৰ ফাৰ্ষ্ট বিহাৰী ফাৰ্ষ্ট বিষয়টোৰ দ্বাৰা প্ৰভাৱিত হৈছে।১১

চলচ্চিত্ৰ কেৰিয়াৰ

সীমা সিঙে ২০০৮ চনত দিনেশ লাল যাদৱ নিৰহুয়া অভিনীত কঁহা জাইবা ৰাজা নামৰিয়া লৰাই কে নামৰ ছবিখনৰ জৰিয়তে এগৰাকী আইটেম গাৰ্ল হিচাপে আত্মপ্ৰকাশ কৰে।

ইয়াৰ পিছত তেওঁ ছোৰব না চাং তোহাৰ (২০১১), হম দো আনজানে (২০১১), হিৰো (২০১২), হিম্মতৱালা (২০১২), দিলেৰ (২০১৩), প্ৰেম দিৱানী (২০১৩), ৰাজা বাবু (২০১৫), বিজয়পথ (২০১৫), হম হায় লুটেৰে (২০১৭) আৰু ড্ৰিম জিন্দেগী (২০১৭) ছবিৰ আইটেম গীতসমূহত আইটেম গাৰ্ল হিচাপে অভিনয় কৰে।

তথ্যসূত্ৰ

  1. ↑ Gautam, Usha Wagle. Thousands attend musical programme on second day of Eid al-Fitr. Gulf Times
  2. ↑ (10 January 2017). Seema Singh wins Dancing Queen award. The Times of India. Bhojpurimedia.com
  3. ↑ (2022-09-01). भोजपुरी की आइटम क्वीन, जिसे लोग कहते हैं 'हेलेन'. www.aajtak.in
  4. ↑ (2020-03-13). Seema Singh celebrates first wedding anniversary with husband Saurav Kumar with a happy memory from their wedding day. The Times of India
  5. ↑ (2019-03-04). भोजपुरी फिल्मों की 'हेलन' सीमा सिंह इस बिजनेसमैन संग लेने जा रहीं सात फेरे, जानें उनकी दिलचस्प Love story. Patrika News
  6. ↑ (2021-08-05). Seema Singh pens an emotional note for hubby Saurav Kumar and son Shivaay. The Times of India
  7. ↑ (2021-07-13). Seema Singh celebrates son Shivaay's four months birthday; see pics. The Times of India
  8. ↑ Chirag Paswan: चाचा पारस प्रवक्ता ले गए तो भतीजे चिराग ने भोजपुरी की इस एक्ट्रेस को पार्टी में लाकर दिया जवाब. Amar Ujala
  9. ↑ Bhojpuri Actress: 'आइटम क्‍वीन' ने ज्‍वाइन की चिराग पासवान की LJPR, एक्‍ट्रेस ने इंस्‍टाग्राम पर दी जानकारी. Dainik Jagran
  10. ↑ Desk, Prabhat Khabar Digital. (2023-04-10). भोजपुरी अभिनेत्री ने ज्वाइन की चिराग पासवान की पार्टी, जानें कौन है सीमा सिंह. Prabhat Khabar
  11. ↑ (2023-04-04). भोजपुरी आइटम क्वीन की राजनीति में एंट्री, थामा चिराग पासवान की पार्टी का हाथ. Jansatta

সম্পৰ্কিত শ্ৰেণী

ভোজপুৰী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সীমা সিং” প্ৰবন্ধৰ সংশোধন ৫৯৩০৭৭ (২৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।