সীমৃতি হৰেশ বাথীজা (ইংৰাজী ভাষা: Simrithi Haresh Bathija; জন্ম: ৯ এপ্ৰিল ১৯৯৯) — এগৰাকী ভাৰতীয় মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। মিছ ইণ্ডিয়া ইণ্টাৰনেচনেল ২০১৯ হিচাপে তেওঁ জাপানৰ টকিঅ’ত অনুষ্ঠিত মিছ ইণ্টাৰনেচনেল প্ৰতিযোগিতাৰ ৫৯তম সংস্কৰণত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
শিক্ষা আৰু কেৰিয়াৰ
১৯৯৯ চনৰ ৯ এপ্ৰিলত এটা সিন্ধী হিন্দু পৰিয়ালত সীমৃতিৰ জন্ম হৈছিল আৰু তেওঁ মহাৰাষ্ট্ৰৰ থানেৰ ছেক্ৰেড হাৰ্ট স্কুলত শিক্ষা গ্ৰহণ কৰিছিল।১ তেওঁ মুম্বাইৰ জয় হিন্দ কলেজৰপৰা গণসংযোগত স্নাতক ডিগ্ৰী লাভ কৰিছে।২ তেওঁ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেন্সিং খেলুৱৈ আৰু ৰাজ্যিক পৰ্যায়ত ৰ’ল বল খেলিছে।৩ ইয়াৰ উপৰি তেওঁ এগৰাকী প্ৰশিক্ষিত নৃত্যশিল্পী আৰু ৪ বছৰ ধৰি ৰেডিঅ’ জকী হিচাপে কাম কৰিছে।৪
সীমৃতিক এমটিভি চেনেলৰ ৰিয়েলিটি শ্ব’ 'এলিভেটৰ পিচ'ৰ এটা খণ্ডত দেখা গৈছিল।৫ তেওঁ চিনেপলিছ (ইণ্ডিয়া)ৰ এটা টেলিভিছন বিজ্ঞাপনত অভিনয় কৰিছিল।৬ তেওঁ বিভিন্ন কাপোৰৰ ব্ৰেণ্ডৰ বাবে ফেশ্বন মডেল হিচাপে কাম কৰি আহিছে।৪
সৌন্দৰ্য প্ৰতিযোগিতা
২০১৭ চনত সীমৃতিক ইণ্ডিয়ান মডেল লুক প্ৰতিযোগিতাৰ এগৰাকী ফাইনেলিষ্ট হিচাপে নিৰ্বাচিত কৰা হৈছিল।৭ ১৯ বছৰ বয়সত তেওঁ এখন আঞ্চলিক সৌন্দৰ্য প্ৰতিযোগিতা 'মিছ মুম্বাই ২০১৮'ত জয়লাভ কৰে। তাৰ পিছৰ বছৰ তেওঁ গ্লামানন্দ ছুপাৰমডেল ইণ্ডিয়া প্ৰতিযোগিতাৰ বাবে অডিচন দিয়ে আৰু ফাইনেলিষ্ট হিচাপে নিৰ্বাচিত হয়। সমগ্ৰ ভাৰতৰপৰা অহা ১৯ গৰাকী ফাইনেলিষ্টে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। ২০১৯ চনৰ ২৯ ছেপ্টেম্বৰত জয়পুৰৰ জয় বাঘ পেলেচত এই প্ৰতিযোগিতাৰ গ্ৰেণ্ড ফিনালে অনুষ্ঠিত হয় আৰু বিদায়ী খিতাপধাৰী তনিষ্ঠা ভোচলেৰদ্বাৰা সীমৃতি বাথীজাক মিছ ইণ্ডিয়া ইণ্টাৰনেচনেল ২০১৯ৰ মুকুট পিন্ধোৱা হয়।৪ ইয়াৰ জৰিয়তে তেওঁ জাপানৰ টকিঅ'ত অনুষ্ঠিত মিছ ইণ্টাৰনেচনেল ২০১৯ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ যোগ্যতা অৰ্জন কৰে।৮
তথ্যসূত্ৰ
- ↑ (10 October 2019). Miss India Simrithi Bathija felicitated by her school.
- ↑ (13 October 2019). Simrithi Bathija is Miss India International 2019.
- ↑ (26 October 2019). Simrithi Bathija - Miss International 2019 contestant profile.. Miss International
- ↑ (7 October 2019). Glamanand Supermodel India 2019: Simrithi Bathija and Tanvi Malhara take the crown home.. Beauty High
- ↑ (22 December 2018). MTV Elevator Pitch - Season 01, Episode 11 (Friend Zone No More).. Voot
- ↑ (19 May 2019). The Cinépolites are here!. Cinépolis India
- ↑ (2 November 2017). Introducing Indian Model Look finalist Simrithi Bathija from Mumbai, Maharashtra.
- ↑ (1 October 2019). Glamanand Supermodel India 2019 contest winners.. First India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সীমৃতি বাথীজা” প্ৰবন্ধৰ সংশোধন ৫৯৯৮০০ (৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।