অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুখ বৰুৱা

ড° সুখ বৰুৱা (Sukha Baruah, ৩১ ডিচেম্বৰ ১৯৪৬ - ৩ ছেপ্টেম্বৰ ২০২৩) এগৰাকী ভাৰতীয় নাৰীবাদী, শিক্ষাবিদ, সাহিত্যিক তথা নাৰী শিক্ষাৰ বাটকটীয়া আছিল। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড° সুখ বৰুৱা বৃহত্তৰ মৰাণ অঞ্চলৰ স্ত্ৰী শিক্ষাৰ বাটকটীয়া ১৯৯২ চনত স্থাপিত মৰাণ মহিলা মহাবিদ্যালয়ৰ…

হালনাগাদ: ৫ জুন ২০২৫ ২০৫ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

ড° সুখ বৰুৱা (Sukha Baruah, ৩১ ডিচেম্বৰ ১৯৪৬ - ৩ ছেপ্টেম্বৰ ২০২৩) এগৰাকী ভাৰতীয় নাৰীবাদী, শিক্ষাবিদ, সাহিত্যিক তথা নাৰী শিক্ষাৰ বাটকটীয়া আছিল। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড° সুখ বৰুৱা বৃহত্তৰ মৰাণ অঞ্চলৰ স্ত্ৰী শিক্ষাৰ বাটকটীয়া ১৯৯২ চনত স্থাপিত মৰাণ মহিলা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। ২০১৩ বৰ্ষলৈকে শিক্ষানুষ্ঠানখনৰ দায়িত্বত থকা সুখ বৰুৱা মৰাণ অঞ্চলৰ কেইবাটাও ৰাজহুৱা অনুষ্ঠান আৰু শিক্ষানুষ্ঠানৰ প্ৰতিষ্ঠাৰ লগত জড়িত আছিল। লগতে তেওঁ অসম সাহিত্য সভা, সদৌ অসম মহিলা কবি মঞ্চ, পূৰ্বাঞ্চল টাই সাহিত্য সভা, মৰাণ আঞ্চলিক মহিলা মঞ্চ আদিৰ সৈতেও জড়িত আছিল। কেইবাখনো কবিতা, গল্প, প্ৰবন্ধ সংকলন, জীৱনীমূলক গ্ৰন্থ ৰচনা কৰা ড° বৰুৱাই ২০১৩ চনত অসম চৰকাৰৰ সাহিত্য বঁটা আৰু ২০১৪ চনত সাহিত্যিক পেন্সন লাভ কৰিছিল। ২০১৫ চনত তেওঁ অসম চৰকাৰৰ চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা লাভ কৰে। ২০১৭ চনত তেওঁ টাই আহোম যুৱ পৰিষদৰ বীৰাংগনা মূলাগাভৰু বঁটা লাভ কৰিছিল। ২০২৩ চনৰ ৩ ছেপ্টেম্বৰ তাৰিখে তেওঁৰ দেহাৱসান হয়।।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

শিৱসাগৰ জিলাৰ বেতবাৰীৰ বৰকুৰী চেতিয়া গাঁৱৰ এক নিম্ন মধ্যবিত্ত পৰিয়ালত ১৯৪৬ চনৰ ৩১ ডিচেম্বৰত সুখ বৰুৱাৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল স্বৰ্গীয় ফুলবৰ চেতিয়া আৰু মাতৃৰ নাম আছিল গুণলতা চেতিয়া। স্থানীয় বেতবাৰী প্ৰাথমিক বিদ্যালয়তে শিক্ষা জীৱন আৰম্ভ কৰিছিল। তাৰপিছত তেওঁ বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মাধ্যমিক শিক্ষা গ্ৰহণ কৰি শিৱসাগৰ মহাবিদ্যালয়ত নামভৰ্তি কৰে। তাৰপিছত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি উক্ত বিশ্ববিদ্যালয়ৰ পৰাই পৰৱৰ্তী সময়ত 'আহোম সকলৰ উৎসৱ-অনুষ্ঠান'ৰ বিষয়ে গৱেষণা কৰি পি. এইচ. ডি. ডিগ্ৰী লাভ কৰে।১

কৰ্মজীৱন

শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত তেওঁ অনুভৱ কৰিছিল যে ছোৱালীবোৰ শিক্ষিত আৰু সৱল হ’লেহে সমাজখন আগুৱাই যাব পাৰে। তেওঁ এককভাৱে মহিলা শিক্ষা আৰু সৱলীকৰণৰ বাবে একান্তভাৱে বিদ্যালয়, মহাবিদ্যালয়, বৃত্তিমূলক কেন্দ্ৰ স্থাপন কৰিছিল। ২২ বছৰ বয়সতে তেওঁ ১৯৬৮ চনত ‘বেতবাৰী আদৰ্শ উচ্চ মাধ্যমিক বালিকা বিদ্যালয় প্ৰতিষ্ঠা কৰি ১৯৭০ চনলৈকে প্ৰতিষ্ঠাপক প্ৰধান শিক্ষয়িত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বিবাহৰ পিছত তেওঁ মৰাণলৈ গুচি আহে আৰু ১৯৭৩ চনত মৰাণ বালিকা বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে আৰু ১৯৯২ চনলৈ তেওঁ এই বিদ্যালয়ৰ লগত জড়িত হৈ আছিল।১

শিক্ষাৰ প্ৰতি থকা স্পৃহাৰ বাবে তিনিটা সন্তানৰ মাতৃ হোৱাৰ পিছতো তেওঁ পঢ়া-শুনা অব্যাহত ৰাখিছিল আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা এম এ আৰু পি এইচ ডি সফলতাৰে সম্পূৰ্ণ কৰিছিল।

স্ত্ৰী শিক্ষাৰ বাবে সমাজলৈ অৰিহণা যোগাব লাগিব বুলি অনুভৱ কৰি তেওঁ স্থায়ী চাকৰি এৰিবলৈ কঠিন কিন্তু সাহসী সিদ্ধান্ত লৈ এককভাৱে ১৯৯২ চনত মৰাণত মহিলা শিক্ষাৰ প্ৰতিষ্ঠান ‘মৰাণ মহিলা মহাবিদ্যালয়' প্ৰতিষ্ঠা কৰে। ২১ বছৰে তেওঁ এই মহাবিদ্যালয়ৰ উত্তৰোত্তৰৰ বাবে অৰিহণা যোগাইছিল।

২০০১ চনত সমাজৰ অভাৱগ্ৰস্ত আৰু আৰ্তজনৰ বাবে এখন বিদ্যালয় “সংঘমিত্ৰা জাতীয় বিদ্যালয়” প্ৰতিষ্ঠা কৰে আৰু ইয়াৰ তেওঁ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে।১

মহিলাসকলৰ সাক্ষৰতা দক্ষতাক নিখুঁত কৰি সবলীকৰণৰ বাবে তেওঁ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ মৰাণ শাখা প্ৰতিষ্ঠা কৰি ইয়াৰ প্ৰতিষ্ঠাপক সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। চৰাইদেউ, শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাত সদৌ আসোম লেখিকা সমাৰোহ সমিতিৰ প্ৰায় ১৬টা শাখা স্থাপনৰ ক্ষেত্ৰত তেখেতৰ ভূমিকা যথেষ্ট। তেওঁ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কেন্দ্ৰীয় সমিতিলৈ নিৰ্বাচিত হয় আৰু ২০০৮ চনৰ পৰা ২০১৪ চনলৈকে কাৰ্য্যকৰী সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে।১

ৰাজ্যৰ মহিলা কবিসকলৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ২০১৬ চনত “সদৌ অসম মহিলা কবি মঞ্চ” নামৰ এক বিশেষ মঞ্চ স্থাপন কৰা হয় আৰু ২০২২ চনলৈকে তেওঁ প্ৰতিষ্ঠাপক সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।

ৰ গাঁৱত ড° সুখ বৰুৱা]]

মহিলা সবলীকৰণ

তেওঁ মহিলা সবলীকৰণ আৰু স্বাৱনিৰ্ভৰশীল কৰি তোলাৰ বাবে ১৯৯২ চনত "সংঘমিত্ৰা" (মৰাণ আঞ্চলিক মহিলা মঞ্চ) প্ৰতিষ্ঠা কৰি প্ৰতিষ্ঠাপক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰে। তেওঁ “সংঘমিত্ৰা হস্ততাঁত বয়নশিল্প প্ৰশিক্ষণ কেন্দ্ৰৰ”ৰ তত্ত্বাৱধানত বয়ন, চিলাই, কাটিং, ডিজাইনিং, টেইলাৰিং আৰু উৎপাদনৰ বাবে মহিলা বৃত্তিমূলক প্ৰশিক্ষণ আৰু উৎপাদন কেন্দ্ৰ স্থাপন কৰি ১৯৯২ চনৰ পৰা প্ৰতিষ্ঠাপক সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১

সাহিত্যিক জীৱন

সুখ বৰুৱায়ে শৈশৱৰ পৰায়ে সৃষ্টিশীল কৰ্মত নিয়োজিত হৈ কবিতা, গল্প আৰু জীৱনীমূলক প্ৰবন্ধৰে সপ্তম শ্ৰেণীত থাকোঁতেই সাহিত্য সৃষ্টিত প্ৰৱেশ কৰিছিল। তেওঁৰ বিভিন্ন তত্ত্বগধুৰ প্ৰবন্ধ, গল্প আৰু কবিতা আদি অসমৰ বিভিন্ন বাতৰি কাকত, আলোচনী আদিত লিখি আহিছে। তেওঁৰ প্ৰকাশিত আৰু সম্পাদিত গ্ৰন্থ সমূহ হৈছে-

প্ৰকাশিত গ্ৰন্থ

  • আহোমসকলৰ উৎসৱ-অনুষ্ঠান, গৱেষণা গ্ৰন্থৰ প্ৰকাশিত ৰূপ। প্ৰথম প্ৰকাশ মাৰ্চ ২০০৭, দ্বিতীয় প্ৰকাশ মাৰ্চ ২০১০, তৃতীয় প্ৰকাশ জুন ২০১২, চতুৰ্থ প্ৰকাশ জুলাই ২০১৩ আৰু পঞ্চম প্ৰকাশ (বনলতা প্ৰকাশন) ২০১৮।
  • বুৰঞ্জীয়ে পৰশা মধ্যযুগৰ সোণালী সুবাস, প্ৰবন্ধ সংকলন
  • টাই আহোমসকলৰ ঋতুকালীন উৎসৱ অনুষ্ঠান, প্ৰবন্ধ সংকলন।
  • টাই আহোমসকলৰ স্বকীয় ধৰ্মীয় পৰম্পৰা, প্ৰবন্ধ সংকলন।
  • প্ৰবন্ধ সমীক্ষণ, প্ৰবন্ধ সংকলন।
  • চিন্তা তৰংগ, প্ৰবন্ধ সংকলন।
  • নাৰী ৰত্ন, জীৱনী সংকলন। (প্ৰথম খণ্ড)
  • শতাব্দীৰ লেখিকা, প্ৰবন্ধ সংকলন
  • নাৰী ৰত্ন, জীৱনী সংকলন। (দ্বিতীয় খণ্ড)
  • ইতিহাস অনুধ্যান, প্ৰবন্ধ সংকলন।
  • প্ৰবন্ধ বিচিত্ৰা, প্ৰবন্ধ সংকলন।
  • নাৰী ৰত্ন, জীৱনী সংকলন। (তৃতীয় খণ্ড)
  • প্ৰসংগ: নাৰী, প্ৰবন্ধ সংকলন।
  • জীৱনৰ লগত জড়িত উৎসৱ-অনুষ্ঠান, প্ৰবন্ধ সংকলন।
  • শব্দৰ স'তে আলাপ, কবিতা সংকলন।
  • দূবৰিত নিয়ৰৰ মুকুতা সৰে, কবিতা সংকলন
  • শব্দ শিল্প, কবিতা সংকলন।
  • অপৰাজেয়, গল্প সংকলন।
  • অগ্নিস্নাতা চন্দ্ৰপ্ৰভা, প্ৰকাশৰ পথত।
  • প্ৰবন্ধ সৌৰভ, প্ৰকাশৰ পথত।১

বঁটা আৰু সন্মান

তেওঁ মৰাণ মহাবিদ্যালয়, ডিমৌ মহাবিদ্যালয় আৰু মৰাণ মহিলা মহাবিদ্যালয়ৰ পৰিচালন সমিতিৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ লগতে তেওঁ খোৱাং মহাবিদ্যালয়, পিথুবৰ বালিকা মহাবিদ্যালয়ৰ, নিতাই পুখুৰী মহাবিদ্যালয়ৰ আৰু মৰাণ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বিভিন্ন বিভিন্ন অনুষ্ঠান আৰু প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোত ভাৱে জড়িত আছিল। তেওঁক বিভিন্ন সংগঠনে 'ৰত্নগৰ্ভা', 'মৰাণ কুঁৱৰী', 'কৰ্মযোগী', 'প্ৰেৰণাময়ী', 'মহিয়সী', 'হাৰুনি ফামে (বোকাৰ পদুম) আৰু 'জাচিংফা' উপাধিৰে বিভূষিত কৰিছে। তেওঁ লাভ কৰা বঁটাসমূহ হ'ল:

  • পুৰ্ণিমা বৰুৱা বঁটা, সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ স্মাৰক সমিতি, ডিব্ৰুগড়, তৰফৰ পৰা (২০০০)
  • অসম চৰকাৰৰ সাহিত্য বঁটা, (২০১৩)
  • অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন, (২০১৪)
  • চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা, (২০১৫)২
  • বীৰাংগনা মূলাগাভৰু বঁটা, টাই আহোম যুৱ পৰিষদ অসম (২০১৭)
  • সমাজসেৱা আৰু সাহিত্যসেৱা বঁটা, সদৌ অসম লেখিকা সমাৰোহ সমিতি (২০১৮)
  • জীৱন সমৃদ্ধ বঁটা, মহাশয় ন্যাস (২০১৯)।
  • উইমেন এডুকেশ্যন এক্সেলেণ্ট এৱাৰ্ড, সৰ্বভাৰতীয় কবিয়ত্ৰী সন্মিলন, (All India Poetess Conference)১

ব্যক্তিগত জীৱন

ড° সুখ বৰুৱাৰ স্বামী শ্ৰীযুত বিনন্দ বৰুৱা এগৰাকী অৱসৰপ্ৰাপ্ত বিদ্যালয়সমূহৰ পৰিদৰ্শক। তিনিটা সন্তান ক্ৰমে ড° শ্যামল, উজ্জ্বল আৰু একমাত্ৰ কন্যা লিপি। বোৱাৰী ক্ৰমে মৌচুমী, প্ৰিয়ংকা আৰু জোঁৱাই হিমেনজ্যোতি ডেকা। সকলোৱেই উচ্চ শিক্ষিত আৰু প্ৰতিষ্ঠিত। বিয়াৰ পিছত তেওঁ মৰাণলৈ গুচি আহে আৰু পৰিয়ালৰ সৈতে প্ৰতাপ গগৈ পথ, উষাপুৰ, মৰাণহাটত বাস কৰিবলৈ আৰম্ভ কৰে। ২০২৩ চনৰ ৩ ছেপ্টেম্বৰ তাৰিখে ৭৬ বছৰ বয়সত নিজা বাসগৃহত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।১

তথ্যসূত্ৰ

  1. ↑ ৰত্নপ্ৰভা ড° সুখ বৰুৱা‍ঃ ব্যক্তিত্ব, সৃষ্টি আৰু সান্নিধ্য
  2. ↑ বৃত্তি আৰু পুৰস্কাৰ সমূহ. culturalaffairs.assam.gov.in. সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ, অসম চৰকাৰ

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিশিক্ষাবিদনাৰীবাদী লেখকঅসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুখ বৰুৱা” প্ৰবন্ধৰ সংশোধন ৫১৫১৪৯ (৫ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।