অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সীমা ভাটনাগৰ

সীমা ভাটনাগৰ (Seema Bhatnagar; জন্ম: সীমা শ্ৰীবাস্তৱ) হৈছে এগৰাকী ভাৰতীয় বিজ্ঞানী। তেখেতে প্ৰধানকৈ কেন্সাৰবিৰোধী ঔষধ আৱিষ্কাৰৰ ক্ষেত্ৰত কাম কৰি আছে।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৪ ২৭৮ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

সীমা ভাটনাগৰ (Seema Bhatnagar; জন্ম: সীমা শ্ৰীবাস্তৱ) হৈছে এগৰাকী ভাৰতীয় বিজ্ঞানী। তেখেতে প্ৰধানকৈ কেন্সাৰবিৰোধী ঔষধ আৱিষ্কাৰৰ ক্ষেত্ৰত কাম কৰি আছে।১

শিক্ষা

সীমা ভাটনাগৰে ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞান আৰু প্ৰাণীবিজ্ঞানত স্নাতক শিক্ষা (১৯৯২) সমাপ্ত কৰে। ১৯৯৪ চনত ইছাবেলা থোবাৰ্ণ কলেজৰ পৰা জৈৱিক ৰসায়নত লক্ষ্ণৌৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

১৯৯৯ চনত তেখেতে ৰসায়ন বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰে। লক্ষ্ণৌস্থিত কেন্দ্ৰীয় ঔষধ গৱেষণা প্ৰতিষ্ঠানৰ পৰা তেখেতে উক্ত ডিগ্ৰী লাভ কৰে। তেখেতৰ গৱেষণাৰ তত্ত্বাৱধায়ক আছিল অমিয় প্ৰসাদ ভাদুৰী।

কৰ্মজীৱন

ঔষধ আৱিষ্কাৰৰ ক্ষেত্ৰখনত চলি থকা গৱেষণা আৰু বিকাশৰ লগত ভাটনাগৰ জড়িত হৈ আছে। এমিটি শিক্ষানুষ্ঠানৰ লগত জড়িত হোৱাৰ আগলৈকে তেখেতে একাধিক চৰকাৰী আৰু বেচৰকাৰী প্ৰতিষ্ঠানৰ লগত জড়িত হৈ ঔষধৰ ক্ষেত্ৰখনত কাম কৰিছে। ২০০৫ চনত এমিটি বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হোৱাৰ সময়তেই সীমা ভাটনাগৰে প্ৰবক্তা হিচাপে শিক্ষানুষ্ঠানখনৰ লগত জড়িত হৈছিল। ইয়াৰ পূৰ্বে তেখেতে ভাৰতৰ "ৰাষ্ট্ৰীয় ইমিউন'লজি প্ৰতিষ্ঠান"ত কোষ জীৱবিজ্ঞান বিভাগত এগৰাকী প্ৰকল্প সহযোগী হিচাপে কাম কৰিছিল।

বৰ্তমান সীমা ভাটনাগৰে এমিটিৰ জৈৱপ্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সহকাৰী অধ্যাপকৰ পদত কাৰ্যনিৰ্বাহ কৰি আছে।২ ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিভাগে উদ্যোগ লোৱা প্ৰকল্পৰ জৰিয়তে সীমা ভাটনাগৰে তেখেতৰ গৱেষণামূলক কৰ্মজীৱন আৰম্ভ কৰিছিল।৩ বৰ্তমান তেখেতে ভাৰতীয় চিকিৎসা বিজ্ঞান গৱেষণা সংস্থাৰ প্ৰকল্পৰ লগত জড়িত হৈ আছে।৪৫ ইয়াৰ বাহিৰেও তেখেতে দিল্লীস্থ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ভৈৰৱভোটলা জয়ৰামৰ লগত,৬ ৰাজীৱ গান্ধী জৈৱপ্ৰযুক্তিবিদ্যা কেন্দ্ৰত থাংকায়া ৰেত্নবাই সন্তোষ কুমাৰ,৭ আৰু দুণ্ডী বিশ্ববিদ্যালয়ৰ ঔষধ আৱিষ্কাৰৰ লগত কাম কৰিছে। এইসমূহ সহযোগিতামূলক কৰ্মৰ দ্বাৰা তেখেতৰ গৱেষণাৰ ভেটি সৱল হৈছে।৮৯

এমিটি বিশ্ববিদ্যালয়ত গৱেষণাৰ সৈতে জড়িত থকাৰ লগতে অধ্যাপক ভাটনগৰে কেতবোৰ বিদেশী বিশ্ববিদ্যালয়ৰ লগত সহযোগিতামূলক কাৰ্যসূচী আৰু গৱেষণামূলক কাৰ্যক্ৰমণিকাও গ্ৰহণ আৰু কাৰ্যকৰী কৰিছে। তেখেতে ত্ৰিমহাদেশ কাৰ্যসূচী, বিদেশত শিক্ষাৰ লগতো জড়িত। পোষ্ট ডক্তৰেল অধ্যয়নৰ সময়ত অধ্যাপক ভাটনগৰে ভাৰতৰ শীৰ্ষ গৱেষণা প্ৰতিষ্ঠান আৰু বিজ্ঞানীৰ লগত কাম কৰিছে। তাৰে ভিতৰত ৰাষ্ট্ৰীয় ইমিউনোল'জী প্ৰতিষ্ঠান, ভাৰত আৰু ৰেনবেক্সি লেবৰটেৰিছ, কেন্দ্ৰীয় ঔষধ গৱেষণা প্ৰতিষ্ঠান উল্লেখনীয়।

পেছাদাৰী প্ৰশিক্ষণ আৰু ফেলোশ্বিপ/বঁটা

  • ক্ষুদ্ৰ অণু ঔষধ আৱিষ্কাৰ, ৱেলকাম ন্যাসৰ উদ্যোগত, যুক্তৰাজ্যৰ ৱেলকাম জিন'ম কেম্পাচত, ১-৬ জুন, ২০১৪

ফেলোশ্বিপ/বঁটা

  • জ্যেষ্ঠ গৱেষণা ফেলোশ্বিপ (সংবৰ্ধিত), বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা সংস্থাৰ দ্বাৰা, নতুন দিল্লীত,(০৬/৯৯-১২/৯৯)
  • বিচাৰকমণ্ডলীৰ (পৰ্যায়-১) সদস্য হিচাপে মনোনীত, 'দাপোনট্ ইণ্ডিয়া চেলেঞ্জ-২০০২', বৈজ্ঞানিক পেপাৰ প্ৰতিযোগিতা (০৭-০২)

ব্যক্তিগত জীৱন

ভাৰতৰ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত সীমা ভাটনাগৰৰ জন্ম হৈছিল। তেখেত আছিল ৰাম চন্দ্ৰ শ্ৰীবাস্তৱৰ জ্যেষ্ঠ পুত্ৰী। পিতৃ আছিল প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাত সহযোগী সঞ্চালক। আনহাতে মাতৃ হৈছে মীৰা শ্ৰীবাস্তৱ। সীমাই এগৰাকী আই.টি. উপদেষ্টাৰ লগত বৈবাহিক জীৱন আৰম্ভ কৰে। তেওঁলোকৰ এটি পুত্ৰ আৰু এটি কন্যা সন্তান আছে।

তথ্যসূত্ৰ

  1. ↑ Seema Bhatnagar. researchgate.net. Research Gate
  2. ↑ Professor Seema Bhatnagar's profile at Amity University, Noida
  3. ↑ Department of Science and Technology (India)
  4. ↑ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ
  5. ↑ Dr.Bhudev C.Das's profile at Amity University
  6. ↑ Department of Chemistry @ IIT Delhi. chemistry.iitd.ac.in
  7. ↑ Rajiv Gandhi Centre for Biotechnology. rgcb.res.in
  8. ↑ Ph.D, Seema BhatnagarAmity Institute of Biotechlogy · Amity University 16 32 ·. Seema Bhatnagar - Ph.D (Chemistry) - Amity University. ResearchGate
  9. ↑ Seema Bhatnagar's profile at Google Scholar

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় বিজ্ঞানীৰসায়নবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সীমা ভাটনাগৰ” প্ৰবন্ধৰ সংশোধন ৪৩৩০১০ (২৩ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।