সিদ্ধিনাথ শৰ্মা (Siddhinath Sarma)অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক সংগ্ৰামী আছিল৷ তেওঁ ভাৰত ত্যাগ আন্দোলনৰ সময়ত বৃটিছ চৰকাৰক কাবু কৰিবলৈ বিভিন্ন কূটাঘাতমূলক কাম কৰিছিল৷ তেওঁৰ নেতৃত্বতে ১৯৪২-৪৩ চনত কেইবাটাও দলং ভঙা আৰু ৰে’ল বগৰোৱা কাণ্ড সংঘটিত হৈছিল৷ সিদ্ধিনাথ শৰ্মা কংগ্ৰেছৰ “মৃত্যু বাহিনী’’ৰ সদস্য আছিল৷ ভাৰত স্বাধীন হোৱাৰ পিছত তেওঁ ১৯৫৭ আৰু ১৯৬২ চনত দুবাৰকৈ বিধানসভাৰ বিধায়ক নিৰ্বাচিত হৈছিল৷ ৰাজনীতিৰ উপৰিও তেওঁ সামাজিক উন্নয়নমূলক কামৰ সৈতেও জড়িত আছিল আৰু বিভিন্ন স্কুল, কলেজ আৰু হস্পিতাল নিৰ্মাণত আগভাগ লৈছিল৷১ সিদ্ধিনাথ শৰ্মাৰ জন্ম হৈছিল ৰঙিয়াত, ১৮৯১ চনৰ মে’ মাহৰ ১৮ তাৰিখে৷ পিতৃৰ নাম আছিল দণ্ডীনাথ শৰ্মা৷২
শিক্ষা
সিদ্ধিনাথ শৰ্মাই গুৱাহাটীৰ কটন কলেজিয়েট স্কুলত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰাৰ পিছত কটন কলেজৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে৷ তাৰপাছত তেওঁ গুৱাহাটীৰ আৰ্ল ল কলেজৰ পৰা বি, এল ডিগ্ৰী লাভ কৰি গুৱাহাটীত ওকালতি আৰম্ভ কৰে যদিও স্বাধীনতা আন্দোলনত যোগ দিবলৈ ওকালতি ত্যাগ কৰি আন্দোলনত জঁপিয়াই পৰে৷২
ৰাজনৈতিক জীৱন
১৯২৬ চনত তেওঁ গুৱাহাটী জিলা কংগ্ৰেছৰ সম্পাদক হৈ প্ৰায় এটা দশক তেওঁ কংগ্ৰেছৰ নেতৃত্বত আছিল৷ ১৯২৬ চনত পাণ্ডুত বহা জাতীয় কংগ্ৰেছৰ অধিৱেশনতো তেওঁ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিছিল৷ বোম্বেত ভাৰত ত্যাগ প্ৰস্তাৱ গৃহীত হোৱাৰ লগে লগে সমগ্ৰ দেশতে কংগ্ৰেছৰ শীৰ্ষস্থানীয় নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ লগে লগে অসমতো লীলাধৰ বৰুৱা, দেবেশ্বৰ শৰ্মা, ফখৰুদ্দিন আলি আহমেদ আদি নেতাক গ্ৰেপ্তাৰ কৰাৰ লগতে বোম্বেৰ পৰা উভতি অহাৰ পথত গোপীনাথ বৰদলৈৰ লগতে সিদ্ধিনাথ শৰ্মাক গোলোকগঞ্জত পুলিচে গ্ৰেপ্তাৰ কৰে৷৩ তেওঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক হিচাপে ১৯৩৭ চনৰ পৰা ১৯৫০ চনলৈ দায়িত্ব পালন কৰি ১৯৫০-৫২ চনত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈছিল৷ সেও একেটা সময়তে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ওৱৰ্কিং কমিটিৰো সদস্য আছিল৷ তেওঁ গুৱাহাটী “লোকেল বোৰ্ড’’, গুৱাহাটী মিউনিচিপাল বোৰ্ড আৰু গুৱাহাটী স্কুল বোৰ্ডৰ বিভিন্ন পদবীৰ দায়িত্ব পালন কৰিছিল৷ ১৯৫৭ চনত বিধান সভালৈ নিৰ্বাচিত হৈ তেওঁ কংগ্ৰেছ দলৰ দলীয় উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ বিষ্ণুৰাম মেধি মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰী আছিল৷ ১৯৬২ চনত তেওঁ ৰঙিয়া বিধান সভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল৷২
মৃত্যু
১৯৬৬ চনৰ মে মাহৰ ১৮ তাৰিখে তেওঁৰ মৃত্যু হয়৷২
তথ্যসূত্ৰ
- ↑ Siddhinath Sarma
- ↑ Assam Mourns Sarma's Demise
- ↑ কলিতা, ড° ৰমেশ চন্দ্ৰ. (২০০৬). অসমৰ কালানুক্ৰমিক ইতিহাস. অসম প্ৰকাশন পৰিষদ. পৃ. ১০১
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সিদ্ধিনাথ শৰ্মা” প্ৰবন্ধৰ সংশোধন ৩৭৭২৫৫ (৭ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।