অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুকন্যা ৰামগোপাল

সুকন্যা ৰামগোপাল ( Sukanya Ramgopal) তামিলনাডুৰ এগৰাকী ভাৰতীয় কৰ্ণাটিক সংগীত শিল্পী। কৰ্ণাটক সংগীতৰ প্ৰথম মহিলা ঘটামবাদক হিচাপে তেওঁ বেছিকৈ পৰিচিত। কৰ্ণাটিক কণ্ঠ, ভায়লিন, মৃদংগম আৰু বীণা আদিতো তেওঁ পাকৈত।

হালনাগাদ: ২২ জুলাই ২০২৫ ২০৫ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

সুকন্যা ৰামগোপাল ( Sukanya Ramgopal) তামিলনাডুৰ এগৰাকী ভাৰতীয় কৰ্ণাটিক সংগীত শিল্পী। কৰ্ণাটক সংগীতৰ প্ৰথম মহিলা ঘটামবাদক হিচাপে তেওঁ বেছিকৈ পৰিচিত। কৰ্ণাটিক কণ্ঠ, ভায়লিন, মৃদংগম আৰু বীণা আদিতো তেওঁ পাকৈত। সংগীত নাটক একাডেমী বঁটা, কৰ্ণাটক সংগীত নৃত্য একাডেমী বঁটা আৰু চেন্নাইৰ চেন্নাই মিউজিক একাডেমীৰ পৰা বঁটাকে ধৰি কেইবাটাও বঁটা লাভ কৰে।

জীৱনী

১৯৫৭ চনৰ ১৩ জুনত তামিলনাডুৰ মায়লাদুথুৰাইত সুকন্যা ৰামগোপালৰ জন্ম হৈছিল সুব্ৰমণিয়াম আৰু ৰঙানাকিৰ পঞ্চম সন্তান হিচাপে।১ তেওঁ তামিল পণ্ডিত ইউ ভি স্বামীনাথ আয়াৰৰ নাতিনী।২ ঘৰৰ ওচৰৰ মণ্টেছৰী স্কুলত আৰু পিছলৈ এন কে তিৰুমালাচাৰিয়াৰ নেচনেল গাৰ্লছ হাইস্কুলত অধ্যয়ন কৰে।৩ চেন্নাইৰ ইথিৰাজ কলেজৰ পৰা প্ৰি-ইউনিভাৰ্চিটি পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত সুকন্যাই চেন্নাইৰ ন্যায়াধীশ বছিৰ আহমেদ ছাইদ কলেজ ফৰ উইমেনৰ পৰা গণিতত আণ্ডাৰ-স্নাতক বি এছ চি কৰে।৩

ব্যক্তিগত জীৱন

সুকন্যাৰ স্বামী ৰামগোপাল এজন অভিযন্তা।৪ বিয়াৰ পিছত তেওঁ কৰ্ণাটকৰ বেংগালুৰুলৈ গুচি যায়।৫

বঁটা আৰু সন্মান

  • ২০১৪ চনত সংগীত নাটক একাডেমী বঁটা। ৬
  • ১৯৮২ চনত কৰ্ণাটক সংগীত নৃত্য একাডেমী বঁটা। ৭
  • অনন্যা পুৰস্কাৰ ২০১৫ by অনন্যা সাংস্কৃতিক একাডেমী, বাংগালুৰু। ৮
  • ইণ্ডিয়ান এক্সপ্ৰেছৰ পৰা ২০১৫ চনৰ দেৱী বঁটা। ৯
  • ২০০৭ চনত মাদ্ৰাজ মিউজিক একাডেমীৰ পৰা শ্ৰেষ্ঠ জ্যেষ্ঠ ঘটাম শিল্পী বঁটা।৩
  • ২০১৭ চনত মাদ্ৰাজ মিউজিক একাডেমীৰ পৰা টি টি কে বঁটা। ১০
  • ১৯৯০ চনত নাৰদ গানা সভাৰ পৰা বঁটা, চেন্নাই।৭
  • ২০০০ চনত ড° চেমমাংগুদি শ্ৰীনিবাসাইৰৰ পৰা ৰাগা থাৰংগিনী বঁটা। ৭
  • ২০০১ চনত পাৰ্কাছিভ আৰ্টছ চেণ্টাৰ বাংগালুৰুৰ পৰা পুটাচাৰ বঁটা। ৩
  • ২০০৯ চনত বাংগালুৰু গায়না সমাজৰ পৰা বছৰৰ শ্ৰেষ্ঠ শিল্পীৰ বঁটা। ৩
  • বাংগালুৰুৰ আয়নাৰ কলেজ অৱ মিউজিকে ২০০৮ চনত তেওঁক সম্বৰ্ধনা জনায়।৭

তথ্যসূত্ৰ

  1. ↑ India, Hachette. (20 September 2021). Limca Book of Records 2020–22. Hachette India. ISBN 978-93-88322-99-7
  2. ↑ Sukanya Ramgopal Breaking Gender Stereotypes. www.magzter.com
  3. ↑ The First Woman Ghatam Legend, Sukkanya Ramgopal and Her Success Story - The Verandah Club. theverandahclub.com
  4. ↑ (March 2018). Lalitha Kala Tarangini. পৃ. 19–21
  5. ↑ Nair&, Malini. Meet Sukanya Ramgopal, the first woman to play the ghatam. www.thehindubusinessline.com
  6. ↑ Newspapers, Times Local. (13 August 2016). SRI THYAGA BRAHMA GANA SABHA'S CONFERMENT
  7. ↑ Dinamalar Maargazhi isai · singer's profile · Dinamalar Maargazhi isai · List of Carnatic singers · music vocalist Profile. Dinamalar
  8. ↑ Ananya's annual awards in Bangalore. May 10.
  9. ↑ Devi Awards 2015. www.eventxpress.com
  10. ↑ TTK Award

সম্পৰ্কিত শ্ৰেণী

গায়িকাসংগীতজ্ঞ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুকন্যা ৰামগোপাল” প্ৰবন্ধৰ সংশোধন ৫২৫৯০৪ (২২ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।