সাৰণ্য মোহন (ইংৰাজী ভাষা: Saranya Mohan; জন্ম: ১৯ ফেব্ৰুৱাৰী ১৯৮৯) এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু প্ৰাক্তন অভিনেত্ৰী, যিয়ে প্ৰধানকৈ তামিল ভাষা আৰু মালয়ালম ভাষা চলচ্চিত্ৰত অভিনয় কৰিছিল। তেওঁ কেইখনমান তেলুগু ভাষা, কন্নড় ভাষা আৰু হিন্দী ভাষা ছবিতো অভিনয় কৰিছে। তেওঁ বিশেষকৈ য়াৰাদী নী মোহিনী (২০০৮), ভেনিলে কাবাডী কুজু (২০০৯), ঈৰাম (২০০৯), ভেলায়ুধম (২০১১) আৰু অস্থি (২০১১) ছবিত কৰা অভিনয়ৰ বাবে পৰিচিত।১
প্ৰাৰম্ভিক জীৱন
সাৰণ্য মোহন আৰু কলামণ্ডলম দেৱীৰ জ্যেষ্ঠা কন্যা। সুকন্যা নামৰ তেওঁৰ এগৰাকী কনিষ্ঠ ভগ্নী আছে, যি এগৰাকী প্ৰশিক্ষিত শাস্ত্ৰীয় নৃত্যশিল্পী। তেওঁৰ পিতৃ-মাতৃ দুয়োজনেই প্ৰশিক্ষিত শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য শিক্ষক। তেওঁলোকে আলপ্পুঝাত 'ৱাই.কে.বি. ডান্স একাডেমী' নামৰ এখন নৃত্য বিদ্যালয় চলায়,২ য’ত সাৰণ্যই নিজেও ভৰতনাট্যম শিকিছিল। তেওঁ আলপ্পুঝাৰ চেইণ্ট জোচেফ কলেজ ফৰ ৱমেনত অধ্যয়ন কৰিছিল৩ আৰু তাৰপৰাই ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰিছিল।৪ চিদাম্বৰমৰ আন্নামালাই বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত,৫ তেওঁ একেখন বিশ্ববিদ্যালয়ৰপৰাই ভৰতনাট্যম বিষয়ত এম.এফ.এ. সম্পূৰ্ণ কৰে।
কৰ্মজীৱন
মালয়ালম পৰিচালক ফাজিলে সাৰণ্যক তেওঁৰ নৃত্য বিদ্যালয়ত নৃত্য কৰি থকা অৱস্থাত দেখা পাইছিল আৰু তেওঁক পোহৰলৈ আনিছিল। সাৰণ্যৰ পিতৃ-মাতৃক মান্তি কৰোৱাৰ পিছত ফাজিলে তেওঁক ১৯৯৭ চনৰ মালয়ালম ছবি অনিয়াথী প্ৰাভু আৰু ইয়াৰ তামিল ৰিমেক কাধালুক্কু মৰিয়ধাইত এজন শিশু চৰিত্ৰৰ বাবে নিৰ্বাচিত কৰে। ইয়াৰ পিছত তেওঁ মোহনলাল, মম্মুটী আৰু জুহি চাওলা অভিনীত হিট মালয়ালম ছবি হৰিকৃষ্ণনছত শিশু শিল্পী হিচাপে অভিনয় কৰে। ইয়াৰ পিছত মোহনলালৰ সৈতে আন এখন মালয়ালম ছবি ৰক্তাসাক্ষিকল জিন্দাবাদতো তেওঁক শিশু শিল্পী হিচাপে দেখা গৈছিল। ইয়াৰ পিছত তেওঁ পঢ়া-শুনাত মনোনিৱেশ কৰিবলৈ অভিনয়ৰপৰা বিৰতি লয়।৬ পৰৱৰ্তী সময়ত ফাজিলৰ নিৰ্দেশনাত নিৰ্মিত আন এখন ছবি অৰু নাল অৰু কানাভু (২০০৫)ত তেওঁ সহযোগী চৰিত্ৰত অভিনয় কৰে, য’ত তেওঁ পুৰুষ মুখ্য চৰিত্ৰটোৰ ভগ্নীৰ চৰিত্ৰ ৰূপায়িত কৰিছিল।
তেওঁৰ পৰৱৰ্তী মুক্তিপ্ৰাপ্ত ছবি ধনুষ আৰু নয়নতৰা অভিনীত য়াৰাদী নী মোহিনীয়ে (২০০৮) তেওঁক চৰ্চালৈ লৈ আহে। ছবিখনত মুখ্য অভিনেত্ৰীৰ সৰু ভনীয়েকৰ চৰিত্ৰত তেওঁৰ ধেমেলীয়া অভিনয়ে তেওঁলৈ খ্যাতি আৰু কেইবাটাও সন্মান কঢ়িয়াই আনিছিল। ইয়াৰ পিছত ২০০৮ চনত তেওঁ আৰু ৩খন তামিল ছবিত অভিনয় কৰে, যিবোৰ অৱশ্যে বিশেষ সফল নহ’ল। ইয়াৰ ভিতৰত আছিল জয়মকোন্দান, মহেশ, সাৰণ্য মাত্ৰুম পালাৰ আৰু জয়ৰামৰ সৈতে অভিনয় কৰা পঞ্চামৃতম। ২০০৯ চনত তেওঁৰ ৬খন ছবি মুক্তি পায়, যাৰ ভিতৰত ৪খন আছিল তামিল প্ৰকল্প। তেওঁৰ তামিল মুক্তিৰ ভিতৰত নৱাগতা সুছিন্থিৰানৰদ্বাৰা পৰিচালিত ট্ৰেজেডী ক্ৰীড়াধৰ্মী ছবি ভেনিলে কাবাডী কুজু আৰু অলৌকিক থ্ৰিলাৰ ঈৰাম ব্যাৱসায়িক তথা সমালোচনাত্মকভাৱে সফল প্ৰমাণিত হয়। আন দুখন তামিল ছবি আছিল প্ৰভুৰ সৈতে এ আ এ ই আৰু ভৰত তথা প্ৰিয়ামণি অভিনীত আৰুমুগাম। সেই বছৰৰে শেষৰফালে তেওঁ ভিলেজ লো বিনায়াকুডুৰ জৰিয়তে তেলেগু ছবিত আত্মপ্ৰকাশ কৰে আৰু কেমেষ্ট্ৰীৰ জৰিয়তে মালয়ালম ছবিলৈ প্ৰত্যাৱৰ্তন কৰে। ২০১০ চনত তেওঁৰ তামিল ছবিখনৰ তেলেগু ৰিমেক ভিমিলি কাবাডী জত্তুটো অভিনয় কৰে, যিখনে বক্স অফিচত ভাল ফলাফল দেখুৱায়। তাৰ পিছত সেই একে বছৰতে তেওঁ আন এখন তেলেগু ছবি হেপ্পী হেপ্পী গাত কাম কৰে। ২০১১ চনত মুকেশ, বিনু মোহন আৰু সৰয়ু মোহনৰ সৈতে তেওঁৰ আন এখন মালয়ালম ছবি নাডকমে উলকম মুক্তি পায়। তাৰ পিছত একে বছৰতে তেওঁ তামিল ছবি অঝাগৰছামিয়িন কুথিৰাইত এটা বিশেষ চৰিত্ৰত অভিনয় কৰে। ২০১১ চনত তেওঁ এম. ৰাজাৰ ভেলায়ুধমতো অভিনয় কৰিছিল, যিখন এখন অতি ডাঙৰ হিট ছবি হিচাপে পৰিগণিত হয়। বিজয়ৰ ভনীয়েকৰ চৰিত্ৰত তেওঁৰ অভিনয়ে যথেষ্ট ইতিবাচক সমালোচনা লাভ কৰিছিল। সেই বছৰৰে শেষৰফালে তেওঁ এখন মালয়ালম ছবি ইন্নানু আ কল্যাণমত অভিনয় কৰে। ইয়াৰ উপৰি তেওঁ ২০১১ চনৰ শেষৰফালে চিম্বু অভিনীত ধৰণীৰ ছবি অস্থিত কাম কৰিছিল। ২০১২ চনত তেওঁ ঈ ভূমি আ ভানু নামৰ ছবিৰ জৰিয়তে কানাড়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। ২০১৪ চনত তেওঁ ভি. ৰবিচন্দ্ৰনৰ সৈতে তেওঁৰ দ্বিতীয়খন কানাড়া ছবি পৰমশিৱত অভিনয় কৰে। তাৰ পিছত সেই একে বছৰতে তেওঁ নিশান্তৰ বিপৰীতে বদলাপুৰ বয়জৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰে, যিখন আছিল তেওঁৰ তামিল ছবি ভেনিলে কাবাডী কুজুৰ হিন্দী ৰিমেক।৭
ব্যক্তিগত জীৱন
২০১৫ চনৰ ৬ ছেপ্টেম্বৰত আলপ্পুঝাৰ কোট্টমকুলাংগাৰা দেৱী মন্দিৰত সাৰণ্যই তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক অৰবিন্দ কৃষ্ণনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ অনন্তপদ্মনাভন অৰবিন্দ নামৰ এজন পুত্ৰ আৰু অন্নপূৰ্ণা অৰবিন্দ নামৰ এগৰাকী কন্যা সন্তান আছে।৮
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ വെണ്ണിലാ പെണ്കൊടി . mathrubhumi.com (28 April 2009)
- ↑ YKB International Academy. YKB International Academy. Retrieved 22 September 2016
- ↑ Stjosephscollegeforwomen.org (1 July 1954). Retrieved 22 September 2016
- ↑ Interview With Saranya Mohan – Interviews. CineGoer.com (26 October 2009). Retrieved 22 September 2016
- ↑ Annamalai University Staff Portal. Annamalaiuniversity.ac.in. Retrieved 22 September 2016
- ↑ Saranya Mohan Biography, Saranya Mohan Bio. connect.in.com
- ↑ Saranya faints on sets. Deccan Chronicle
- ↑ english.manoramaonline.com/entertainment/enterta
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাৰণ্য মোহন” প্ৰবন্ধৰ সংশোধন ৫৯৬৯৯২ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।