অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সাৱিত্ৰী ৰাজীৱন

সাৱিত্ৰী ৰাজীৱন (ইংৰাজী: Savithri Rajeevan; জন্ম: ১৯৫৬) এগৰাকী ভাৰতীয় কবি, চুটিগল্প লেখিকা আৰু চিত্ৰশিল্পী। মালয়ালম ভাষাৰ এগৰাকী আগশাৰীৰ মহিলা লেখিকা হিচাপে তেওঁ সাহিত্য আৰু চিত্ৰকলাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। তেওঁ চাৰিখন কবিতা সংকলন আৰু এটা চুটিগল্পৰ খণ্ড প্ৰকাশ কৰিছে।

হালনাগাদ: ২২ মাৰ্চ ২০২৬ ২২২ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

সাৱিত্ৰী ৰাজীৱন (ইংৰাজী ভাষা: Savithri Rajeevan; জন্ম: ১৯৫৬) এগৰাকী ভাৰতীয় কবি, চুটিগল্প লেখিকা আৰু চিত্ৰশিল্পী। মালয়ালম ভাষাৰ এগৰাকী আগশাৰীৰ মহিলা লেখিকা হিচাপে তেওঁ সাহিত্য আৰু চিত্ৰকলাৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। তেওঁ চাৰিখন কবিতা সংকলন আৰু এটা চুটিগল্পৰ খণ্ড প্ৰকাশ কৰিছে।১২

তেওঁ ১৯৫৬ চনত কেৰালাৰ মালাপ্পুৰম জিলাত জন্মগ্ৰহণ কৰিছিল। সৰু কালৰেপৰাই সাহিত্য আৰু শিল্পকলাৰ প্ৰতি আগ্ৰহী হোৱা সাৱিত্ৰীয়ে পৰৱৰ্তী সময়ত এই দুয়োটা ক্ষেত্ৰত সক্ৰিয়ভাৱে কাম কৰিবলৈ আৰম্ভ কৰে। কেৰালা বিশ্ববিদ্যালয়ৰপৰা মালয়ালম সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ বৰোদা বিশ্ববিদ্যালয়ৰ চাৰু কলা অনুষদত অধ্যয়ন কৰে। ইয়াত অধ্যয়ন কৰাৰ সময়ত তেওঁ চিত্ৰকলাৰ ক্ষেত্ৰতো নিজৰ স্বকীয়তা প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়।

২০০৯ চনত তেওঁ কেৰালা ৰাজ্যিক চলচ্চিত্ৰ একাডেমীৰ জুৰী সদস্য হিচাপে নিযুক্ত হৈছিল। ইয়াৰ উপৰি তেওঁ ললিত কলা একাডেমীৰ উপ-সভাপতি আৰু কেন্দ্ৰীয় সাহিত্য একাডেমীৰ উপদেষ্টা বোৰ্ডৰ সদস্য হিচাপেও দায়িত্ব পালন কৰিছে। তেওঁৰ কবিতা বিভিন্ন ভাৰতীয় ভাষাৰ লগতে ছুইডিছ আৰু ইংৰাজী ভাষা ভাষালৈও অনুবাদ কৰা হৈছে, যাৰ ফলত তেওঁৰ সাহিত্য আন্তৰ্জাতিক পৰ্যায়তো পৰিচিত হৈছে। তেওঁ ১৯৭৫ চনৰপৰা লেখক বি. ৰাজীৱনৰ সৈতে সহবাস কৰি আহিছে।৩

তেওঁৰ কৰ্মৰাজিৰ ভিতৰত আছে আম্মায়ে কুলিপ্পিক্কুম্পল (কবিতা), সাৱিত্ৰী ৰাজীৱন্তে কবিতাঙ্গল (কবিতা) আৰু সঞ্চাৰীয়ুদে থানুপোয়া ভিডু (গল্প)। সাৱিত্ৰীয়ে কেৰালা সাহিত্য একাডেমী বঁটা (২০১৬, আম্মায়ে কুলিপ্পিক্কুম্পলৰ বাবে) আৰু কমলা সুৰায়া বঁটা (২০১১, সাৱিত্ৰী ৰাজীৱন্তে কবিতাঙ্গলৰ বাবে) আদি বহুতো সন্মানজনক বঁটা লাভ কৰিছে।৪৫

কৰ্মৰাজি

সাৱিত্ৰীয়ে চাৰিখন কবিতা সংকলন আৰু এটা চুটিগল্পৰ খণ্ড প্ৰকাশ কৰিছে।২

কবিতা

  • চেৰিভ (১৯৯৩)
  • দেহান্তৰম (১৯৯৯)
  • সাৱিত্ৰী ৰাজীৱন্তে কবিতাঙ্গল (২০০৯)
  • আম্মায়ে কুলিপ্পিক্কুম্পল (২০১৪)

গদ্য

  • সঞ্চাৰীয়ুদে থানুপোয়া ভিডু (২০০৯)

তথ্যসূত্ৰ

  1. ↑ Arundhathi Subramaniam (12 November 2015). "Savithri Rajeevan (India, 1956) ". Poetry International. Retrieved 6 July 2020
  2. ↑ Steni Simon (10 April 2018). "A poet with a sharp vision". The New Indian Express. Retrieved 6 July 2020
  3. ↑ "സർഗയൗവനത്തിൽ സാവിത്രി രാജീവൻ". Deshabhimani. 4 April 2018. Retrieved 6 July 2020
  4. ↑ (21 February 2018). 2016 Kerala Sahitya Akademi Awards. Kerala Sahitya Akademi
  5. ↑ (31 December 2011). Memorial for Kamala. The Hindu

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ ব্যক্তিভাৰতীয় মহিলা কবিগল্পকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাৱিত্ৰী ৰাজীৱন” প্ৰবন্ধৰ সংশোধন ৫৯২৩৪৩ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।