সাহেৰ বাম্বা (জন্ম ১৯৯৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলত হিন্দী ভাষা চলচ্চিত্ৰ আৰু শৃংখলাত কাম কৰে।১ তেওঁ অভিনয় জীৱনৰ আৰম্ভণি কৰে ৰোমাণ্টিক নাট্য চলচ্চিত্ৰ পল পল দিল কে পাশ (২০১৯) ৰ জৰিয়তে।২৩ তাৰ পিছত তেওঁ ঐতিহাসিক নাট্য শৃংখলা দ্য এম্পায়াৰ (২০২১)ত মাহাম বেগমৰ চৰিত্ৰত অভিনয় কৰে আৰু কমেডি নাট্য শৃংখলা দ্য বাডছ অফ বলিউড (২০২৫) ত মুখ্য নায়িকাৰূপে অভিনয় কৰে।৪
প্ৰাৰম্ভিক জীৱন
বাম্বাৰ জন্ম আৰু ডাঙৰ-দীঘল হোৱা শিমলা, হিমাচল প্ৰদেশত। তেওঁ এগৰাকী প্ৰশিক্ষিত নৃত্যশিল্পী।৫ তেওঁ শিমলাত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি স্নাতক ডিগ্ৰী লাভৰ উদ্দেশ্যে মুম্বাইলৈ যায় আৰু জয় হিন্দ কলেজত অধ্যয়ন কৰে। পিছত তেওঁ সাংবাদিকতাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে মাখনলাল চতুৰ্বেদী ৰাষ্ট্ৰীয় সাংবাদিকতা আৰু যোগাযোগ বিশ্ববিদ্যালয়ৰ পৰা।
কেৰিয়াৰ
২০১৯ চনত বাম্বাই কৰণ দেউলৰ বিপৰীতে পল পল দিল কে পাশ চলচ্চিত্ৰৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰে। তেওঁ এগৰাকী ভ্লগাৰৰ চৰিত্ৰত অভিনয় কৰে যি এজন ট্ৰেকিং কোম্পানীৰ মালিকৰ সৈতে প্ৰেমত পৰে।৬ চলচ্চিত্ৰখন বক্স অফিচত ব্যৰ্থ হয়।৭ সমালোচকে তেওঁৰ অভিনয় আৰু কৰণ দেউলৰ সৈতে ৰসায়ন প্ৰশংসা কৰে আৰু তেওঁৰ আত্মবিশ্বাসৰ উল্লেখ কৰে। এই অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ মহিলা অভিষেক শ্ৰেণীত স্ক্ৰীণ এৱাৰ্ডৰ বাবে মনোনীত হয়।৮
২০২১ চনত তেওঁ ৱেব মাধ্যমত দুটা প্ৰকল্পৰ সৈতে উপস্থিত হয়। প্ৰথমে তেওঁ দ্য এম্পায়াৰ শৃংখলাত মুঘল সম্ৰাট বাবৰৰ মুখ্য পত্নী মাহাম বেগমৰ চৰিত্ৰত অভিনয় কৰে।৯ সমালোচকসকলে তেওঁৰ অভিনয়ক প্ৰশংসা কৰে।১০ তাৰ পিছত তেওঁ দিল বেকৰাৰ শৃংখলাত সংবাদ পাঠকৰ চৰিত্ৰত অভিনয় কৰে।১১
তিনিবছৰৰ ব্যৱধানৰ পিছত তেওঁ ২০২৪ চনত দ্য মিৰাণ্ডা ব্ৰাদাৰ্ছ চলচ্চিত্ৰত অভিনয় কৰে।১২
২০২৫ চনত দ্য বাডছ অফ বলিউড শৃংখলাৰ সৈতে তেওঁৰ কেৰিয়াৰত উল্লেখযোগ্য সফলতা লাভ কৰে। এই শৃংখলাটোৱে আৰিয়ান খানৰ পৰিচালনাৰ অভিষেক হিচাপে চিহ্নিত হয়। তেওঁ ইয়াত এগৰাকী অভিনেত্ৰীৰ চৰিত্ৰত অভিনয় কৰে।১৩
চলচ্চিত্ৰ
| বছৰ | শীৰ্ষক | চৰিত্ৰ | টোকা |
|---|---|---|---|
| ২০১৯ | পাল পাল দিল কে পাশ | সাহেৰ সেঠী সেহগল | |
| ২০২৪ | দ্য মিৰাণ্ডা ব্ৰাদাৰ্ছ | ছ’ল |
দূৰদৰ্শন
| বছৰ | শীৰ্ষক | চৰিত্ৰ |
|---|---|---|
| ২০২১ | দ্য এম্পায়াৰ | মাহাম বেগম |
| দিল বেকৰাৰ | দেৱজানী ঠাকুৰ | |
| ২০২৫ | দ্য বাডছ অফ বলিউড | কৰিশ্মা তালোৱাৰ |
সংগীত ভিডিঅ’
| বছৰ | শীৰ্ষক | সহ-অভিনেতা | গায়ক |
|---|---|---|---|
| ২০২২ | "ইশ্ক নাহি কৰতে" | ইমৰাণ হাশ্মী | বি প্ৰাক |
বঁটা আৰু মনোনয়ন
| বছৰ | বঁটা | শ্ৰেণী | কৰ্ম | ফলাফল |
|---|---|---|---|---|
| ২০১৯ | স্ক্ৰীণ এৱাৰ্ড | শ্ৰেষ্ঠ মহিলা অভিষেক | পাল পাল দিল কে পাশ | মনোনীত |
তথ্যসূত্ৰ
- ↑ Bhattacharya, Trisha. (August 19, 2025). Who is Sahher Bambba? Know all about the rising star in Aryan Khan's ‘The Bads of Bollywood’. mint
- ↑ Sahher Bambba makes her debut opposite Karan Deol in Pal Pal Dil Ke Paas
- ↑ openingdoorz. (October 1, 2019). Bollywood actor Sahher Bambba: Pal Pal Dil Ke Paas!. Opening Doorz
- ↑ (August 18, 2025). Who is 26-year-old actress Sahher Bambba? Meet Aryan Khan's series Ba***ds of Bollywood's leading lady and has worked with Emraan Hashmi. PINKVILLA
- ↑ (August 19, 2025). Who Is Sahher Bambba? All About The Lead Actress In Aryan Khan's ‘The Ba***ds of Bollywood’. iDiva
- ↑ Hungama, Bollywood. (6 March 2017). REVEALED: Sahher Bambba to play the lead opposite Sunny Deol's son Karan – Bollywood Hungama. Bollywood Hungama
- ↑ Pal Pal Dil Ke Paas box office collection Day 6: Karan Deol's debut film sinks without trace, total Rs 8.07 cr. Times Now
- ↑ Rawal Kukreja, Monika. (20 September 2019). Pal Pal Dil Ke Paas movie review: Debutants Karan Deol, Sahher Bambba bring freshness onscreen. Hindustan Times
- ↑ (27 August 2021). In Mughal dynasty-based show 'The Empire', 'women have the remote controls'. Scroll.in
- ↑ (2021-08-27). The Empire review: Full marks for ambition, yet familiar clichés abound. Firstpost
- ↑ Sharma, Sampada. (26 November 2021). Dil Bekaraar first impression: Disney Plus Hotstar series stays true to Anuja Chauhan's novel. The Indian Express
- ↑ Niyogi, Agnivo. (22 October 2024). Do Patti to The Miranda Brothers: New films and web series releasing on OTT this week. Telegraph India
- ↑ D’souza, Sahir Avik. (2025-09-18). Aryan Khan's 'The Ba***ds of Bollywood', is Outrageous, and Outrageously Fun. The Quint
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাহেৰ বাম্বা” প্ৰবন্ধৰ সংশোধন ৫৭৭৬৩১ (১৪ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।