অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সীমা নন্দা

সীমা নন্দা এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতে গৱেষণাত গণিত ব্যৱহাৰ কৰি জীৱবিজ্ঞান, অভিযান্ত্ৰিক আৰু অৰ্থনীতিৰ সমস্যা সমাধান কৰে। গণিত আৰু গণনাৰ জৰিয়তে বাস্তৱ পৃথিৱীৰ সমস্যাবোৰ কিদৰে সমাধান কৰিব পাৰি-এই বিষয়ে তেখেতে গৱেষণা কৰিছে।

হালনাগাদ: ১৩ মে’ ২০২৫ ১৯১ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

সীমা নন্দা এগৰাকী ভাৰতীয় গণিতজ্ঞ। তেখেতে গৱেষণাত গণিত ব্যৱহাৰ কৰি জীৱবিজ্ঞান, অভিযান্ত্ৰিক আৰু অৰ্থনীতিৰ সমস্যা সমাধান কৰে। গণিত আৰু গণনাৰ জৰিয়তে বাস্তৱ পৃথিৱীৰ সমস্যাবোৰ কিদৰে সমাধান কৰিব পাৰি-এই বিষয়ে তেখেতে গৱেষণা কৰিছে। ১২

শিক্ষা

সীমা নন্দাই গণিতৰ শিক্ষাগ্ৰহণ কৰে নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ কোৰান্ট গণিত-বিজ্ঞান প্ৰতিষ্ঠানত। ১৯৯৮ চনত এইখন শিক্ষানুষ্ঠানৰ পৰাই তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰে। সম্ভাৱিতা তত্ত্বত তেখেতে লিখা গৱেষণাপত্ৰখনৰ তত্ত্বাৱধায়ক আছিল চাৰ্লছ এম. নিউমেন।

কৰ্মজীৱন

তেখেতে টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ অধ্যাপকৰ পদত অধিষ্ঠিত হৈছিল। ইয়াত তেখেতে ৰৈখিক বীজগণিত, বিশ্লেষণাত্মক বীজগণিত আদি বিষয়ত অধ্যাপনা কৰে।৩৪ ইয়াৰপূৰ্বে তেখেতে টেন্নেছ বিশ্ববিদ্যালয়, হাৰ্ভে মাড কলেজতো অধ্যাপনা কৰিছিল। ২০০৪ চনত তেখেতে কৰ্পৰেট জীৱন ত্যাগ কৰি বিদ্যায়তনিক জীৱন গ্ৰহণ কৰে। শৈক্ষিক জীৱন গ্ৰহণ কৰাৰ পূৰ্বে তেখেতে নিউ ইয়ৰ্ক চিটিস্থিত এটা বিনিয়োগ বেংকত সংখ্যাত্মক বিশ্লেষক হিচাপে কাম কৰিছিল। তেখেত "লেহমান ব্ৰাডাৰছ" নামৰ প্ৰতিষ্ঠানটোৰ সহ-অধ্যক্ষ হৈছিল। ৫

লিঅ'ৰা ন্যাস গঠন

২০০৬ চনত তেখেত ভাৰতলৈ উভতি আহে। ভাৰতত লিংগবৈষম্যই সৃষ্টি কৰা বিভাজন আৰু অসমতা দেখি তেওঁ বাৰুকৈয়ে পীড়িত হয়। এই সমস্যা দূৰীকৰণৰ অৰ্থে তেখেতে প্ৰথমাৱস্থাত স্বেচ্ছাসকলৰ সহায় লয়। স্বেচ্ছাসেৱকসকলে কিশোৰীসকলক শিক্ষা প্ৰদান কৰা আৰু তেওঁলোকৰ তত্ত্বাৱধান কৰাৰ কামটো কৰিবলৈ ধৰে। এইটো প্ৰচেষ্টাৰেই সুদূৰপ্ৰসাৰী ফল হিচাপে ২০১২ চনত লিঅ'ৰা ন্যাস গঠিত হয়। ন্যাসৰ উদ্দেশ্য আছিল ছোৱালী-কিশোৰীসকলক শিক্ষাৰ জৰিয়তে আগবঢ়াই নিয়া আৰু কিশোৰী-যুৱতীৰ সৱলীকৰণত গুৰুত্ব আৰোপ কৰা। ৫

বঁটা

১৯৯৬ চনত তেখেতে বেল্লা মেনেল বঁটা গ্ৰহণ কৰে। এইটো বঁটা নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ সম্ভাৱনাপূৰ্ণ গণিতৰ ছাত্ৰীলৈ আগবঢ়োৱা হয়। ৬

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Home page, Tata Institute, retrieved 2015-02-17
  2. ↑ www.icts.res.in/people/seema-nanda
  3. ↑ web.archive.org/web/20140516055037/
  4. ↑ আৰ্কাইভ কপি
  5. ↑ The Team
  6. ↑ www.revolvy.com/page/Seema-Nanda

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীভাৰতীয় গণিতজ্ঞভাৰতীয় মহিলা গণিতজ্ঞ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সীমা নন্দা” প্ৰবন্ধৰ সংশোধন ৫০৮৪৫৫ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।