অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুচিত্ৰা চেবাষ্টিয়ান

সুচিত্ৰা চেবাষ্টিয়ান (Suchitra Sebastian) হৈছে এগৰাকী ঘনীভূত পদাৰ্থৰ পদাৰ্থবিজ্ঞানী (condensed matter physicist)। তেখেতৰ কৰ্মস্থান হৈছে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ কেভেনডিশ্ব প্ৰয়োগশালা। কোৱাণ্টাম পদাৰ্থৰ ক্ষেত্ৰত কৰা বৈজ্ঞানিক চিন্তা আৰু কৰ্মৰ বাবে তেখেত পৰিচিত।

হালনাগাদ: ৪ মাৰ্চ ২০২৬ ৩৬০ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

সুচিত্ৰা চেবাষ্টিয়ান (Suchitra Sebastian) হৈছে এগৰাকী ঘনীভূত পদাৰ্থৰ পদাৰ্থবিজ্ঞানী (condensed matter physicist)। তেখেতৰ কৰ্মস্থান হৈছে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ কেভেনডিশ্ব প্ৰয়োগশালা। কোৱাণ্টাম পদাৰ্থৰ ক্ষেত্ৰত কৰা বৈজ্ঞানিক চিন্তা আৰু কৰ্মৰ বাবে তেখেত পৰিচিত। নিৰ্দিষ্টকৈ ক'বলৈ গ'লে, তেখেতে এনে কেতবোৰ কুপৰিবাহী পদাৰ্থৰ আৱিষ্কাৰ কৰিছে, যিবোৰে উচ্চ চুম্বকীয় ক্ষেত্ৰত সুপৰিবাহিতাৰ দৰে আচৰণ দেখুৱায়। বিশ্ব অৰ্থনীতি সন্মিলনে তেখেতক ২০১৩ বৰ্ষত "অসাধাৰণ যুৱ বিজ্ঞানী"ৰ ত্ৰিশজনীয়া তালিকাত স্থান দিছে।১

জীৱনী

চেন্নাইস্থিত মহিলা খ্ৰীষ্টিয়ান মহাবিদ্যালয়ৰ পৰা সুচিত্ৰাই পদাৰ্থ বিজ্ঞানত আণ্ডাৰ-গ্ৰেজুৱেট ডিগ্ৰী লাভ কৰে। পৰৱৰ্তী সময়ত তেখেতে আহমেদাবাদৰ আইআইএমৰ পৰা এমবিএ ডিগ্ৰী অৰ্জন কৰে।২ তাৰপিছত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা প্ৰায়োগিক পদাৰ্থ বিজ্ঞানত ডক্তৰেট ডিগ্ৰী লাভ কৰে।৩

চেবাষ্টিয়ান থিয়েটাৰৰ লগতো জড়িত। তেখেতে এডিনবাৰ্গ ফেষ্টিভেল ফ্ৰিঞ্জত পৰিৱেশন কৰিছিল,২ লগতে 'ৰিস্কা থিয়েটাৰ প্ৰকল্প'ৰ লগত জড়িত হৈ ভাৰত তথা নেপালো ভ্ৰমণ কৰিছিল।

কৰ্মজীৱন

এমবিএ ডিগ্ৰী অৰ্জন কৰাৰ পাছত, চেবাষ্টিয়ানে কেইবছৰমানৰ কাৰণে এগৰাকী মেনেজমেণ্ট উপদেষ্টা হিচাপে কাম কৰে। তাৰপিছত তেখেতে পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত যোগদান কৰাৰ কথা ভাবে আৰু গৱেষণামূলক অধ্যয়নৰ বাবে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত যোগদান কৰে।২

সুচিত্ৰাই "বেৰিয়াম কপাৰ চিলিকেট"ৰ ৰূপান্তৰণৰ লগত জড়িত। উচ্চ চুম্বকীয় ক্ষেত্ৰ আৰু নিম্ন উষ্ণতাত এই বিশেষ উপাদানবিধৰ অচুম্বকীয় অৱস্থাৰ পৰা চুম্বকীয় অন্তৰকলৈ কিদৰে ৰূপান্তৰিত হয়,তাকে লৈ তেখেতৰ গৱেষণাৰ বিষয়টো কেন্দ্ৰীভূত। তেখেতে আৱিষ্কাৰ কৰিলে যে, পৰ্যায় ৰূপান্তৰণৰ বিশেষ বিন্দুটো-যাক "কোৱাণ্টাম ক্ৰিটিকেল পইণ্ট" বুলি কোৱা হয়; তাৰ উদ্ভৱ হয় তেতিয়াহে যেতিয়া ইলেকট্ৰনৰ আচৰণ দ্বি-মাত্ৰিক হৈ পৰে আৰু তৃতীয় মাত্ৰাৰ প্ৰভাৱ সম্পূৰ্ণ নিষ্ক্ৰিয় হৈ পৰে। ২০০৬ চনত তেখেতে এইখিনি উদ্ভাৱনা উল্লেখ কৰি এখন গৱেষণাপত্ৰ সহ-প্ৰকাশ কৰি উলিয়ায়। চেবাষ্টিয়ানৰ পৰীক্ষাটোৱে পোনপ্ৰথমবাৰৰ বাবে বসু-আইনষ্টাইনৰ কনডেনচেটত থকা ক্ৰিটিকেল পইণ্টৰ ধাৰণাটো অন্বেষণ কৰিছিল।৪

২০১৫ চনত চেবাষ্টিয়ানে ইউৰোপীয়ান গৱেষণা সংসদৰ পৰা এটা পাঁচ বছৰীয়া অনুদান লাভ কৰে আৰু তেখেতেক কিউপৰেট (cuprates)-ৰ ক্ষেত্ৰখনত কাম কৰিবলৈ কোৱা হয়। কিয়নো সিহঁতে উচ্চ উষ্ণতাৰ অতিপৰিৱাহীৰ দৰে আচৰণ দেখুৱায়।৫

২০১৫ চনত চেবাষ্টিয়ান আৰু তেখেতৰ কৰ্মদলটোৱে আৱিষ্কাৰ কৰিলে যে, "চামাৰিয়াম হেক্সাব'ৰাইড" নামৰ অন্তৰকবিধে উচ্চ চুম্বকীয় ক্ষেত্ৰত সুপৰিবাহিতাৰ ধৰ্ম দেখুৱায়। চামাৰিয়াম হেক্সাব'ৰাইড টপ'ল'জিকেল অন্তৰক শ্ৰেণীটোৰো অন্তৰ্ভুক্ত, য'ত এই অন্তৰকবোৰে পৰিসৰৰ ভিতৰত অন্তৰকৰ বৈশিষ্ট্য দেখুৱায় আৰু পৃষ্ঠত পৰিবাহিতাৰ ধৰ্ম দেখুৱায়। চেবাষ্টিয়ানৰ পৰ্যবেক্ষেণত এই কথা পোহৰলৈ আহিল যে, চামাৰিয়াম হেক্সাবৰাইডে নিজৰ পৰিসৰৰ ভিতৰত থাকিয়েই পৰিবাহী আৰু অন্তৰক-দুয়োটাৰে বৈশিষ্ট্য দেখুৱায়।৬

বঁটা

  • (২০০৭) লী অশ্বেৰ'ফ ৰিচাৰ্ডচন উত্তৰ আমেৰিকান বিজ্ঞান বঁটা
  • (২০১২) চুম্বকীয়তাত যুৱ বিজ্ঞানী পদক (বিশুদ্ধ আৰু প্ৰায়োগিক পদাৰ্থ বিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনী)
  • (২০১২) মুছেলী পদক (পদাৰ্থ বিজ্ঞানৰ প্ৰতিষ্ঠান)৭
  • (২০১৩) এল লৰিয়েল-ইউনেস্ক'ৰ বঁটা, বিজ্ঞানক্ষেত্ৰত কৰ্মৰত মহিলাৰ বাবে৫
  • (২০১৫) ফিলিপ লিভাৰহুল্মে বঁটা৮
  • (২০১৫) ব্ৰায়ান পিপাৰ্ড বঁটা

প্ৰকাশিত গৱেষণাপত্ৰ

জনপ্ৰিয় উদঘাটন

কাৰিকৰী নিবন্ধ

  • চেবাষ্টিয়ান, সুচিত্ৰা; হেৰিছন, এন. (২০০৬). Dimensional reduction at a quantum critical point. Nature. পৃ. ৬১৭-৬২০
  • চেবাষ্টিয়ান, সুচিত্ৰা. (২০১২). Quantum Oscillations in Iron Pnictide Superconductors. Magnetism and Superconductivity: from Cuprates to Iron-Pnictides. Pan Stanford
  • চেবাষ্টিয়ান, সুচিত্ৰা; হেৰিছন, এন. (২০১৪). Normal-state nodal electronic structure in underdoped high-Tc copper oxides. Nature. পৃ. ৬১–৬৪
  • চেবাষ্টিয়ান, সুচিত্ৰা; টেন, বি. এছ. (২০১৫). Unconventional fermi surface in an insulating state. Science. পৃ. ২৮৭–৯০

লগতে চাওক

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Baker, Monya. (31 December 2014). Hopes for the year ahead. Nature. পৃ. 111–3
  2. ↑ Spratt, Radha. (21 September 2013). The thrill of discovery. The Hindu
  3. ↑ SS
  4. ↑ Levy, Dawn. (2 June 2006). 3-D insulator called Han Purple loses a dimension to enter magnetic 'Flatland'. Stanford Report
  5. ↑ (23 October 2013). In search of the superconductor Holy Grail. Horizon: The EU Research & Innovation Magazine
  6. ↑ Borghino, Dario. (7 July 2015). Puzzling material acts as conductor and insulator at the same time. New Atlas
  7. ↑ 2012 Moseley medal and prize. Institute of Physics
  8. ↑ Philip Leverhulme Prizes 2015. The Leverhulme Trust. পৃ. 3

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় পদাৰ্থ বিজ্ঞানীভাৰতীয় মহিলা পদাৰ্থ বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুচিত্ৰা চেবাষ্টিয়ান” প্ৰবন্ধৰ সংশোধন ৫৮৪৭৫৩ (৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।