অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সীতাৰা এছ

সীতাৰা এছ (জন্ম ১৫ ছেপ্টেম্বৰ ১৯৭২) এগৰাকী কেৰালাৰ মালয়ালম ভাষাৰ ভাৰতীয় লেখিকা আৰু অনুবাদক। তেওঁৰ গ্ৰন্থসমূহত প্ৰায়ে মহিলাৰ সমস্যা, লিংগ-সংঘাত আৰু লেছবিয়ান অধিকাৰৰ বিষয়সমূহ উত্থাপন কৰা দেখা যায়। তেওঁ অনুবাদক হিচাপেও পৰিচিত।

হালনাগাদ: ৩ এপ্ৰিল ২০২৬ ২৭৪ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

সীতাৰা এছ (জন্ম ১৫ ছেপ্টেম্বৰ ১৯৭২) এগৰাকী কেৰালাৰ মালয়ালম ভাষাৰ ভাৰতীয় লেখিকা আৰু অনুবাদক।১ তেওঁৰ গ্ৰন্থসমূহত প্ৰায়ে মহিলাৰ সমস্যা, লিংগ-সংঘাত আৰু লেছবিয়ান অধিকাৰৰ বিষয়সমূহ উত্থাপন কৰা দেখা যায়।২ তেওঁ অনুবাদক হিচাপেও পৰিচিত।৩

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

সীতাৰাৰ জন্ম আৰু ডাঙৰ-দীঘল কাছাৰগোড জিলাত। তেওঁ কেলিকট বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী ভাষা সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী আৰু সাংবাদিকতাত ডিপ্লোমা লাভ কৰে।৪ সৰু বয়সতেই তেওঁ জীৱন-সংকটজনক কেন্সাৰত আক্ৰান্ত হৈছিল। তেওঁ কৈছে যে কেন্সাৰৰ সৈতে দীৰ্ঘদিনীয়া সংগ্ৰাম আৰু সামাজিক কুসংস্কাৰৰ অভিজ্ঞতাই তেওঁৰ তীক্ষ্ণ আৰু প্ৰতিবাদী সাহিত্যশৈলীৰ গঢ় দিছে।৫

সাহিত্যিক কৰ্ম

সীতাৰা কেৰালাৰ অন্যতম আগশাৰীৰ সমকালীন মহিলা লেখিকা হিচাপে গণ্য।৬ তেওঁ মালয়ালম ভাষাত বহু জনপ্ৰিয় গ্ৰন্থ ৰচনা কৰিছে, যাৰ ভিতৰত কথাকল, ইডম, বেশকাপৰ্চা আৰু উষ্ণগ্ৰহঙ্গলুদে স্নেহম উল্লেখযোগ্য।৭ তেওঁৰ ৰচনাবোৰত জনসমাজত মহিলাৰ ওপৰত হোৱা দমন-পীড়ন আৰু যৌনতা বিষয়ক প্ৰশ্নসমূহ স্পষ্টভাৱে প্ৰতিফলিত হয়।৮ তেওঁৰ গল্পসমূহত আধুনিক জীৱনৰ জটিলতা মহিলাৰ দৃষ্টিকোণৰপৰা উপস্থাপন কৰা হয় আৰু তাত প্ৰতিবাদী সুৰ স্পষ্ট।৯

সীতাৰাই নোবেল বিজয়ী মালালা ইউছুফজাইৰ গ্ৰন্থ মালয়ালমলৈ অনুবাদ কৰিছে। তেওঁৰ চুটি গল্প অগ্নি কেৰালা বিশ্ববিদ্যালয়ৰ ইংৰাজী সাহিত্য পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে।১০

অন্যান্য অৱদান

তেওঁৰ চুটি গল্প অগ্নিৰ আধাৰত এখন জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে।১১ তেওঁ টেলিভিছনৰ বাবে শিশুসংক্ৰান্ত বিষয়ত মুক্ত পেছাদাৰী কণ্টেণ্ট ৰাইটাৰ হিচাপেও কাম কৰিছে।১২

বঁটা আৰু স্বীকৃতি

সীতাৰাৰ সাহিত্যকৰ্ম সাহিত্য অকাডেমিৰদ্বাৰা স্বীকৃত হৈছে আৰু ২০০৪ চনত তেওঁ স্বৰ্ণ জয়ন্তী বঁটা লাভ কৰে।১৩ তেওঁ কেৰালা সাহিত্য অকাডেমি বঁটাও লাভ কৰিছে। ইয়াৰ উপৰি তেওঁ কথা বঁটা আৰু গীতা হিৰণ্যন এণ্ডাওমেণ্ট বঁটা আদি বহু সাহিত্য বঁটা লাভ কৰিছে।১৪

গ্ৰন্থপঞ্জী

ইংৰাজী ভাষাত

  • লেছবিয়ান ষ্ট’ৰিজ ইন মালয়ালম (২০১৭), চিহ্না পাব্লিশাৰ্ছ

মালয়ালম ভাষাত

  • কথাকল (২০১৭), ডি চি বুকছ
  • উষ্ণগ্ৰহঙ্গলুদে স্নেহম (২০১৫), ডি চি বুকছ
  • ৱেয়িলিল ওৰু কালিয়ে঴ুথুকাৰী (২০১৫), মাথৃভূমি প্ৰকাশন
  • কৰুথা কুপ্পায়াক্কাৰী (২০১০), ডি চি বুকছ
  • ইডম (২০১২), ডি চি বুকছ
  • অগ্নিয়ুম কথাকলুম (২০১৫), মাথৃভূমি বুকছ
  • লেছব’চে: মালয়ালথিলে লেছবিয়ান কথাকল (২০১৭), চিহ্না পাব্লিশাৰ্ছ
  • নৃত্যশালা (২০২০), ডি চি বুকছ
  • বেশকাপৰ্চা (২০২০), ডি চি বুকছ
  • এন্তেয়ুম কথা (২০২১), ডি চি বুকছ

তথ্যসূত্ৰ

  1. ↑ Sithara S. – Speaker Profile. Kerala Literature Festival
  2. ↑ Dr S. Gopi. (2018). Social Relevance of Malayalam Gynocentric Writing: Women Readers' Perusal of Her-Story. Vimala International Research Journal for Humanities & Social Sciences. পৃ. 192
  3. ↑ Translators and Contributors to Sahitya Akademi Journal. Indian Literature. Sahitya Akademi. পৃ. 192
  4. ↑ (24 January 2020). Sithara S. Author Profile. Mathrubhumi
  5. ↑ Anjali Lal. (20 December 2017). Battling Cancer Changed this Woman's Life for the Better. Malayala Manorama
  6. ↑ (24 July 2014). Malyalam Books That Should Not Be Missed. The Hindu
  7. ↑ University of Calicut. University of Calicut Academic Profiles
  8. ↑ Christy, Carmel. (16 March 2017). Sexuality in Public Space in India – Reading the Visible. Routledge. পৃ. 36–39. ISBN 978-13-156522-9-0
  9. ↑ Sara Joseph. (31 January 2004). The "Thing" Speaks – Feminism in Malayalam Literature
  10. ↑ (2021). Syllabus for BA English Language & Literature. Kerala University Admissions. পৃ. 43
  11. ↑ Karthik Ramakrishnan. (23 January 2015). "Agni" Short Story by Sithara S.. Women’s Web
  12. ↑ Sithara S. as Content Writer. Babee TV
  13. ↑ Sahitya Akademi Awards Ceremony. Government of India
  14. ↑ (24 January 2020). Sithara S. at Mathrubhumi International Festival of Letters. Mathrubhumi

সম্পৰ্কিত শ্ৰেণী

কেৰালাৰ ব্যক্তিভাৰতীয় নাৰীবাদীভাৰতীয় নাৰীবাদী লেখকলেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সীতাৰা এছ” প্ৰবন্ধৰ সংশোধন ৫৯৯৮০৫ (৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।