সিমৰত কৌৰ ৰন্ধাৱা (Simrat Kaur Randhawa; জন্ম: ১৬ জুলাই ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ তেলুগু আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত।১ ২০১৭ চনত, তেওঁ প্ৰেমথো মী কাৰ্তিক নামৰ তেলুগু ভাষাৰ ছবি এখনত অভিনয়েৰে ছবিজগতত প্ৰৱেশ কৰে।২
প্ৰাৰম্ভিক জীৱন
১৯৯৭ চনৰ ১৬ জুলাই তাৰিখে, মুম্বাইত পঞ্জাবী শিখ পৰিয়ালত সিমৰতৰ জন্ম হৈছিল। তেওঁ কম্পিউটাৰ বিজ্ঞানত অনাৰ্ছসহ বি.এছচি পাছ কৰে।৩
কৰ্মজীৱন
২০১৭ চনত, পৰিচালক ঋষিৰ তেলুগু ৰোমাণ্টিক নাট্য ছবি প্ৰেমথো মী কাৰ্তিকত অভিনেতা কাৰ্তিকেয়ৰ বিপৰীতে অভিনয়েৰে তেওঁ অভিনয় জগতত আত্মপ্ৰকাশ কৰে।৪ ২০১৮ চনত, তেওঁ পৰিচয়ম আৰু ছোনী নামৰ ছবি দুখনত অভিনয় কৰিছিল।৪ পিছলৈ তেওঁডাৰ্টি হৰি নামৰ তেলুগু ভাষাৰ ৰোমাণ্টিক থ্ৰিলাৰধৰ্মী ছবি এখনত অভিনেতা শ্ৰৱণ ৰেড্ডীৰ বিপৰীতে নায়িকাৰ ভূমিকাত অভিনয় কৰে। এই ছবিখন আমেৰিকীয় ছবি মেচ পইণ্টৰ ভাৰতীয় অভিযোজন আছিল।৫
তেওঁ সংগীত শিল্পী হিম্মত সন্ধুৰ বুৰ্জ খলিফা আৰু লাৰা লাপ্পা আদি পঞ্জাবী মিউজিক ভিডিঅ’তো অভিনয় কৰিছিল। ২০২২ চনত, তেওঁ জি জি সিঙৰ পঞ্জাবী ভিডিঅ’ গীত লোফাৰতো অভিনয় কৰে। ৬ ২০২১ চনত, তেওঁ "তেৰে বিন জিন্দেগী" শীৰ্ষক কণ্ঠশিল্পী মিকা সিঙৰ ৰোমাণ্টিক গীত এটিত অভিনয় কৰিছিল।৭ ২০২২ চনত, নাগাৰ্জুন অভিনীত ছবি বাংগাৰৰাজুত এটি কেমিঅʼ চৰিত্ৰত অভিনয় কৰিছিল। ২০২৩ চনত ১১ আগষ্টত মুক্তি পোৱা হিন্দী ছবিগদৰ ২-ত অভিনেতা উৎকৰ্ষ শৰ্মাৰ পত্নী আৰু ছানী দেউলৰ বোৱাৰীৰ চৰিত্ৰত কৌৰে অভিনয় কৰে।৮
চলচ্চিত্ৰপুঞ্জী
| এতিয়াও মুক্তি নোপোৱা ছবিসমূহক বুজায় |
| বৰ্ষ | চলচ্চিত্ৰ | ভূমিকা | ভাষা | টোকা | |
|---|---|---|---|---|---|
| ২০১৭ | প্ৰেমথো মী কাৰ্তিক | অঞ্জলি | তেলুগু | ৪ | |
| ২০১৮ | পৰিচয়ম | ৪ | |||
| ছোনী | নিশু | হিন্দী | ৪ | ||
| ২০২০ | ডাৰ্টি হৰি | জেচমিন | তেলুগু | ৯ | |
| ২০২২ | বাংগাৰৰাজু | কেমিঅʼ ভূমিকা | ১০ | ||
| ২০২৩ | মায়া পেটিকা | ||||
| গদৰ ২ | মুস্কান | হিন্দী | ৪ | ||
| ২০২৪ | বনবাস | মীনা | হিন্দী | ১১ | |
| ২০২৭ | গদৰ ৩ | মুস্কান সিং | হিন্দী |
তথ্যসূত্ৰ
- ↑ Chowdhary, Y. Sunita. (5 February 2020). Simrat Kaur keeps fingers crossed for her next outing, 'Dirty Hari'. The Hindu
- ↑ kavirayani, suresh. (10 December 2020). My mom told me to give my best shot. Deccan Chronicle
- ↑ Chowdhary, Y. Sunita. (5 February 2020). Simrat Kaur keeps fingers crossed for her next outing, 'Dirty Hari'. The Hindu
- ↑ Simrat Kaur: Movies, Photos, Videos, News, Biography & Birthday | eTimes. The Times of India
- ↑ Dirty Hari: Simrat Kaur turns into a hot & bold Jasmine for MS Raju's new-age film. The Times of India
- ↑ The SportsGrail. (22 February 2023). Who is actress Simrat Kaur, her biography, age, family, movies list, net worth, Instagram. The SportsGrail
- ↑ Service, Tribune News. Mika Singh releases Tere Bin Zindagi as Valentine special. Tribuneindia News Service
- ↑ Rajput, Raghav. (16 July 2023). "Simrat Kour" - सिमरत कौर: Who Is Simrat Kour In 'Gadar 2'. mygeniusbrand.com
- ↑ Dirty Hari Movie Review: An erotic thriller that almost draws you in. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (8 January 2022). Eight Heroines Adds To Bangarraju's Glamor Quotient. mirchi9.com
- ↑ (2024-12-20). ‘Vanvaas’ movie review: Nana Patekar does the heavy lifting in this trite tearjerker
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সিমৰত কৌৰ” প্ৰবন্ধৰ সংশোধন ৫২৩৭৪৯ (১৩ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।