সীমা ৰাও (Seema Rao) এগৰাকী ভাৰতীয় কমাণ্ড প্ৰশিক্ষক।১২ তেওঁ ভাৰতৰ প্ৰথম মহিলা কমাণ্ড প্ৰশিক্ষক। তেওঁক ভাৰতৰ বিস্ময় মহিলা বুলি অভিহিত কৰা হয়।৩৪ প্ৰায় দুই দশকতকৈও অধিক সময় ধৰি তেওঁ ভাৰতৰ বিশেষ বাহিনীক কোনো আৰ্থিক অনুদান অবিহনে প্ৰশিক্ষণ দি আহিছে। তেওঁ মুখামুখি হতাহতি যুদ্ধত বিশেষজ্ঞ৪ আৰু বিভিন্ন ভাৰতীয় বাহিনীক প্ৰশিক্ষণ দিয়াৰ লগত জড়িত।৫ তেওঁ তেওঁৰ স্বামী মেজৰ দীপক ৰাওৰ সৈতে অংশীদাৰিত্বত কাম কৰে।৬৭ তেওঁৰ স্বামীয়ে ইয়াৰ বাবে ৰাষ্ট্ৰপতি পদকো লাভ কৰিছিল।
জীৱনী
ভাৰতৰ স্বাধীনতা সংগ্ৰামী অধ্যাপক ৰমাকান্ত সীমা ৰাওৰ পিতৃ। তেওঁ চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰিছিল। ৰাওৱে সংকট ব্যৱস্থাপনাত স্নাতকোত্তৰ ডিগ্ৰীও অৰ্জন কৰিছে। তেওঁৰ স্বামী মেজাৰ দীপক ৰাওৰ সৈতে একেলগে। তেওঁ বৰ্তমানলৈকে আধুনিক ক্লজ কোৱাৰ্টাৰ যুদ্ধত ১৫০০০ সৈনিকক প্ৰশিক্ষণ দিছে।৮৯
সীমা ৰাওৱে ভাৰতীয় বায়ু সেনাৰ স্পাইডাইভিং পাঠ্যক্ৰমৰ জৰিয়তে তেওঁৰ বাবে পেৰা উইং অৰ্জন কৰিছিল। তেওঁ এগৰাকী যুঁজাৰু শ্বুটিং প্ৰশিক্ষক, সেনা পৰ্বতাৰোহণ প্ৰতিষ্ঠান এইচএমআইৰ পদক বিজয়ী, আৰু সামৰিক মাৰ্শ্বিয়েল আৰ্টত ৭ম ডিগ্ৰী ব্লেকবেল্ট অৰ্জন কৰিছে। তেওঁ গোটেই বিশ্বৰ মাত্ৰ কেইজনমান প্ৰশিক্ষকৰ ভিতৰত 'জিত কুন ডো' শিকাবলৈ কৰ্তৃত্ব লাভ কৰিছে। তেওঁ শ্ৰীমতী বিশ্ব সৌন্দৰ্য প্ৰতিযোগিতাৰ ফাইলেনৰ প্ৰাৰ্থী আছিল। তেওঁ এগৰাকী পেছাদাৰী মাৰ্শ্বিয়েল যুদ্ধৰ পৰামৰ্শদাতা। ইয়াৰ মূল বিচাৰিলে ৰিচাৰ্ড বুষ্টিলোকলৈ যি মহান ব্ৰুছ লীৰ কলা জিত কুন ডোৰ মুখ্য শিষ্য আছিল।১০
তেওঁক ভাৰতৰ প্ৰথম মহিলা কমাণ্ড প্ৰশিক্ষক হিচাপে সম্বোধন কৰা হয়।১১ তেওঁৰ মহিলাৰ সুৰক্ষাৰ ওপৰত বহুতো প্ৰবন্ধ প্ৰকাশিত হৈছে।১২১৩১৪
যুদ্ধ আধুনিকীকৰণৰ
সীমা ৰাওৱে যুদ্ধৰ সময়ত ক্ষেপনাস্ত্ৰ নিক্ষেপ আধুনিকীকৰণ কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ক্ষেপনাস্ত্ৰ নিক্ষেপ কৰাৰ পদ্ধতিৰ ওপৰত গৱেষণা কৰি তেওঁ এক নতুন নিক্ষেপ পদ্ধতি উদ্ভাৱন কৰে। ইয়াক ৰিফ্লেক্স নিক্ষেপ কৰা গুলীচালনাৰ ৰাও পদ্ধতি (ৰাও চিষ্টেম অব ৰিফ্লেক্স ফায়াৰ)। এই পদ্ধতিক গুলীচালনাৰ এক অভিনৱ পদ্ধতি বুলি কোৱা হয়। এই পদ্ধতিটো পেটেণ্ট কৰা হৈছে আৰু এইটো পৰীক্ষা কৰা হৈছে যে ই পৰম্পৰাগত ফায়াৰিং পদ্ধতিতকৈ ই উন্নত পদ্ধতি। পুঙ্খানুপুঙ্খ বিশ্লেষণৰ পিছত এই পদ্ধতিটো ভাৰতীয় সেনা কমাণ্ডৰ ভিতৰত নিৰ্দিষ্ট সন্মানেৰে অন্তৰ্ভুক্ত কৰা হৈছে।
ৰাও দম্পতীহালে ১৮ বছৰতকৈও অধিক সময় ধৰি সুৰক্ষা বাহিনীৰ ১৫,০০০ সৈনিকক প্ৰশিক্ষণ কৰিবলৈ তিনি সেনা প্ৰধানৰ পৰা স্বীকৃতি লাভ কৰিছে। তেওঁলোকে ভাৰতীয় অৰ্ধ সামৰিক বাহিনীৰ বিশেষ বাহিনী, কমাণ্ড উইং, সেনা যুদ্ধ শিক্ষা কেন্দ্ৰ, নৌবাহিনীৰ সমুদ্ৰিক কমাণ্ড বাহিনী, ৰাষ্ট্ৰীয় নিৰাপত্তাৰক্ষী (এনএছজি) ব্লেক কেট, বায়ু সেনা গড়ুৰ, ভাৰত তিব্বত সীমান্ত বাহিনী (আইটিবিপি), অৰ্ধ সামৰিক, আৰক্ষীকে ধৰি প্ৰতিটো অভিজাত ভাৰতীয় বাহিনীক প্ৰশিক্ষণ প্ৰদান কৰিছে। তেওঁলোক ৰাষ্ট্ৰীয় আৰক্ষী একাডেমী, সেনা বিষয়া প্ৰশিক্ষণ একাডেমী আদিৰ অতিথি অধ্যাপক আছিল। সুৰক্ষাৰ প্ৰশিক্ষণক মূল কৰ্মজীৱন হিচাপে গ্ৰহণ কৰি তেওঁ তেওঁৰ ব্যক্তিগত জীৱন আঁতৰাই ৰাখিছিল। গোটেই বছৰ তেওঁলোক দূৰৱৰ্তী স্থানত কাম কৰি আহিছে।
বঁটা আৰু সন্মান
(সোঁফালে) ২০১৯ চনৰ আন্তৰ্জাতিক নাৰী দিৱসত সীমা ৰাওক নাৰী শক্তি পুৰস্কাৰ প্ৰদান কৰা মুহূৰ্ত]]
সীমা ৰাও ২০১৯ চনৰ ফাৰ্বছ ইণ্ডিয়া ডব্লিউ-পাৱাৰ ট্ৰেলব্লজাৰ তালিকাত ষষ্ঠ স্থান লাভ কৰিছিল।১৫ তেওঁ ২০১৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা নাৰী শক্তি পুৰস্কাৰ লাভ কৰিছিল।১৬
তথ্যসূত্ৰ
- ↑ Close to 50, yet I like to spar and engage in combat with men to keep fit. Times of India
- ↑ (24 June 2017). India's wonder woman. Deccan Chronicle
- ↑ Women Power: Dr. Seema Rao's Iron Will. jagran.com
- ↑ (7 March 2019). IWD Special Interview of Dr. Seema Rao. bhaskar.com
- ↑ Dr Seema Rao Commando Trainer. indiatimes.com
- ↑ (20 August 2016). Indian Super Woman Dr. Seema Rao. Deccan Chronicle
- ↑ Meet India’s only woman commando trainer Dr Seema Rao. cnbctv18.com
- ↑ India's only female commando trainer. storypick
- ↑ COMBAT SPECIALIST SEEMA RAO. Verve Magazine
- ↑ Dr Seema Rao - India's only commando trainer. indiatimes
- ↑ India’s First Female Commando Trainer, Seema Rao. Jaipur Women Blog
- ↑ India's 1st woman commando trainer's tips to prevent rape. uni,webindia123.com
- ↑ India's 1st woman commando trainer on women empowerment. uni,webindia123.com
- ↑ India's 1st woman commando trainer's film on empowerment to release soon. indorecity.co
- ↑ Dr Seema Rao is No 6 in the 2019 Forbes India Woman-Power. forbesindia.com
- ↑ President gives Nari Shakti Puraskar, woman marine pilot, commando trainer receive loudest cheers. uniindia.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সীমা ৰাও” প্ৰবন্ধৰ সংশোধন ৬৩৫৬২৮ (১৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।