অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সীমা পৰিহাৰ

সীমা পৰিহাৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন ডকাইত। তেওঁ সমাজবাদী পাৰ্টিৰ সদস্য আছিল। পৰিহৰে দাবী কৰে যে তেওঁৰ প্ৰেৰণা হৈছে ফুলন দেৱী, যি দস্যুৰাণী হিচাপে পৰিচিত আছিল আৰু ৰাজনীতিবিদ হোৱাৰ আগতে ডকাইত আছিল। সীমাই ২০১০ চনত বিগ বছত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ২৬৮ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

সীমা পৰিহাৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন ডকাইত। তেওঁ সমাজবাদী পাৰ্টিৰ সদস্য আছিল।১ পৰিহৰে দাবী কৰে যে তেওঁৰ প্ৰেৰণা হৈছে ফুলন দেৱী, যি দস্যুৰাণী হিচাপে পৰিচিত আছিল আৰু ৰাজনীতিবিদ হোৱাৰ আগতে ডকাইত আছিল।১ সীমাই ২০১০ চনত বিগ বছত প্ৰতিযোগী হিচাপে অংশগ্ৰহণ কৰিছিল।

জীৱনী

সীমা পৰিহাৰৰ জন্ম হৈছিল ভাৰতৰ উত্তৰ প্ৰদেশৰ ঔৰীয়াত এটা দৰিদ্ৰ পৰিয়ালত। ১৯৮৩ চনত উত্তৰ প্ৰদেশৰ বাৱিনে নামৰ গাঁৱৰপৰা ১৩ বছৰ বয়সত ডকাইত লালা ৰাম আৰু কুছুমা নিয়ানে তেওঁক অপহৰণ কৰি নিয়ে আৰু পিছত নিজেই ডকাইত হৈ পৰে।২ ১৯৮৬ চনত ডকাইত নিৰ্ভয় সিং গুজ্জাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় যদিও পিছলৈ লালা ৰামলৈ উভতি যায়।৩ পৰিহাৰ তেওঁৰ দলটোৰ নেতা হৈ পৰে, আৰু বিহাণ্ড জংঘল আৰু চম্বল নদীৰ আশে-পাশে থকা অঞ্চলত লুণ্ঠন, অপহৰণ আৰু হত্যাকাণ্ডত লিপ্ত হয়।২৪ কেৰিয়াৰৰ সময়ছোৱাত ৭০ জন লোকক হত্যা, ২০০ জন লোকক অপহৰণ কৰাৰ লগতে ৩০টা ঘৰ লুট-পাত কৰে। ২০০০ চনৰ জুন মাহত ১৮ বছৰ ধৰি ডকাইতি কৰাৰ পাছত উত্তৰ প্ৰদেশ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।২৫ ৮টা হত্যা আৰু আধা ডজন অপহৰণকে ধৰি ২৯টা অভিযোগৰ সন্মুখীন হ'বলগীয়া হয়।১৬ ২০০১ চনৰ আগষ্ট মাহত তেওঁ কয় যে তেওঁ ৰাজনৈতিক দলসমূহৰপৰা প্ৰস্তাৱ লাভ কৰিছে।৬

২০০২ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত পৰিহাৰে শিৱসেনাক সমৰ্থন কৰে।৫ ২০০৬ চনৰ নৱেম্বৰ মাহত তেওঁ ভাৰতীয় ন্যায় পাৰ্টিত যোগদান কৰে,৭ আৰু ২০০৭ চনত মিৰ্জাপুৰ-ভাদোহী লোকসভাৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে।১৮

২০০৮ চনৰ জানুৱাৰী মাহত তেওঁ লোক জনশক্তি পাৰ্টিলৈ যায় আৰু সেই বছৰৰ অক্টোবৰ মাহত সমাজবাদী পাৰ্টিলৈ স্থানান্তৰিত হয়।৫ ২০০৮ চনৰ অক্টোবৰ মাহলৈকে তেওঁৰ বিৰুদ্ধে থকা ১৫টা অপৰাধমূলক গোচৰৰপৰা তেওঁক দোষমুক্ত কৰা হৈছিল আৰু বাকী ১৪টা গোচৰৰ বাবে জামিনত আছিল।৫

২০১১ চনত সীমা পৰিহাৰক দুৰ্নীতি বিৰোধী সংস্থা ৰাষ্ট্ৰীয় দুৰ্নীতি নিৰ্মূলকৰণ পৰিষদৰ মহিলা শাখাৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হয়।৯

জনপ্ৰিয় সংস্কৃতি

সীমা পৰিহাৰে ৱাউণ্ডেড - দ্য বেণ্ডিট কুইন ছবিখনত অভিনয় কৰিছিল। এই ছবিখন হিন্দী চিনেমাৰ প্ৰথম দৃষ্টান্ত য'ত এগৰাকী "দস্যুৰাণীয়ে" নিজৰ বাস্তৱ জীৱনৰ কাহিনী পৰ্দাত অভিনয় কৰিছিল। ২০০৬ চনত চাম্বল উপত্যকাৰ স্থানত শ্বুট কৰা এই ছবিখনে ২০০৫ চনত লেষ্টাৰ এক্সপ' বলীউড চলচ্চিত্ৰ মহোৎসৱ (যুক্তৰাজ্য)ত সমালোচক বঁটা লাভ কৰে।১০ ২০১০ চনত সীমা পৰিহৰে ভাৰতীয় ৰিয়েলিটি টিভি শ্ব’ বিগ বছৰ ৪ নং ছিজনতো অংশগ্ৰহণ কৰে। এই অনুষ্ঠানটো ২০১০ চনৰ ৩ অক্টোবৰৰপৰা কালাৰছত প্ৰচাৰিত হয় আৰু পৰিহাৰক ৭৬ দিনত (১১ সপ্তাহ) ঘৰৰপৰা উচ্ছেদ কৰা হয়।১১ বিগ বছত অংশগ্ৰহণ কৰাৰ পূৰ্বে সীমা পৰিহাৰ জেলত আছিল আৰু এই কাৰ্যসূচীত হাজিৰ হোৱাৰ অনুমতি বিচাৰি এলাহাবাদ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। এলাহাবাদ উচ্চ ন্যায়ালয়ে প্ৰথমে তেওঁৰ হাজিৰ হোৱাৰ আবেদন নাকচ কৰিছিল।১২

তথ্যসূত্ৰ

  1. ↑ Tripathi, Ram Dutt. (2007-05-04). India's new Bandit Queen emerges. BBC News Online. BBC
  2. ↑ Perappadan, Bindu Shajan. (2004-09-27). Real story of a female dacoit. দ্য হিন্দু. Kasturi and Sons
  3. ↑ (2006-11-19). Former bandit joins Indian Justice Party. দ্য হিন্দু. Kasturi and Sons
  4. ↑ Marks, Kathy. (2007-05-04). Reformed bandit queen runs for parliament. The Independent. Independent Print
  5. ↑ Singh, Kautilya. (2008-10-10). Dacoit-turned-politician Seema Parihar joins SP. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ. Indian Express Limited
  6. ↑ Misra, Meena. (2001-08-07). I have offers from political parties: Seema Parihar. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া. Bennett, Coleman & Co
  7. ↑ Pande, Alka S. (2006-11-19). Dacoit turned actor Seema now plunges into politics. The Indian Express. Indian Express Limited
  8. ↑ (2007-04-14). Former 'bandit queen' fighting UP parliamentary bypoll. Oneindia.in. Greynium Information Technologies
  9. ↑ Verma, Amita. (2011-04-17). Parihar to follow in Anna's footsteps. The Asian Age. Deccan Chronicle Holdings
  10. ↑ Seema Parihar Film
  11. ↑ (17 December 2010). Seema Parihar evicted from BB house. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  12. ↑ (29 September 2010). HC rejects ex-bandit Seema Parihar's plea to appear in Bigg Boss. Deccan Herald

সম্পৰ্কিত শ্ৰেণী

মহিলা ডকাইত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সীমা পৰিহাৰ” প্ৰবন্ধৰ সংশোধন ৫৯৯১৫৫ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।