অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সুগন্ধা গাৰ্গ

সুগন্ধা গাৰ্গ এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা আৰু টেলিভিছন সঞ্চালিকা। তেওঁক শেহতীয়াকৈ ভাৰতীয় ৱেব ছিৰিজ গীল্টি মাইণ্ডছত দেখা গৈছিল।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৬ ২৭৩ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

সুগন্ধা গাৰ্গ এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা আৰু টেলিভিছন সঞ্চালিকা।১ তেওঁক শেহতীয়াকৈ ভাৰতীয় ৱেব ছিৰিজ গীল্টি মাইণ্ডছত দেখা গৈছিল।

কৰ্মজীৱন

গাৰ্গে ২০০৮ চনত মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰ জানে তু... য়া জানে নাত শ্বালিনৰ চৰিত্ৰত অভিনয় কৰিছিল।২৩ তেওঁ ২০০৯ চনৰ ১৯ জুনত মুক্তি পোৱা লেট্‌ছ ডান্স ছবিত গায়ত্ৰী পেটেলৰ ঘনিষ্ঠ বান্ধৱীৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু মাই নেম ইজ খানত এগৰাকী ছাত্ৰী সংবাদদাতা হিচাপে ভূমুকি মাৰিছিল। ২০১০ চনৰ ১৬ জুলাইত মুক্তি পোৱা তেৰে বিন লাডেন ছবিত তেওঁ মেকআপ আৰ্টিষ্ট জয়াৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল। ২০০৯ চনত তেওঁ ব্ৰিটিছ কমেডী ধাৰাবাহিক মুম্বাই কলিংৰ ৭টা খণ্ডত এগৰাকী কল চেণ্টাৰ কৰ্মচাৰী হিচাপে কাম কৰিছিল। ২০১২ চনত তেওঁক পতংগ ছবিত দেখা গৈছিল।

তেওঁৰ পৰৱৰ্তী ছবিসমূহৰ ভিতৰত আছে সন্তোষ চিভানৰ চিলন, শেফালী ভূষণৰ জুগনী, তেৰে বিন লাডেনৰ চিকুৱেল আৰু মনু ৱাৰিয়াৰৰ কফী ব্লুম।৪ চিলন (তামিলত ইনাম) ছবিত তেওঁ এগৰাকী শ্ৰীলংকান শৰণাৰ্থীৰ চৰিত্ৰত অভিনয় কৰিছে।৫ ছবিখনত তেওঁৰ অভিনয় সম্পৰ্কে চিভানে মন্তব্য কৰিছিল যে "সুগন্ধাই যি কৰি দেখুৱালে তেনে অভিনয় আন কোনেও কৰিব নোৱাৰিলেহেঁতেন।" ৬৭৮

গাৰ্গে টেলিভিছনত কাম কৰাৰ লগতে কেইবাটাও অনুষ্ঠান পৰিচালনা কৰিছে। ১৮ বছৰ বয়সতে তেওঁ বিবিচিৰ বাবে হাথ চে হাথ মিলা নামৰ অনুষ্ঠানটো পোনপ্ৰথমবাৰৰ বাবে সঞ্চালনা কৰিছিল।৯ পৰৱৰ্তী সময়ত তেওঁ ইন্দ্ৰাণী দাসগুপ্তৰ সৈতে ৱাট্‌ছ উইথ ইণ্ডিয়ান মেন১ আৰু ফক্স ট্ৰেভেলাৰত ইট হেপেনছ অনলী ইন ইণ্ডিয়াৰ দ্বিতীয়টো ছিজন সঞ্চালনা কৰিছিল।১০ তেওঁ আই হেভ গন মাৰ্কিং আৰু চামটাইমছ নামৰ নাটকত অভিনয় কৰিছে।১১ তেওঁ এমটিভিৰ কোক ষ্টুডিঅ' ছিজন ২ত পাপনৰ সৈতে অসমীয়া গীত "টোকৰী" পৰিৱেশন কৰিছিল।

তেওঁ আৰ্যা নামৰ ধাৰাবাহিকখনত মুখ্য চৰিত্ৰত থকা সুস্মিতা সেনৰ চৰিত্ৰটোৰ ঘনিষ্ঠ বান্ধৱী হিনা খানৰ চৰিত্ৰত অভিনয় কৰিছিল।১২ এই ধাৰাবাহিকখনত তেওঁ সংগ্ৰামৰ প্ৰেমিকা আৰু জীতৰ মাতৃৰ চৰিত্ৰতো অভিনয় কৰিছে।১৩১৪

ব্যক্তিগত জীৱন

২০১২ চনত তেওঁৰ সেই সময়ৰ স্বামী ৰঘু ৰামৰ সৈতে গাৰ্গ
২০১২ চনত তেওঁৰ সেই সময়ৰ স্বামী ৰঘু ৰামৰ সৈতে গাৰ্গছবি: Bollywood Hungama · CC BY 3.0

গাৰ্গে দিল্লী বিশ্ববিদ্যালয়ৰ মৈত্ৰেয়ী মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।১৫ গাৰ্গে ২০০৬ চনত টেলিভিছন প্ৰযোজক তথা এমটিভি ৰিয়েলিটি শ্ব’ৰ সঞ্চালক ৰঘু ৰামৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।১৬ ২০১৮ চনৰ ৩০ জানুৱাৰীত তেওঁলোকৰ আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ ঘটে।১৭১৮১৯

চলচ্চিত্ৰপঞ্জী

চলচ্চিত্ৰ

বৰ্ষচলচ্চিত্ৰচৰিত্ৰটোকা
২০০৮জানে তু... য়া জানে নাশালিন
২০০৯লেট্‌ছ ডান্সঅনুষ্কা
২০০৯মুম্বাই কলিংটিভি ধাৰাবাহিক
২০১০মাই নেম ইজ খানকোমল (সংবাদদাতা)
২০১০তেৰে বিন লাডেনজয়া খান
২০১১পতংগপ্ৰিয়া
২০১৪চিলনৰজিনীইংৰাজী-তামিল ছবি
২০১৫কফী ব্লুমঅনিকা
২০১৬তেৰে বিন লাডেন ২জয়া খান
২০১৬জুগনীবিভাৱৰী

ৱেব ছিৰিজ

বৰ্ষছিৰিজচৰিত্ৰভাষাপ্লেটফৰ্মটোকা
২০২০–২০২৪আৰ্যাহিনা খানহিন্দীডিজনী+ হটষ্টাৰ
২০২১গীল্টি মাইণ্ডছবন্দনা কাঠপালিয়াহিন্দীএমেজন প্ৰাইম ভিডিও২০

টেলিভিছন

বৰ্ষছিৰিজচৰিত্ৰভাষাটোকা
২০০৩হাথ চে হাথ মিলাসহ-সঞ্চালিকাইংৰাজীদূৰদৰ্শনৰ বাবে ২১৮
২০১১ৱাট্‌ছ উইথ ইণ্ডিয়ান মেনসহ-সঞ্চালিকাইংৰাজীফক্স হিষ্ট্ৰী এণ্ড ট্ৰেভেলাৰৰ মৌলিক ছিৰিজ ২২

সংগীতপঞ্জী

বৰ্ষশীৰ্ষকবেণ্ড/এককসহ-গায়কগীতিকাৰ
২০১২টোকৰীকোক ষ্টুডিঅ' @ এমটিভি ছিজন ২পাপন২৩
২০২২গালিবএককসুগন্ধা গাৰ্গ২৪
২০২২চৱালএককসুগন্ধা গাৰ্গ২৫
২০২৩মজ্জাকএককসুগন্ধা গাৰ্গ

তথ্যসূত্ৰ

  1. ↑ Rajan, Amrita. (13 July 2011). What's With Indian Men?. Women's Web
  2. ↑ Jaane Tu..Ya Jaane Na Theatrical Release
  3. ↑ (13 November 2023). When Theatre Met Television: 5 Bollywood Actors Who Found Their Love On TV. HerZindagi English
  4. ↑ (18 February 2014). 'It's MyTime'. Hindustan Times
  5. ↑ Supporting actors turn heroes in Tamil films. The Times of India
  6. ↑ Sudhish Kamath. (16 November 2013). A special point of view. The Hindu
  7. ↑ (27 March 2014). In conflict zone. The Hindu
  8. ↑ Yolande D'Mello. (6 April 2014). Reluctant diva. Mumbai Mirror
  9. ↑ (18 December 2010). My next is an international film: Sugandha. The Times of India
  10. ↑ (14 May 2012). Girl on the Go - Indian Express. The Indian Express
  11. ↑ (27 November 2007). A playful weekend in Kolkata. The Times of India
  12. ↑ IANS, IANS. (31 October 2023). Maya Sarao loved her character's 'no-nonsense attitude' in 'Aarya 3'. ianslive.in
  13. ↑ Srivastava, Soumya. (12 December 2021). Aarya 2: Sushmita Sen finally breaks bad, but takes 7 long, boring episodes to get there
  14. ↑ Sharma, Suparna. (28 June 2020). Aarya review · Yes, women’s heads and feet turn in rage. Deccan Chronicle
  15. ↑ (10 May 2012). I will always be a Delhi girl, says Sugandha Garg. Movies.ndtv.com
  16. ↑ Ghosh, Debasmita. (4 May 2012). Sugandha wants to act with Raghu. Hindustan Times
  17. ↑ (5 January 2016). Break In marriage
  18. ↑ Sugandha Garg, Raghu Ram Are 'Still Each Other's Support System'. NDTV.com
  19. ↑ (30 January 2018). Raghu Ram-Sugandha Garg end their marriage, announce their 'divorce goals'
  20. ↑ Desai, Rahul. (25 April 2023). Guilty Minds, On Amazon Prime Video, Breaks The Echo Chamber And Raises The Bar. filmcompanion.in
  21. ↑ (12 July 2020). 6 TV Actors Who Should Act In More Bollywood Films As They Have Insane Talent. MensXP
  22. ↑ (16 May 2012). The mind of the Indian man. The New Indian Express
  23. ↑ 10 of the Biggest Hits of Coke Studio India. news18.com
  24. ↑ India, Rolling Stone. (22 September 2022). #RSDailyMusic: Here's What We're Listening to Today. Rolling Stone India
  25. ↑ Hungama, Bollywood. (4 July 2023). 15 Years of Jaane Tu Ya Jaane Na EXCLUSIVE: Sugandha Garg admits that her character Shaleen was gay. বলিউড হাংগামা

সম্পৰ্কিত শ্ৰেণী

হিন্দী টেলিভিছনৰ অভিনেত্ৰীভাৰতীয় অভিনেত্ৰীভাৰতীয় কণ্ঠশিল্পীগায়িকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুগন্ধা গাৰ্গ” প্ৰবন্ধৰ সংশোধন ৬৪০২৭০ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।