জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
তছনীম জেহৰা হুছেইন
তছনীম জেহৰা হুছেইন এজন পাকিস্তানী তাত্ত্বিক পদাৰ্থবিজ্ঞানী। পদাৰ্থ বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰা কেইজনমান পাকিস্তানী মহিলাৰ ভিতৰত তেওঁ অন্যতম আৰু প্ৰথম পাকিস্তানী মহিলা ষ্ট্ৰিং তত্ত্ববিদ।
-
তনতাৱান তান্তিৱেজাকুল
তনতাৱান তান্তিৱেজাকুল (থাই: ต้นตะวัน ตันติเวชกุล; জন্ম ৭ নৱেম্বৰ ২০০০), গৃহনাম টু (ตู)) এগৰাকী থাই অভিনেত্ৰী আৰু মডেল। তেওঁ GMMTV-ৰ অধীনত চুক্তিবদ্ধ শিল্পী। ২০২১ চনত তেওঁ F4 Thailand: Boys Over Flowers ধাৰাবাহিকত গোৰ্যা চৰিত্ৰত অভিনয় কৰি বহুল পৰিচিতি লাভ কৰে।
-
তনয়া দুবাছ
তনয়া দুবাছ (:Tanya Dubash জন্ম ১৪ ছেপ্টেম্বৰ ১৯৬৮) এগৰাকী ভাৰতীয় ব্যৱসায়ী, আৰু গড্ৰেজ গ্ৰুপৰ কাৰ্যবাহী সঞ্চালিকা আৰু মুখ্য ব্ৰেণ্ড বিষয়া, আৰু ২০০৮ চনত ৰিব্ৰেণ্ডিং কচৰৎ গড্ৰেজ মাষ্টাৰব্ৰেণ্ড ষ্ট্ৰেটেজিৰ দায়িত্ব লোৱাৰ বাবে পৰিচিত।
-
তনুশ্ৰী শংকৰ
তনুশ্ৰী শংকৰ ( Tanusree Shankar; জন্ম: ১৬ মাৰ্চ ১৯৫৬) এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু কৰিঅ’গ্ৰাফাৰ। তেওঁৰ ঘৰ ভাৰতৰ কলকাতাত ঘৰ। ১৯৭০ আৰু ১৯৮০ দশকত আনন্দ শংকৰ চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্টছৰ এগৰাকী আগশাৰীৰ নৃত্যশিল্পী আছিল। ইয়াৰ উপৰিও তেওঁ দ্য নেমছেক আদি বিভিন্ন ছবিত অভিনয় কৰিছিল।
-
তন্ময় ভাট
তন্ময় ভাট (Tanmay Bhat; জন্ম: ২৩ জুন ১৯৮৭) এজন ভাৰতীয় ইউটিউবাৰ, কমেডিয়ান, চিত্ৰনাট্যকাৰ, অভিনেতা, পৰিৱেশক আৰু প্ৰযোজক। তেওঁ গুৰচিমৰান খাম্বাৰ সৈতে সৃষ্টিশীল অনুষ্ঠান AIB (এআইবি)ৰ সহ-প্ৰতিষ্ঠাপক আৰু প্ৰাক্তন চিইঅ'/চিএফঅ'।২০১৮ চনত তেওঁ আমাজন প্ৰাইমত সম্প্ৰচাৰিত ষ্টেণ্ড আপ কমেডী প্ৰতিযোগিতা…
-
তপকেশ্বৰ মন্দিৰ
টপকেস্বৰ মন্দিৰ স্থান: ৩০.৩৫৭২৭২৪°উত্তৰ ৭৮.০১৬৬৭৬৮°পূব টাপকেশ্বৰ মন্দিৰ, যাক টাপকেশ্বৰ মহাদেৱ মন্দিৰ বুলিও কোৱা হয়, ডেৰাডুনৰ এটা মন্দিৰ শিৱক উৎসৰ্গিত। টনছ নদীৰ পাৰত এই মন্দিৰটো প্ৰাকৃতিক গুহাৰ ওপৰত নিৰ্মিত, য'ত মন্দিৰৰ মূল শিৱলিংগ আছে।
-
তপন ডেকা
তপন কুমাৰ ডেকা (Tapan Kumar Deka; জন্ম: ২৫ ফেব্ৰুৱাৰী ১৯৬৩) এগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আৰু বৰ্তমান ভাৰতীয় চোৰাংচোৱা সংস্থাৰ ২৮ সংখ্যক সঞ্চালক প্ৰধান। তেওঁ হিমাচল প্ৰদেশ কেডাৰৰ ১৯৮৮ বৰ্ষৰ (৪১আৰ আৰ) ভাৰতীয় আৰক্ষী সেৱাৰ (আই পি এছ) বিষয়া।
-
তবচ্ছুম আদনান
তবচ্ছুম আদনান (تبسم عدنان; জন্ম ১৯৭৭) স্বাত উপত্যকাৰ এগৰাকী পাকিস্তানী মহিলা অধিকাৰ কৰ্মী। পাকিস্তানী মহিলাসকলৰ ন্যায় বিচৰাৰ প্ৰচেষ্টাৰ বাবে তেওঁ ২০১৫ চনৰ আন্তঃৰাষ্ট্ৰীয় মহিলা সাহস বঁটা লাভ কৰে।
-
তবিথা চলোমন
তবিথা চলোমন ( Tabitha Solomon; জন্ম ১৯০১) কলিকতা ডেণ্টেল কলেজ এণ্ড হস্পিতালৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা ভাৰতৰ প্ৰথম মহিলাসকলৰ ভিতৰত অন্যতম৷ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ চিত্তৰঞ্জন সেৱা সদন চিকিৎসালয়ত এটা দন্ত চিকিৎসা কেন্দ্ৰ আৰম্ভ কৰিছিল আৰু ডাফেৰিন চিকিৎসালয়ত কাম কৰিছিল।
-
তয়াবুন নিছা
তয়াবুন নিছা (Tayabun Nisha) এগৰাকী প্ৰাক্তন এথলীট। তেওঁ ১৯৭১ চনত ভাৰতৰ নৱম ৰাষ্ট্ৰীয় এথলীট প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক পোৱা প্ৰথম অসমীয়া মহিলা খেলুৱৈৰূপে পৰিগণিত হয়। ১৯৭৪ চনত ডিছকাছ থ্ৰ’ত তেওঁ দুৰত্বৰ এক বাৰ বছৰীয়া ৰেকৰ্ড ভাঙিবলৈ সক্ষম হয়।
-
তাছনিয়া ফাৰিণ
তাছনিয়া জামিল ফাৰিণ (ইংৰাজী: Tasnia Zamil Farin; জন্ম: ৩০ জানুৱাৰী ১৯৯৮) এগৰাকী বাংলাদেশী অভিনেত্ৰী, মডেল আৰু গায়িকা।
-
তাজিন আহমেদ
তাজিন আহমেদ (৩০ জুলাই ১৯৭৫ – ২২ মে' ২০১৮) এগৰাকী বাংলাদেশী সাংবাদিক, অভিনেত্ৰী, নাট্যকাৰ, পৰিচালক আৰু নাট্য কৰ্মী আছিল। তেওঁ নাটক শাখাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে ২০০৩ চনৰ বাচছাচ (Bachasas) বঁটা লাভ কৰিছিল।
-
তাত্যানা আফানাচিয়েভা-এহ্ৰেনফেষ্ট
তাত্যানা আলেক্সেয়েভনা আফানাচিয়েভা-এহ্ৰেনফেষ্ট (জন্ম নাম: আফানাছিয়েভা; ১৯ নৱেম্বৰ ১৮৭৬ – ১৪ এপ্ৰিল ১৯৬৪) ৰাছিয়ান-ডাচ গণিতজ্ঞ আৰু পদাৰ্থবিজ্ঞানী আছিল, যিয়ে তেওঁৰ স্বামী পল এহ্ৰেনফেষ্টৰ সৈতে পৰিসংখ্যা বলবিজ্ঞান আৰু পৰিসংখ্যাগত তাপগতিবিদ্যাৰ ক্ষেত্ৰত অৱদান আগবঢ়াইছিল।
-
তানজিম খালিদ চৌধুৰী
তানজিম খালিদ চৌধুৰী (জন্ম ১৯৭৫) হৈছে কৰ্ণেল টেকৰ সমন্বিত স্বাস্থ্য আৰু প্ৰযুক্তিত ৰ’জাৰ আৰু জোৱেল বাৰ্নেল অধ্যাপক। তেওঁৰ গৱেষণাৰ মুখ্য ক্ষেত্ৰ হৈছে এম-হেল্থ, য’ত স্মাৰ্টফোন আদি মোবাইল ডিভাইচ ব্যৱহাৰ কৰি স্বাস্থ্য উন্নত কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। তেওঁৰ জন্ম বাংলাদেশত।
-
তানাজী মালুচাৰে
তানাজী মালুচাৰে(Tanaji Malusare) মাৰাঠা শাসক শিৱাজীৰ এজন সামৰিক সহায়ক আছিল। এজন স্থানীয় কবি তুলসীদাসে সিনহাগড়ৰ যুদ্ধত তানাজীৰ বীৰত্ব আৰু জীৱন ত্যাগৰ বৰ্ণনা কৰি এটা পোৱাদা লিখিছিল। যিয়ে তেতিয়াৰ পৰা তেওঁক মাৰাঠী লোককাহিনীত জনপ্ৰিয় ব্যক্তি কৰি তুলিছে। তেওঁ এটা হিন্দু কলি পৰিয়ালৰ পৰা আহিছিল।
-
তানিকা সৰকাৰ
তানিকা সৰকাৰ (Tanika Sarkar) জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতৰ এগৰাকী ইতিহাসবিদ৷ সৰকাৰৰ কামবোৰে ঔপনিৱেশিক আৰু উত্তৰ-ঔপনিৱেশিকা দক্ষিণ এছিয়াৰ ধৰ্ম, লিংগ আৰু ৰাজনীতিৰ সংযোগস্থলত আৰোপ কৰে আৰু বিশেষকৈ মহিলা আৰু হিন্দুৰ অধিকাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।
-
তানিছা
তানিছা এছ মুখাৰ্জী (জন্ম ৩ মাৰ্চ ১৯৭৮), যাক কেৱল তানিছা নামেৰেও জনা যায়, এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত। মুখাৰ্জী-সমৰ্থ পৰিয়ালৰ এগৰাকী সদস্য তানিছা বোলছবি নিৰ্মাতা ছমু মুখাৰ্জী আৰু অভিনেত্ৰী তনুজাৰ কন্যা তথা অভিনেত্ৰী কাজলৰ কনিষ্ঠ ভগ্নী।
-
তানিয়া চৌধুৰী
তানিয়া চৌধুৰী (Tania Choudhury; জন্ম: ১৯৯৫) এগৰাকী মহিলা আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় ল'ন বলাৰ। তেওঁ গুৱাহাটীৰ বাসিন্দা, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক স্নাতক আৰু অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰী লাভ কৰিছে।
-
তামচিন উইল্টন
টামচিন এলিজাবেথ উইল্টন (Tamsin Wilton; ১৯৫২ – ৩০ এপ্ৰিল ২০০৬) এগৰাকী ইংৰাজ লেচবিয়ান কৰ্মী, আৰু ব্ৰিটেইনৰ প্ৰথম মানৱ যৌনতাৰ অধ্যাপিকা। তেওঁ সমকামী আৰু সমকামী স্বাস্থ্য, সমকামীতালৈ পৰিৱৰ্তনৰ প্ৰক্ৰিয়া, যৌনতা অধ্যয়নৰ ভিতৰত সমকামী বিষয়সমূহক প্ৰান্তীয়কৰণৰ বিষয়ে তেওঁ বিস্তৃতভাৱে গৱেষণা কৰিছিল আৰু…
-
তামাঞ্চা জান
গুলজাৰ বেগম, যাক তামাঞ্চা জান ( Tamancha Jan)(জন্ম ১৯১৮) বুলিও জনা যায়, এজন পাকিস্তানী লোকগায়িকা আছিল। তেওঁ দ্য চিঙিং চাইৰেণ আৰু লাহোৰৰ নাইটিংগেল নামে সুপৰিচিত গৈছিল। ১৯৩০ আৰু ১৯৪০ চনৰ ভাৰতীয় চিনেমাৰ তেওঁ জনপ্ৰিয় নেপথ্য গায়িকা আছিল।
-
তামাৰা জেনকিন্স
তামাৰা জেনকিন্স (ইংৰাজী: Tamara Jenkins; জন্ম: ২ মে', ১৯৬২) এগৰাকী আমেৰিকান চলচ্চিত্ৰ নিৰ্মাতা আৰু মাজে-সময়ে অভিনয় কৰা এগৰাকী অভিনেত্ৰী। তেওঁ মূলত তেওঁৰ কাহিনীচিত্ৰ স্লমছ অৱ বেভাৰ্লী হিলছ (১৯৯৮), দা চেভেজ (২০০৭) আৰু প্ৰাইভেট লাইফ (২০১৮)-ৰ বাবে সৰ্বাধিক পৰিচিত।
-
তামিলিছাই সৌন্দৰাৰাজন
তামিলিছাই সৌন্দৰাৰাজন (: Tamilisai Soundararajan; জন্ম: ২ জুন ১৯৬১) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেখেতে তেলেংগানাৰ দ্বিতীয় গৱৰ্ণৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, আৰু ২০২১ চনৰ ১৮ ফেব্ৰুৱাৰীৰ পৰা ২০২৪ চনৰ ১৮ মাৰ্চলৈকে পুডুচেৰীৰ লেফটেনেণ্ট গৱৰ্ণৰ (অতিৰিক্ত চাৰ্জ) হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
-
তায়ালা আছ
তালায়েহ আশ্ৰাফী (ফাৰ্চী: طلایه اشرفی; ), যাক পেচাগতভাৱে তায়ালা আছ বনামে জনা যায়, এগৰাকী ইৰানী-আমেৰিকান অভিনেত্ৰী। ২০২৪ চনত তেওঁ নাটকত শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ টনি বঁটাৰ বাবে মনোনীত হৈছিল।
-
তালাত বাছাৰী
তালাত বাছাৰী (Talat Basari, ইৰানী কবি আৰু লেখিকা, ১৯২৩ – ১৮ ছেপ্টেম্বৰ ২০২০) আছিল এগৰাকী ইৰানী বাহায়ী ধৰ্মাৱলম্বী কবি, নাৰীবাদী, শিক্ষাবিদ আৰু লেখিকা।
-
তাশি চোদেন
তাশি চোদেন চম্বাল (বা: তাশি চম্বাল দৰ্জী; জন্ম ২৯ মাৰ্চ ১৯৯৮) এজনী ভূটানী ম’ডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতা খিতাপধাৰী। ২০২২ চনত, তেওঁ মিছ ভূটান খিতাপ জিকিছিল, আৰু মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত ভূটানৰ প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ভূটানৰ প্ৰথম গৰাকী মুকলিভাৱে সমকামী ব্যক্তিৰ ভিতৰত অন্যতম।
-
তাহিৰ কুৰেছি
তাহিৰ কুৰেছি পাকিস্তানৰ এজন পৰিৱেশবিদ আছিল। তাহিৰ কুৰেছি এজন মেংগ্ৰোভ মেন বা মেংগ্ৰোভ হিৰো হিচাপে জনাজাত।(জন্ম,১৯৪৬-মৃত্যু,২০২০ চনত, উৰ্দু ভাষাত بائے مینگروز پاکستان) আছিল আই ইউ চি এন আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘ (IUCN International Union for Conservation of Nature) ৰ এজন জ্যেষ্ঠ পাকিস্তানৰ…
-
তাহিৰা মজহৰ আলী
তাহিৰা মাজহাৰ আলী (ইংৰাজী: Tahira Majhar Ali; জন্ম: ৫ জানুৱাৰী ১৯২৪ – ২৩ মাৰ্চ ২০০৫) এগৰাকী পাকিস্তানী মহিলা অধিকাৰ অভিযানকাৰী আৰু এগৰাকী ৰাজনৈতিক কৰ্মী, আৰু বেনজিৰ ভুট্টোৰ গুৰু আছিল৷ তেওঁৰ সন্তানসকলৰ ভিতৰত আছে ব্ৰিটিছ পাকিস্তানী ৰাজনৈতিক কৰ্মী তাৰিক আলী, টাউচিফ হায়াট আৰু অষ্ট্ৰেলিয়াৰ সাংবাদিক…
-
তাহেৰেহ ছাফৰ্জাদেহ
তাহেৰেহ ছাফৰ্জাদেহ (Tahereh Saffarzadeh) (জন্ম, ১৯৩৬ ইৰাণৰ কেৰমান প্ৰদেশৰ চিৰজানত – মৃত্যু,ইৰাণৰ তেহৰাণত ২৫ অক্টোবৰ, ২০০৮) এগৰাকী ইৰাণী কবি, লেখক, অনুবাদিকা আৰু বিশ্ববিদ্যালয়ৰ অধ্যাপিকা আছিল।
-
তাৰকনাথ দাস
তাৰকনাথ দাস (বা তৰক নাথ দাস; ১৫ জুন ১৮৮৪ – ২২ ডিচেম্বৰ ১৯৫৮) এজন ভাৰতীয় বিপ্লৱী আৰু আন্তৰ্জাতিকতাবাদী পণ্ডিত আছিল। উত্তৰ আমেৰিকাৰ পশ্চিম উপকূলত তেওঁ এজন অগ্ৰণী অনুপ্ৰৱেশকাৰী আছিল আৰু টলষ্টয়ৰ সৈতে তেওঁৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিছিল, একে সময়তে এছিয়ান ভাৰতীয় অনুপ্ৰৱেশকাৰীসকলক ভাৰতীয় স্বাধীনতা…
-
তাৰা আলি বেইগ
তাৰা আলি বেইগ ( Tara Ali Baig; ৮ আগষ্ট ১৯১৬ – ১৯৮৯) এগৰাকী সমাজ সংস্কাৰক, লেখক আৰু জেনেভাৰ আন্তৰ্জাতিক শিশু কল্যাণ সংঘৰ প্ৰথম এছীয় মহিলা অধ্যক্ষ আছিল।