তনুশ্ৰী শংকৰ ( Tanusree Shankar; জন্ম: ১৬ মাৰ্চ ১৯৫৬) এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু কৰিঅ’গ্ৰাফাৰ। তেওঁৰ ঘৰ ভাৰতৰ কলকাতাত ঘৰ। ১৯৭০ আৰু ১৯৮০ দশকত আনন্দ শংকৰ চেণ্টাৰ ফৰ পাৰফৰ্মিং আৰ্টছৰ এগৰাকী আগশাৰীৰ নৃত্যশিল্পী আছিল। ইয়াৰ উপৰিও তেওঁ দ্য নেমছেক আদি বিভিন্ন ছবিত অভিনয় কৰিছিল।১
তনুশ্ৰী শংকৰে এতিয়া তনুশ্ৰী শংকৰ নৃত্য কোম্পানীৰ নেতৃত্ব দিয়ে। পৰম্পৰাগত ভাৰতীয় নৃত্যক আধুনিক পশ্চিমীয়া বেলে অভিব্যক্তিৰ সৈতে সংপৃক্ত কৰি তেওঁ আধুনিক ৰূপ এটা বিকশিত কৰিছে। ভাৰতৰ লোক আৰু আঞ্চলিক নৃত্যৰ পৰাও তেওঁ অনুপ্ৰাণিত হৈছে। "থাং-তা"ৰ (মণিপুৰী তৰোৱাল নৃত্য) দৰে চহকী স্থানীয় ভাৰতীয় পৰম্পৰাৰ পৰা তেওঁ বহুলভাৱে সমল আহৰণ কৰিছে।২
তেওঁৰ দলটোৰ সৈতে তেওঁ বিশ্বৰ বিভিন্ন ঠাইলৈ সঘনাই ভ্ৰমণ কৰে। তেওঁৰ শেহতীয়া উল্লেখযোগ্য প্ৰযোজনাৰ ভিতৰত উত্তৰণ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ সংগীতৰ আধাৰত নিৰ্মিত চিৰন্তন অন্যতম।
প্ৰাৰম্ভিক জীৱন
তনুশ্ৰী শংকৰৰ জন্ম হৈছিল কলিকতাত, তেওঁৰ পিতৃ ভাৰতীয় সেনাবাহিনীৰ চিকিৎসক আছিল।৩ তেওঁৰ স্বামী প্ৰয়াত আনন্দ শংকৰ আছিল এজন সংগীত সুৰকাৰ, যিয়ে ফিউজন সংগীতৰ পৰীক্ষা-নিৰীক্ষা কৰিছিল। নৃত্যশিল্পী পণ্ডিত উদয় শংকৰ আৰু অমলা শংকৰৰ পুত্ৰ আৰু চেতাৰ বাদক ৰবি শংকৰৰ ভতিজী। তেওঁৰ শ্ৰীনন্দা শংকৰ নামেৰে এগৰাকী কন্যা আছে।
সন্মান
- ২০১১: সংগীত নাটক একাডেমী বঁটা (সৃষ্টিশীল নৃত্য/কৰিঅ’গ্ৰাফী)।৪
বাহ্যিক সংযোগ
- Tanusree Shankar Dance Company
- Sarah Kaufman, An Indian Oasis Amid Modernity, Washington Post, published Saturday, 22 September 2007, p C05 accessed 23 September 2007
তথ্যসূত্ৰ
- ↑ Tanushree Shankar. sangeetnatak.gov.in
- ↑ TANUSREE SHANKAR DANCES DOWN MEMORY LANE. www.telegraphindia.com
- ↑ TANUSREE SHANKAR DANCES DOWN MEMORY LANE. telegraphindia.com
- ↑ Akademi awards for 47 personalities. deccanherald.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তনুশ্ৰী শংকৰ” প্ৰবন্ধৰ সংশোধন ৪৮৯৭৭১ (৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।