তবিথা চলোমন ( Tabitha Solomon; জন্ম ১৯০১) কলিকতা ডেণ্টেল কলেজ এণ্ড হস্পিতালৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা ভাৰতৰ প্ৰথম মহিলাসকলৰ ভিতৰত অন্যতম৷ স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ চিত্তৰঞ্জন সেৱা সদন চিকিৎসালয়ত এটা দন্ত চিকিৎসা কেন্দ্ৰ আৰম্ভ কৰিছিল আৰু ডাফেৰিন চিকিৎসালয়ত কাম কৰিছিল। বাগদাদী ইহুদী সম্প্ৰদায়ৰ সদস্য হিচাপে ইহুদী সম্প্ৰদায়ৰ কামৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
তবিথা চলোমনৰ জন্ম হৈছিল ১৯০১ চনত ব্ৰিটিছ ভাৰতৰ বাগদাদী ইহুদী প্ৰব্ৰজিত সম্প্ৰদায়ত।১ তেওঁ ভাৰতৰ দন্ত চিকিৎসক হিচাপে যোগ্যতা অৰ্জন কৰা প্ৰথম গৰাকী মহিলা আছিল৷ ১৯২৮ চনৰ ৩০ মাৰ্চত দন্ত বিজ্ঞানত অনুজ্ঞাপত্ৰসহ কলিকতা দন্ত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল (পাছলৈ ডঃ আৰ. আহমেদ দন্ত চিকিৎসা মহাবিদ্যালয়), ১৯২৩ চনত একেখন কলেজৰ পৰা যোগ্যতা অৰ্জন কৰা একমাত্ৰ পূৰ্বৰ মহিলা প্ৰাৰ্থী ফাতিমা আলী জিন্নাৰ পাঁচ বছৰৰ পাছত আৰু ১৯৪৪ চনত লাহোৰৰ ডি'মন্টম'ৰেন্সি কলেজ অৱ ডেন্টিষ্ট্ৰিৰ পৰা দন্ত চিকিৎসাত যোগ্যতা অৰ্জন কৰা বিমলা ছুডৰ ষোল্ল বছৰ আগত তেওঁ এই যোগ্যতা অৰ্জন কৰিছিল৷২৩৪২
কেৰিয়াৰ
চলোমনে ৰফিউদ্দিন আহমেদৰ সৈতে কলিকতা ডেণ্টেল জাৰ্নেলত কাম কৰি চিত্তৰঞ্জন সেৱা সদন হাস্পতালত ডেণ্টেল ক্লিনিক আৰম্ভ কৰে। তেওঁ ডাফেৰিন হাস্পতালত সন্মানীয় পদবীত কাম কৰিছিল।
ইহুদী কাৰ্য্যৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ মহিলা আন্তঃৰাষ্ট্ৰীয় জিয়নিষ্ট সংগঠন (WIZO) আৰু কল্যাণ সমিতি, কলিকতা ইহুদী সংস্থা আৰু বহুসংস্কৃতিৰ কলিকতা মহিলা সমিতিত কাৰ্যনিৰ্বাহ কৰিছিল।৫
ব্যক্তিগত জীৱন
তবিথা চলোমনৰ দুজন পুত্ৰ আৰু এগৰাকী কন্যা আছিল, এৰিক, চাৰ্লছ আৰু হেবে। আভি হৈছে ১৯৫৬ চনত জন্মগ্ৰহণ কৰা চাৰ্লছৰ ডাঙৰ পুত্ৰ।
তথ্যসূত্ৰ
- ↑ Famous People.. aim2excel
- ↑ Fatima, Zareen. (3 May 2020). Vimla Sood, Tabitha Solomon, Fatima Ali Jinnah...Who among them are the first female dentists of India?. HeritageTimes
- ↑ Weil, Shalva. (Ed.). (2019). The Baghdadi Jews in India: Maintaining Communities, Negotiating Identities and Creating Super-Diversity. Routledge. পৃ. 318. ISBN 978-0-429-53387-7
- ↑ Singh. (2014). Beyond Strategies: Cultural Dynamics in Asian Connections. KW Publishers. ISBN 978-93-83649-04-4
- ↑ "Tabitha Solomon: Dentist" in Gayathri Ponvannan. (2019). Unstoppable: 75 Stories of Trailblazing Indian Women. Hachette India. ISBN 978-93-88322-01-0
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তবিথা চলোমন” প্ৰবন্ধৰ সংশোধন ৫৭৪৩০৫ (৫ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।