অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তয়াবুন নিছা

তয়াবুন নিছা (Tayabun Nisha) এগৰাকী প্ৰাক্তন এথলীট। তেওঁ ১৯৭১ চনত ভাৰতৰ নৱম ৰাষ্ট্ৰীয় এথলীট প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক পোৱা প্ৰথম অসমীয়া মহিলা খেলুৱৈৰূপে পৰিগণিত হয়। ১৯৭৪ চনত ডিছকাছ থ্ৰ’ত তেওঁ দুৰত্বৰ এক বাৰ বছৰীয়া ৰেকৰ্ড ভাঙিবলৈ সক্ষম হয়।

হালনাগাদ: ২৬ মাৰ্চ ২০২৬ ১৭০ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

তয়াবুন নিছা (Tayabun Nisha) এগৰাকী প্ৰাক্তন এথলীট। তেওঁ ১৯৭১ চনত ভাৰতৰ নৱম ৰাষ্ট্ৰীয় এথলীট প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক পোৱা প্ৰথম অসমীয়া মহিলা খেলুৱৈৰূপে পৰিগণিত হয়। ১৯৭৪ চনত ডিছকাছ থ্ৰ’ত তেওঁ দুৰত্বৰ এক বাৰ বছৰীয়া ৰেকৰ্ড ভাঙিবলৈ সক্ষম হয়। পৰৱৰ্ত্তীকালত তেওঁ ভালেসংখ্যক আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

শৈশৱ

১৯৫৩ চনত অসমৰ শিৱসাগৰ জিলাৰ ধাই আলিত তয়াবুন নিছাৰ জন্ম হয়। শৈশৱতে তেওঁৰ পিতৃৰ হৃদৰোগত ভুগি অকাল বিয়োগ হয়।১ আৰ্থিক দুৰৱস্থাৰ বাবে নৱম শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁ অ' এন জি ছি মডেল স্কুলত ব্যায়ামৰ শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে।

ক্ৰীড়া

১৯৭১ চনত তয়াবুন নিছাই আহমেদাবাদত অনুষ্ঠিত হোৱা নৱম আন্তৰাজ্যিক এথলীট প্ৰতিযোগিতা (Inter State Athletic Meet) ত অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত তেওঁ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক লাভ কৰা প্ৰথম অসমীয়া মহিলা খেলুৱৈ হোৱাৰ সন্মান লাভ কৰে।২

১৯৭৪ চনত জয়পুৰত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত তেওঁ ২৯.৩২ মিটাৰ দুৰত্বত ডিছকাছ থ্ৰ’ কৰি বাৰ বছৰীয়া এক ৰেকৰ্ড ভংগ কৰিবলৈ সক্ষম হয়। তয়াবুন নিছাই ১৯৮২ চনত অনুষ্ঠিত হোৱা এছিয়ান গেমছতো অংশগ্ৰহণ কৰিছিল। বৰ্তমান তেওঁ অসম এথলেটিকছ এছ’ছিয়েছনৰ উপ-সভাপতি আৰু সাধাৰণ সম্পাদিকা।৩

তথ্যসূত্ৰ

  1. ↑ First woman from Assam to win medals. Twocircles.net
  2. ↑ (30 June 2014). A force of inspiration. The Sentinel
  3. ↑ (8 August 2007). Assam Athletics Association vice-president Tayabun Nisha. The Telegraph

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া ক্ৰীড়াবিদভাৰতৰ এথলীট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তয়াবুন নিছা” প্ৰবন্ধৰ সংশোধন ৫৯৪৭৩১ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।