তাছনিয়া জামিল ফাৰিণ (ইংৰাজী ভাষা: Tasnia Zamil Farin; জন্ম: ৩০ জানুৱাৰী ১৯৯৮) এগৰাকী বাংলাদেশী অভিনেত্ৰী, মডেল আৰু গায়িকা।
পটভূমি
ফাৰিণে পশ্চিমবংগৰ ভাৰতীয় বঙালী চলচ্চিত্ৰ উদ্যোগত কাম কৰিছে। কাৰাগাৰ১ ধাৰাবাহিকত কৰা অভিনয়ৰ বাবে তেওঁ সমালোচকৰ প্ৰশংসা লাভ কৰে আৰু মোস্তফা সৰোৱাৰ ফাৰুকীৰ পৰিচালনাত নিৰ্মিত ৱেব চিৰিজ লেডিজ এণ্ড জেণ্টলমেনৰ মুখ্য চৰিত্ৰৰ জৰিয়তে খ্যাতি লাভ কৰে। তেওঁ এক্স বয়ফ্ৰেণ্ড নাটকৰ বাবেও পৰিচিত। ইয়াৰ উপৰি তেওঁ কেইবাখনো নাটক আৰু মিউজিক ভিডিঅ’ত অভিনয় কৰিছে।২
মিজানুৰ ৰহমান আৰিয়ানৰ পৰিচালনাত নিৰ্মিত ৱেব ফিল্ম নেটৱৰ্কেৰ বাইৰেত তেওঁ 'কথা' চৰিত্ৰত অভিনয় কৰিছিল, যিটো ২০২১ চনৰ ১৯ আগষ্টত মুক্তি পাইছিল।৩ ২০২২ চনত ফাৰিণ অতনু ঘোষৰ পৰিচালনাত নিৰ্মিত বঙালী চলচ্চিত্ৰ আৰো এক পৃথিৱীৰ জৰিয়তে ভাৰতীয় চলচ্চিত্ৰ জগতত খোজ পেলায়।৪
২০২২ চনত তেওঁ লেডিজ এণ্ড জেণ্টলমেনত কৰা অভিনয়ৰ বাবে চেনেল আই ডিজিটেল মিডিয়া বঁটাৰ শ্ৰেষ্ঠ অভিনেত্ৰী (ৱেব চিৰিজ) আৰু শ্ৰেষ্ঠ উদীয়মান মহিলা অভিনেতাৰ বঁটা লাভ কৰে।৫ একে বছৰতে তেওঁ তিথিৰ অসুখত কৰা অভিনয়ৰ বাবে মেৰিল-প্ৰথম আলো সমালোচক বঁটাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ অভিনেত্ৰীৰ সন্মান লাভ কৰে।৬
ব্যক্তিগত জীৱন
তাছনিয়া ফাৰিণ ২০২৩ চনৰ ১১ আগষ্টত শ্বেখ ৰিজৱানৰ সৈতে বিবাহপাশত আবদ্ধ হয়। শৈশৱৰেপৰা তেওঁ এগৰাকী গায়িকা হোৱাৰ হেঁপাহ পুহি ৰাখিছিল আৰু নিজাকৈ কিছু সংগীত মুক্তি দিছে। তেওঁ মেগাজিন অনুষ্ঠান ইত্যাদিত তাহচান খানৰ সৈতে "ৰঙে ৰঙে ৰঙীন হবো" গীতটো পৰিৱেশন কৰিছিল।৭
কৰ্মজীৱন
২০১৭ চনত আমৰা আৰু ফিৰবো কবে নাটকৰ জৰিয়তে ফাৰিণ টেলিভিছনত আত্মপ্ৰকাশ কৰে। মাকৰ উৎসাহতে তেওঁ অভিনয় আৰম্ভ কৰিছিল। ২০১৮ চনত তেওঁ মাশ্ৰাফি মৰ্তজাৰ সৈতে বিকাশৰ এটা বিজ্ঞাপনত কাম কৰিছিল। ২০১৯ চনৰ ভেলেণ্টাইন ডে’ত সম্প্ৰচাৰিত হোৱা এক্স বয়ফ্ৰেণ্ড নাটকখনে তেওঁৰ জনপ্ৰিয়তা বৃদ্ধি কৰে। তেওঁ বিভিন্ন বাংলাদেশী নাটকত অভিনয় কৰিছে। ইয়াৰ উপৰি তেওঁ ZEE5-ৰ ৱেব চিৰিজ লেডিজ এণ্ড জেণ্টলমেন আৰু ট্ৰোলত অভিনয় কৰিছে।
চলচ্চিত্ৰপঞ্জী
চলচ্চিত্ৰ
- নেটৱৰ্কেৰ বাইৰে (২০২১) - কথা
- তিথিৰ অসুখ (২০২২) - তিথি
- আৰো এক পৃথিৱী (২০২২) - প্ৰতীক্ষা
- কাছেৰ মানুষ দূৰে থুইয়া (২০২৪) - সাথী
- ফাতিমা (২০২৪) - ফাতিমা
ৱেব চিৰিজ
- লেডিজ এণ্ড জেণ্টলমেন (২০২১) - সাব্ৰিলা
- কাৰাগাৰ (২০২২) - মহা
- সিণ্ডিকেট (২০২২) - অদিতি
তথ্যসূত্ৰ
- ↑ bn:ভালোবাসা দিবসে 'বয়ফ্ৰেণ্ড'. The Daily Ittefaq
- ↑ Farin, Tasnia. bn:মানুষ এখন ফটোগ্ৰাফ চায় অটোগ্ৰাফ না. Prothom Alo
- ↑ (2021-08-22). bn:প্ৰশংসায় ভাসছে 'নেটওয়াৰ্কেৰ বাইৰে'. Prothom Alo
- ↑ bn:কলকাতাৰ সিনেমায় ফাৰিন, শুটিং লণ্ডনে · বিনোদন. Somoy News
- ↑ bn:'আইসিটি-চ্যানেল আই ডিজিটাল মিডিয়া অ্যাওয়াৰ্ড' পেলেন যাৰা-. Manab Zamin
- ↑ (29 May 2022). bn:প্ৰথমবাৰ পুৰস্কাৰ. Prothom Alo
- ↑ bn:এবাৰ নায়িকা থেকে গায়িকা হচ্ছেন তাসনিয়া ফাৰিন. Dhaka Times 24
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাছনিয়া ফাৰিণ” প্ৰবন্ধৰ সংশোধন ৬০৪১৩০ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।