অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তাৰা আলি বেইগ

তাৰা আলি বেইগ ( Tara Ali Baig; ৮ আগষ্ট ১৯১৬ – ১৯৮৯) এগৰাকী সমাজ সংস্কাৰক, লেখক আৰু জেনেভাৰ আন্তৰ্জাতিক শিশু কল্যাণ সংঘৰ প্ৰথম এছীয় মহিলা অধ্যক্ষ আছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ২২৯ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

তাৰা আলি বেইগ ( Tara Ali Baig; ৮ আগষ্ট ১৯১৬ – ১৯৮৯) এগৰাকী সমাজ সংস্কাৰক, লেখক আৰু জেনেভাৰ আন্তৰ্জাতিক শিশু কল্যাণ সংঘৰ প্ৰথম এছীয় মহিলা অধ্যক্ষ আছিল।

ব্যক্তিগত জীৱন

১৯১৬ চনৰ ৮ আগষ্টত মুচৌৰীত তাৰা আলি বেইগৰ জন্ম হয়। তেওঁ ছুইজাৰলেণ্ড, দাৰ্জিলিং আৰু ঢাকাত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ কূটনীতিবিদ মিৰ্জা ৰছিদ আলি বেইগৰ সৈতে বিয়াপাশত আবদ্ধ হৈছিল। তেওঁ বিখ্যাত শিল্পী অঞ্জলি ইলা মেননৰ পেহীয়েক।১

সামাজিক জীৱন

১৯৩৭ চনত মহিলাসকলৰ সামাজিক আৰু অৰ্থনৈতিক অক্ষমতা পৰীক্ষা কৰা এটা গোটৰ আহ্বায়ক হিচাপে তেওঁক প্ৰথম পৰিকল্পনা সমিতিত নিযুক্তি দিয়া হয়। স্বাধীনতাৰ পিছত কম সময়ৰ ভিতৰত তেওঁৰ স্বামী মিৰ্জা ৰচিদ আলি বেইগক বিদেশত নিযুক্তি দিয়া হয়। বিদেশত থকা সময়চোৱাত তেওঁ ইণ্ডোনেছিয়াত মহিলা আন্তঃৰাষ্ট্ৰীয় ক্লাব আৰু পিছলৈ ইৰানতো একেধৰণৰ ক্লাব প্ৰতিষ্ঠা কৰে। যেতিয়া তেওঁৰ স্বামী দিল্লীত প্ৰট’কলৰ মুৰব্বী হৈছিল, তেতিয়া তেওঁ ইণ্ডিয়ান কাউন্সিল ফৰ চাইল্ড ৱেলফেয়াৰ গঠন কৰে আৰু পিছলৈ তেওঁ এই সংগঠনটোৰ অধ্যক্ষ হয়। তেওঁ ইন্দিৰা গান্ধীক ৰাষ্ট্ৰপতি ভৱনত আয়োজিত চৰকাৰী ভোজৰ অনুষ্ঠানৰ মনোৰঞ্জনৰ শৈলী ভাৰতীয়কৰণতো সহায় কৰিছিল। ১৯৭৭ চনত জেনেভাত অৱস্থিত আন্তৰ্জাতিক শিশু কল্যাণ সংঘৰ (International Union for Child Welfare ) অধ্যক্ষ নিৰ্বাচিত হয়। এই পদত অধিষ্ঠিত হোৱা তেৱেঁ প্ৰথম এছিয়ান আৰু প্ৰথম মহিলা। তিব্বেতান হোমছ ফাউণ্ডেশ্যনৰ সদস্য আৰু ১৯৬৭ চনৰ পৰা ১৯৮৯ চনলৈ ২২ বছৰ ভাৰতীয় এছ অ’এছ শিশু গাঁৱৰ অধ্যক্ষ আছিল।১

১৯৬৮ চনত অষ্ট্ৰিয়াৰ এছ অ’এছ কিণ্ডাৰডৰ্ফ ইণ্টাৰনেশ্যনেলৰ উপাধ্যক্ষ পদত অধিষ্ঠিত হয়। ১৯৭৫ চনৰ পৰা তেওঁ ৰাষ্ট্ৰীয় শিশু ব’ৰ্ডৰ সদস্য ৰূপে কাৰ্যনিৰ্বাহ কৰে। তেওঁ ভাৰতৰ পঞ্চবাৰ্ষিকী পৰিকল্পনাৰ অন্তৰ্গত শিশু কল্যাণ নীতিৰ ৰূপৰেখা প্ৰস্তুত কৰা এগৰাকী অন্যতম স্থপতি আছিল। আকাশবাণীত তেওঁৰ বাৰ্তালাপ আৰু দূৰদৰ্শনত তেওঁ প্ৰস্তুত কৰা ঐতিহাসিক আৰু সাংস্কৃতিক কাৰ্যসূচীবোৰে অতিশয় জনপ্ৰিয়তা পাইছিল।

১৯৬৫ চনত তেহৰাণ স্কুল অফ ছ’চিয়েল ৱৰ্কে তেওঁ সন্মানীয় ডিগ্ৰী প্ৰদান কৰে। ১৯৮৪ চনত আন্তঃৰাষ্ট্ৰীয় শিশু কল্যাণ সংঘৰ পৰা সোণৰ পদক আৰু বিশেষ বঁটা, একে বছৰতে শিশু কল্যাণৰ বাবে ৰাষ্ট্ৰীয় বঁটা; আৰু ১৯৮৮ চনত কানাডাৰ আলবাৰ্টা বিশ্ববিদ্যালয়ৰ পৰা আইনৰ সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰে।

ৰচনাৰাজি

তাৰা আলি বেইগে বহু কেইখন গ্ৰন্থও প্ৰণয়ন কৰিছে। ইয়াৰ ভিতৰত নাৰীবাদী আৰু শিশু বিষয়ক ৰচনাও আছে। তেওঁৰ কিছুমান উল্লেখযোগ্য গ্ৰন্থ হ’ল- অটোবায়োগ্ৰাফিকেল পোৰ্ট্ৰেইট অফ এন এৰা;২ দ্য বায়োগ্ৰাফী সৰোজিনী নাইডু; দ্য মুন ইন ৰাহু: এন একাউণ্ট অফ দ্য ভোৱাল সন্নাসী কেচ; ৱুমেন অফ ইণ্ডিয়া আৰু ইণ্ডিয়াজ্ ৱুমেন পাৱাৰ। লগতে আছে শিশু গ্ৰন্থ- ইন্দ্ৰানী; দ্য এনছাণ্টেড জাংগ’ল আৰু দ্য ফৰবিদেন ছি।৩

তথ্যসূত্ৰ

  1. ↑ "SOS India pays homage to Tara Ali Baig on her memorial day"
  2. ↑ S. Nihal Singh "Superb cameos: Book Review: Tara Ali Baig's Portraits of an Era". India Today, 28 February 1989 Accessed 9 November 2014
  3. ↑ worldCat author listing

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীভাৰতীয় সাহিত্যিকনাৰীবাদী লেখক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাৰা আলি বেইগ” প্ৰবন্ধৰ সংশোধন ৩৮১২৪৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।