অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তানিয়া চৌধুৰী

তানিয়া চৌধুৰী (Tania Choudhury; জন্ম: ১৯৯৫) এগৰাকী মহিলা আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় ল'ন বলাৰ। তেওঁ গুৱাহাটীৰ বাসিন্দা, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক স্নাতক আৰু অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰী লাভ কৰিছে।

হালনাগাদ: ৩১ অক্টোবৰ ২০২৬ ১৫৪ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

তানিয়া চৌধুৰী (Tania Choudhury; জন্ম: ১৯৯৫) এগৰাকী মহিলা আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় ল'ন বলাৰ।১ তেওঁ গুৱাহাটীৰ বাসিন্দা, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক স্নাতক আৰু অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰী লাভ কৰিছে।

কেৰিয়াৰ

কমনৱেলথ গেমছ

চৌধুৰীয়ে ২০২২ চনলৈ তিনিখনকৈ কমনৱেলথ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ ২০১০ চনৰ কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা আটাইতকৈ কম বয়সীয়া ল'ন বল খেলুৱৈ হিচাপে পৰিগণিত হৈছিল।২ উক্ত প্ৰতিযোগিতাত তেওঁৰ তিনিজনীয়া দলটোৱে পুল বিৰ শীৰ্ষস্থান দখল কৰিছিল যদিও ইংলেণ্ডৰ হাতত পৰাস্ত হোৱাৰ পিছত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পৰা বঞ্চিত হৈছিল। চাৰি বছৰৰ পিছত তেওঁ ২০১৪ চনৰ কমনৱেলথ গেমছত পুনৰ অংশগ্ৰহণ কৰে।৩

২০২২ চনত তেওঁ বাৰ্মিংহামৰ কমনৱেলথ গেমছত মহিলাৰ একক আৰু মহিলাৰ তিনিজনীয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।৪

বিশ্ব চেম্পিয়নশ্বিপ

তেওঁ ২০২০ চনত অষ্ট্ৰেলিয়াত অনুষ্ঠিত বিশ্ব আউটড'ৰ বলছ চেম্পিয়নশ্বিপৰ বাবেও নিৰ্বাচিত হয়।৫

এছিয়া পেচিফিক

এছিয়া পেচিফিক বলছ চেম্পিয়নশ্বিপত চৌধুৰীয়ে তিনিটাকৈ পদক লাভ কৰিছে। ২০০৯ চনত তেওঁ চাৰিজনীয়া দলৰ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক পোৱাৰ উপৰি কুইন্সলেণ্ডৰ গোল্ড কোষ্টত অনুষ্ঠিত ২০১৯ চনৰ এছিয়া পেচিফিক বলছ চেম্পিয়নশ্বিপত একক আৰু তিনিজনীয়া শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল।৬৭

তথ্যসূত্ৰ

  1. ↑ profile. Commonwealth Games Federation
  2. ↑ Meet the Young Guwahatian - Tania Choudhury (Lawn Bowl Player). Guwahati Daily News
  3. ↑ Athletes and results. Commonwealth Games Federation
  4. ↑ Official Games profile. 2022 Commonwealth Games
  5. ↑ 2020 WORLD BOWLS CHAMPIONSHIPS: COMPETING COUNTRIES. Bowls Australia
  6. ↑ Results Portal. Bowls Australia
  7. ↑ 2019 ASIA PACIFIC CHAMPIONSHIPS: FRIDAY FINALS WRAP. World Bowls

সম্পৰ্কিত শ্ৰেণী

অসমীয়া ক্ৰীড়াবিদমহিলা খেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তানিয়া চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৬০৫৭৭৪ (১১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।