তনয়া দুবাছ (:Tanya Dubash জন্ম ১৪ ছেপ্টেম্বৰ ১৯৬৮) এগৰাকী ভাৰতীয় ব্যৱসায়ী, আৰু গড্ৰেজ গ্ৰুপৰ কাৰ্যবাহী সঞ্চালিকা আৰু মুখ্য ব্ৰেণ্ড বিষয়া, আৰু ২০০৮ চনত ৰিব্ৰেণ্ডিং কচৰৎ গড্ৰেজ মাষ্টাৰব্ৰেণ্ড ষ্ট্ৰেটেজিৰ দায়িত্ব লোৱাৰ বাবে পৰিচিত। তেওঁ গড্ৰেজ ইণ্ডাষ্ট্ৰীজ লিমিটেড, গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড আৰু গড্ৰেজ এগ্ৰ'ভেট লিমিটেডৰ ব'ৰ্ডত আছে।১ ভাৰতীয় মহিলা বেংকৰ ব’ৰ্ড মেম্বাৰ আৰু ব্ৰাউন ইউনিভাৰ্চিটিৰ ট্ৰাষ্টী আছিল। তেওঁ উদ্যোগপতি আদি গোড্ৰেজৰ জ্যেষ্ঠ কন্যা।২৩
শিক্ষা
দুবাছে দ্য কেথেড্ৰেল এণ্ড জন কনন স্কুলত পঢ়িছিল, আৰু এ.বি. (com laude) আমেৰিকাৰ ব্ৰাউন বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে আৰু হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ প্ৰাক্তন ছাত্ৰী।৪
কেৰিয়াৰ
তনয়া দুবাছ গদ্ৰেজ ইণ্ডাস্ট্ৰিজ লিমিটেডৰ কাৰ্যবাহী পৰিচালক আৰু মুখ্য ব্ৰেণ্ড অধিকাৰী হিচাপে দায়িত্ব পালন কৰি আছে। তেওঁ গদ্ৰেজ গ্ৰুপৰ ব্ৰেণ্ডিং আৰু যোগাযোগ ব্যৱস্থাপনা, বিশেষকৈ গদ্ৰেজ মাস্টাৰব্ৰেণ্ডৰ দিশসমূহ নিৰ্দেশনা দিয়ে।৫ তেওঁ গদ্ৰেজ ৰিম'ট ছাৰ্ভিচেছ লিমিটেড আৰু এনছেম্বল হ’ল্ডিংছ & ফাইনেন্স লিমিটেডৰ পৰিচালক। লগতে, তেওঁ গদ্ৰেজ ইণ্ডাস্ট্ৰিজ লিমিটেড, গদ্ৰেজ কঞ্জিউমাৰ প্ৰডাক্টছ লিমিটেড, গদ্ৰেজ এগ্ৰোভেট লিমিটেড, আৰু গদ্ৰেজ ফাইনেন্স লিমিটেডৰো পৰিচালনা পৰ্ষদ সদস্য।৬
অন্যান্য ব’ৰ্ড আৰু কমিটী
তনয়া ২০১২ চনৰ পৰা ২০১৮ চনৰ ভিতৰত ব্ৰাউন বিশ্ববিদ্যালয়ৰ ট্ৰাষ্টী আছিল।৭ ব্ৰাউন ইণ্ডিয়া এডভাইজাৰী কাউন্সিলৰ সদস্য[8] আৰু ৱাটছন ইনষ্টিটিউটৰ তত্বাৱধায়ক মণ্ডলীৰ সদস্য।৮ দুবাছে ২০১৩ চনৰ নৱেম্বৰৰ পৰা ২০১৫ চনৰ মে' মাহৰ ভিতৰত ভাৰতীয় মহিলা বেংকৰ ব'ৰ্ডৰ সদস্য আছিল।৯ তেওঁ কাষ্টমাৰ ভেল্যু ফাউণ্ডেশ্যন, এআইইএছইচি ইণ্ডিয়া আৰু ইণ্ডিয়া@৭৫ৰ ব'ৰ্ডত আছে।১০ ব্ৰিটানিয়া,১১ এস্কৰ্টছ আৰু গ' এয়াৰলাইন্সৰ ব'ৰ্ডতো তেওঁ আছে।১২ Escorts, and Go Airlines.১৩১৪
স্বীকৃতি
২০০৭ চনত বিশ্ব অৰ্থনৈতিক মঞ্চই তেওঁক যুৱ গ্ল'বেল লিডাৰ হিচাপে স্বীকৃতি দিয়ে।২০১০ চনৰ ইণ্ডিয়া টুডে কনক্লেভত দুবাছে বাস্তৱ আৰু আদৰ্শবাদৰ মাজৰ সংঘাতৰ বিষয়ে কয়।১৫
ব্যক্তিগত জীৱন
তনয়া, মাতৃ আদি আৰু পিতৃ পাৰ্মেশ্বৰ গোদ্ৰেজৰ প্ৰথম সন্তান। তেওঁৰ দুজন সৰু ভাই-ভনী আছে, এগৰাকী ভগ্নী নিছাবা গড্ৰেজ, যি গড্ৰেজ কনজিউমাৰ প্ৰডাক্টৰ অধ্যক্ষ আৰু এজন ভাতৃ পিৰোজছা আদি গড্ৰেজ, যিয়ে ব্যৱসায়িক সাম্ৰাজ্যৰ ৰিয়েল এষ্টেট শাখা গড্ৰেজ প্ৰপাৰ্টিজৰ মুৰব্বী।১৬ ১৯৯৭ চনত তেওঁ এজন উদ্যোগপতি অৰবিন্দ দৰব দুবাছৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১৭ তেওঁলোকৰ দুই পুত্ৰ আৰিয়ান আৰু আজাৰৰ সৈতে মুম্বাইত থাকে।১৮
তথ্যসূত্ৰ
- ↑ Joshi, Devina. (15 December 2014). I don't think first-mover advantage is overrated: Tanya Dubash. Business Standard
- ↑ (18 September 2015). MPW 2015: Tanya Dubash is changing Godrej Group into a brand for the young. www.businesstoday.in
- ↑ Tanya Dubash - Non-Executive Director at Godrej Consumer Products Ltd
- ↑ Chandna, Himani. Faces Who Count. BW Businessworld
- ↑ Godrej Group questions what freedom really means today in new Independence Day campaign - Exchange4media. Indian Advertising Media & Marketing News – exchange4media
- ↑ (18 September 2015). MPW 2015: Tanya Dubash is changing Godrej Group into a brand for the young. www.businesstoday.in
- ↑ Ms. Tanya Dubash. www.escortsgroup.com
- ↑ Chandna, Himani. Faces Who Count. BW Businessworld
- ↑ Board of Governors · Watson Institute. Watson Institute for International and Public Affairs
- ↑ Oommen A. Ninan. (19 November 2013). First women bank takes off. The Hindu
- ↑ Chandna, Himani. Faces Who Count. BW Businessworld
- ↑ (2019-02-08). Adi Godrej's daughter Tanya Dubash appointed additional director of Britannia Industries. Firstpost
- ↑ Tanya Dubash - Summarized by Plex.page · Content · Summarization. Plex.page
- ↑ Ms. Tanya Dubash. www.escortsgroup.com
- ↑ India Today Conclave. (2011-03-02). Tanya A. Dubash speech at the India Today Conclave 2010 part 1
- ↑ Pirojsha Godrej takes over as Godrej Properties chairman. forbesindia.com
- ↑ Parmeshwar Godrej celebrates her daughters wedding by throwing 19 parties in a row. indiatoday.intoday.in
- ↑ (11 October 2016). Parmeshwar Godrej: A woman of many talents, an icon, an inspiration. firstpost
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তনয়া দুবাছ” প্ৰবন্ধৰ সংশোধন ৫০১৬৯২ (৩ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।