গুলজাৰ বেগম, যাক তামাঞ্চা জান ( Tamancha Jan)(জন্ম ১৯১৮) বুলিও জনা যায়, এজন পাকিস্তানী লোকগায়িকা আছিল। তেওঁ দ্য চিঙিং চাইৰেণ আৰু লাহোৰৰ নাইটিংগেল নামে সুপৰিচিত গৈছিল।১ ১৯৩০ আৰু ১৯৪০ চনৰ ভাৰতীয় চিনেমাৰ তেওঁ জনপ্ৰিয় নেপথ্য গায়িকা আছিল।২৩
আদি জীৱন
১৯১৮ চনত ব্ৰিটিছ অধিকৃত ভাৰতৰ লাহোৰ প্ৰদেশৰ হীৰা মাণ্ডীৰ সংগীতজ্ঞ পৰিয়াল এটাত গুলজাৰে জন্মগ্ৰহণ কৰিছিল। তেওঁ সেই সময়ৰ বিখ্যাত গায়িকা চৰ্দাৰ বেগমৰ কন্যা। সাত বছৰ বয়সৰ পৰাই তামাঞ্চাই গজল শিকিবলৈ আৰম্ভ কৰিছিল আৰু উস্তাদ ফিদা হুছেইনে তেওঁক প্ৰশিক্ষণ দিছিল।৩ পিছলৈ কেইবাবছৰ সংগীতৰ প্ৰশিক্ষণৰ অন্তত গুলজাৰৰ পৰা তেওঁৰ নাম তামাঞ্চা জানলৈ সলনি কৰে। তেওঁ নিজাকৈ সংগীতশালা খুলিছিল আৰু ৰিয়াজ বজোৱাৰ লগতে সংগীতৰ পাঠৰ অনুশীলনও কৰিছিল।৩
গুলজাৰৰ ডাঙৰ ভাতৃ উমৰ হায়াত ১৯৪০ চনৰ ভিতৰত হীৰা মণ্ডী বজাৰৰ চৌধুৰী আছিল। ১৯৩০ চনত সংগীত নিৰ্দেশক গুলাম হাইদৰএ নতুন গায়ক বিচাৰি আছিল আৰু তেওঁ পাঞ্জাবী লোকগীতৰ প্ৰতি মুগ্ধ হৈছিল৷ তাৰ পিছত তেওঁ তামঞ্চা জানৰ কথা শুনিছিল আৰু তেওঁৰ খ্যাতি দেখি তেওঁ আপ্লুত হৈছিল৷ সেয়ে, তেওঁ তেওঁক লাহোৰ ৰেডিঅ’ ষ্টেচনত অডিচনৰ বাবে নিমন্ত্ৰণ জনাইছিল; আৰু গুলজাৰে সেইটো গ্ৰহণ কৰিছিল। তেওঁ অডিচন দিয়াৰ পিছত গুলাম হাইদৰে তেওঁৰ গভীৰ কণ্ঠ ভাল পাইছিল; আৰু তেওঁ প্ৰথম মাইক্ৰ'ফোনত গীতটো ৰেকৰ্ডিং কৰিছিল আৰু নিজকে মিছ তামাঞ্চা জান হিচাপে পৰিচয় দিছিল।৪
কৰ্মজীৱন
১৯৩৫ চনত তেওঁ পাঞ্জাবী ছবি শ্বেলা এলিয়াছ পিণ্ড দি কুৰীত প্ৰথম নেপথ্য গায়িকা হিচাপে কাম কৰে আৰু তেওঁ জগ্গা জামিমিয়া টাই মিলান শীৰ্ষক গীতটো গায়, যিটো পঞ্জাৱত সেইসময়ৰ অতি জনপ্ৰিয় গীত আছিল। তেওঁ লুং এ জা পতন চানান্ গীতটোও গাইছিল, যিটো প্ৰথমে নূৰ জেহানে শ্বেলা এলিয়াছ পিণ্ড ডি কুৰী ছবিত গাইছিল যদিও ইয়াক গ্ৰাম'ফোন ৰেকৰ্ডত মুক্তি দিয়া হোৱা নাছিল।৪৫ তেওঁ আগতে জেনোফোন ৰেকৰ্ডছত কাম কৰিছিল আৰু তাৰ পিছত তেওঁ লাহোৰৰ কলম্বিয়াত অনাৰকলীকে ধৰি আন কিছুমান কোম্পানীত কাম কৰিছিল আৰু লাহোৰৰ ৰেডিঅ'ত গজল গাইছিল।৪
১৯৩৭ চনত তেওঁ শ্বামছাদ বেগম, জিনাত বেগম, উমৰাও জিয়া বেগম আৰু সুৰিন্দৰ কৌৰৰ সৈতে ১৬ ডিচেম্বৰত ৰেডিঅ' লাহোৰত তেওঁ এটা গীত গাইছিল, যিটো গীত কৰতাৰ সিং ডুগলৰ এটা পাঠ্য কাহিনীৰ আধাৰত লিখা হৈছিল।৪ ১৯৩০ চনত তেওঁ নিয়মিতভাৱে অল ইণ্ডিয়া ৰেডিঅ'ত গীত পৰিৱেশন কৰিছিল।৬
তাৰ পিছত পিছৰ বছৰত তেওঁ দলসুখ এম পাঞ্চোলি ৰ বাবে কাম কৰে আৰু ষ্টুডিঅ'ই প্ৰথমখন পাঞ্জাবী ছবি মুক্তি দিয়ে। ইয়াক ৱালী চাহাবে লিখিছিল, যিখনৰ পৰিচালনা কৰিছিল বৰকত মেহৰা আৰু প্ৰযোজক আছিল দলসুখ এম পাঞ্চোলি। ছবিখনৰ সংগীতৰ ৰচনা কৰিছিল গুলাম হাইদৰ (সুৰকাৰ) আৰু তেওঁ গাইছিল ঘুক মেৰী কিছমাত ছ' গেই জৰূৰ ওয়ে গীতটো। লাহোৰৰ “আপাৰ মল’’ত এই ছবিখন প্ৰদৰ্শিত হৈছিল।৪ চিনেমাখন বক্স অফিচত “চুপাৰ-ডুপাৰ হিট’’ হোৱাৰ লগতে তেওঁৰ গীতটো জনপ্ৰিয় হৈছিল।৭
১৯৪২ চনত দলসুখ এম পাঞ্চোলি ষ্টুডিঅ'ত উৰ্দু ছবি খণ্ডনএ মুক্তি পায়। তেওঁ জনপ্ৰিয় গীত তু কন ছি বদলি মেইন মেৰে চান্দ হায় ৰেকৰ্ডিং কৰে, যিটো প্ৰথমে গোৱা হৈছিল নুৰজাহানৰ কণ্ঠেৰে আৰু গ্ৰামোফোনত মুক্তি পাই ই অতি জনপ্ৰিয় হৈ পৰিছিল। তেওঁৰ গীতটো পিছত প্ৰযোজকসকলে ছবিখনত সংযোজন কৰিছিল।৮৪
১৯৪৩ চনত চলচ্চিত্ৰ পৰিচালক নাজিৰে তেওঁৰ ছবি হীৰ ৰঞ্জাৰ বাবে নতুন অভিনেত্ৰী বিচাৰিছিল। সেয়ে, তেওঁ তেওঁক তেওঁৰ প্ৰযোজিত ছবিখনত অভিনয় কৰিবলৈ কৈছিল, কিন্তু তেওঁ সেই প্ৰস্তাৱ নাকচ কৰিছিল যদিও তেওঁক কৈছিল যে, তেওঁ তেওঁৰ ছবিখনত গীত গাব। তাৰ পিছত নাজিৰে হীৰৰ চৰিত্ৰত অভিনয় কৰিবলৈ স্বৰণ লতা (অভিনেত্ৰী)ক লয়। ছবিখন সম্পূৰ্ণ হওঁতে পলম হয় যদিও ১৯৪৩ চনৰ শেষৰ ফালে মুক্তি পায়।৮৪
১৯৪০ চনৰ সময়ছোৱাত তেওঁ দ্য নাইটিংগেল অৱ লাহোৰ নামেৰে পৰিচিত এগৰাকী বিখ্যাত গায়িকা হৈ পৰিছিল। ৰেডিঅ’ আৰু সংগীতানুষ্ঠানত তেওঁ গজল আৰু লোকগীত গাইছিল।৪ ভাৰত বিভাজনৰ পিছত গুলজাৰ পাকিস্তানলৈ গুচি যায় আৰু তেওঁ নিজৰ সংগীতশালা আৰু কিছুমান অনুষ্ঠান ৰেডিঅ' পাকিস্তানতো গান গাই থাকিল।৮ ১৯৫০ চনত তেওঁ সংগীতশালা বন্ধ কৰি অৱসৰ লয় আৰু তাৰ পিছত তেওঁ এগৰাকী কন্যাৰ লগত মডেল টাউন থাকিবলৈ যায়।৩
১৯৯৭ চনত তেওঁৰ পুৰণি বন্ধু আৰু অনুৰাগী প্ৰাণক লগ পায়। প্ৰাণ নেভিলে কম বয়সৰ পৰাই তামাঞ্চাক লগ পাবলৈ গৈছিল। প্ৰাণৰ আগত তেওঁ এটা বিশদ সাক্ষাৎকাৰ দিছিল। পিছলৈ প্ৰাণে Nautch Girls of India আৰু Lahore: A Sentimental Journey নামৰ কিতাপত তেওঁৰ বিষয়ে লিখিছিল।৯১০
গুলজাৰ বিবাহিতা আছিল আৰু তেওঁৰ চাৰিটা সন্তান আছিল।৮
লাহোৰৰ নিজা ঘৰত ২০ অক্টোবৰ ২০০৮ চনত তেওঁৰ মৃত্যু হয়।৮
তথ্যসূত্ৰ
- ↑ (March 7, 2023). Chalta phirta Lahore. The News International
- ↑ The Women of Punjab. Chic Publications. পৃ. 54
- ↑ (February 15, 2023). Spectrum. The Sunday Tribune
- ↑ (May 1, 2023). The Legend of Tamancha Jan. Academy of the Punjab in North America
- ↑ (November 21, 2023). Tamancha Jan a famous singer. Pakistan Film Magazine
- ↑ Lahore: A Sentimental Journey. Penguin Books. পৃ. 179
- ↑ (April 2, 2023). Gul Bakavli. Pakistan Film Magazine
- ↑ (2010). گلوکارہ تمانچا جان. Nigar Magazine. পৃ. 167
- ↑ Lahore: A Sentimental Journey. Penguin Books. পৃ. 57
- ↑ (January 10, 2023). FESTIVAL: Nostalgic meanderings. Dawn Newspaper
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তামাঞ্চা জান” প্ৰবন্ধৰ সংশোধন ৬০৪১৩২ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।